ETV Bharat / entertainment

Asha Bhosle birthday: কেৱল গীততেই নহয় পাকঘৰৰ কামতো পাকৈত আশা ভোছলে - Asha Bhosle age

আজি প্ৰবীণ কণ্ঠশিল্পী আশা ভোছলেৰ ওপজা দিন (Asha Bhosle birthday) । প্ৰায় 80 বছৰ ধৰি সংগীত ক্ষেত্ৰখনলৈ নিজৰ অৱদান আগবঢ়াই আহিছে তেওঁ । গান গোৱাৰ সমান্তৰালকৈ ৰন্ধা-বঢ়াৰ প্ৰতিও আছে তেওঁৰ অন্য এক আকৰ্ষণ । তেওঁলোকৰ কেইবাখনো ৰেষ্টুৰেণ্ট বিদেশত অৱস্থিত । আশা ভোছলেই নিজেই নিজৰ হোটেলৰ ৰান্ধনি সকলক ৰন্ধনকাৰ্য শিকাইছিল ।

Asha Bhosle
কিটচেন কুইন
author img

By

Published : Sep 8, 2022, 7:10 PM IST

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ: প্ৰবীণ কণ্ঠশিল্পী আশা ভোছলেই আজি সম্পূৰ্ণ কৰিলে 89 বছৰ (Asha Bhosle age) । শৈশৱৰ পৰাই নিজৰ যাদুকৰী কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি সংগীতৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰি ৰাখিছে আশাতায়ে । সুৰীয়া কণ্ঠৰে সমৃদ্ধ আশাতায়ে সংগীত জগত খনত নিজৰ নাম উজলাবলৈ সক্ষম হোৱাৰ লগতে আন এটা গুৰুত্বপূৰ্ণ দিশতো নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে, সেইয়া হৈছে ৰন্ধা-বঢ়া । ৰন্ধন কাৰ্যৰেও সফল হ’ব পাৰি বুলি বিশ্বাস কৰিছিল আশা ভোছলেই । আপোনালোকৰ বহুতেই হয়তো নাজানে যে আশা ভোছলেই বহিঃৰাজ্যত কেইবাখনো ৰেষ্টোৰেণ্ট চলায় ।

Asha Bhosle
আশা ভোশলে

1933 চনত ছাংগলীত জন্মগ্ৰহণ কৰিছিল আশা ভোছলেই । দহ বছৰ বয়সতে গান গাবলৈ আৰম্ভ কৰিছিল তেওঁ । 1943 চনত 10 বছৰ বয়সত মাৰাঠী চলচ্চিত্ৰ ‘মাজা বাল’ত প্ৰথম গীত গাই সংগীত জগতত আত্মপ্ৰকাশ কৰে আশা ভোছলেই । 1948 চনত আশাতায়ে হন্সৰাজ বাহলৰ চুনড়িয়াৰ হিন্দী চলচ্চিত্ৰ ‘সাৱন আয়া’ৰ বাবে গান গাইছিল (Asha Bhosle singing debut) । তেতিয়াৰ পৰা আজিলৈকে 89 বছৰ বয়সলৈকে আশাতায়ে নিজৰ যাদুকৰী কণ্ঠৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছে ।

Asha Bhosle
আশা ভোশলে

1948 চনৰ পৰা হিন্দী চলচ্চিত্ৰত গান গাবলৈ আৰম্ভ কৰা আশা ভোছলেই পিছলৈ কেইবাটাও ভাষাত কণ্ঠদান কৰে । ফিল্মফেয়াৰ এৱাৰ্ডছত আশা ভোছলেই এতিয়ালৈকে 7 বাৰকৈ শ্ৰেষ্ঠ প্লেবেক গায়িকাৰ বঁটা লাভ কৰিছে । তেওঁ 2 টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছে । 2008 চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে আশা ভোছলেক ‘পদ্ম বিভূষণ’ বঁটাৰে সন্মানিত কৰিছিল । আশা ভোছলেই ‘মাই’ শীৰ্ষক ছবি এখনত অভিনয়ো কৰিছিল । তেওঁৰ অভিনয়ৰো শলাগ লোৱা হৈছিল । 22 টা ভাষাত 11000 ৰো অধিক গীত গাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে আশা ভোছলেই । আশা ভোছলেই 2021 বৰ্ষৰ মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ ‘মহাৰাষ্ট্ৰ ভূষণ’ বঁটা লাভ কৰে ।

গান গোৱাৰ উপৰিও আশা ভোছলেই আন এটা কাম যথেষ্ট পছন্দ কৰিছিল ৷ ৰন্ধা-বঢ়াৰ প্ৰতি অতি আকৰ্ষিত আছিল তেওঁ (Asha Bhosle interests) । বলীউডৰ বহু চেলেব্ৰিটীয়ে তেওঁৰ হাতৰ মাটন আৰু বিৰিয়ানীৰ সোৱাদ লৈছে । এটা সাক্ষাৎকাৰৰ সময়ত আশা ভোছলেই কৈছিল যে ঋষি কাপুৰে তেওঁৰ হাতেৰে বনোৱা ছামি কাবাব, মাটন আৰু দালি ভাল পায় ।

Asha Bhosle
আশা ভোশলে

আশাতায়ে এটা সাক্ষাৎকাৰৰ সময়ত কৈছিল যে যদি তেওঁৰ গায়কীৰ কেৰিয়াৰ জিলিকি নাথাকিলহেঁতেন তেন্তে তেওঁ ৰন্ধা-বঢ়াত হাত উজান দিলেহেঁতেন । আশা ভোছালেৰ আছে ৰেষ্টুৰেণ্টৰ এক ডাঙৰ ব্যৱসায় । তেওঁলোকৰ ডুবাই আৰু কুৱেইটত আছাজ নামৰ ৰেষ্টুৰেণ্ট আছে । ইয়াত পৰম্পৰাগত ভাৰতীয় খাদ্য উপলব্ধ । আবুধাবি, দোহা, বাহৰেইনতো তেওঁলোকৰ ৰেষ্টুৰেণ্ট আছে (Asha Bhosle Restaurant) । ৰেষ্টুৰেণ্টবোৰৰ ৰান্ধনীশাল আৰু সা-সজ্জাৰ ক্ষেত্ৰত আশাতায়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল । প্ৰায় 6 মাহ ধৰি তেওঁ ৰান্ধনিসকলক প্ৰশিক্ষণ দিছিল ।

লগতে পঢ়ক : কিংবদন্তি গায়ক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উপলক্ষে গুগলৰ বিশেষ ডুডল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.