ETV Bharat / entertainment

Ekta Kapoor latest news: একতা কাপুৰৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰৰ ৱাৰেণ্ট

চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক একতা কাপুৰৰ নামত গ্ৰেপ্তাৰৰ ৱাৰেণ্ট জাৰি কৰা হৈছে (arrest warrant issued against ekta kapoor) । সবিশেষ আগলৈ-

EKTA KAPOOR
একতা কাপুৰৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰৰ ৱাৰেণ্ট
author img

By

Published : Sep 29, 2022, 12:27 PM IST

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ : চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক তথা টিভি ধাৰাবাহিক পৰিচালক একতা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ ৱাৰেণ্ট জাৰি কৰা হৈছে । একতা কাপুৰৰ বিৰুদ্ধে বিহাৰৰ বেগুচৰায়ৰ এখন আদালতত গোচৰ ৰুজু কৰা হৈছে (arrest warrant issued against ekta kapoor) । একতাৰ লগতে তেওঁৰ মাতৃ শোভা কাপুৰৰ নামতো গ্ৰেপ্তাৰৰ ৱাৰেণ্ট জাৰি কৰা হৈছে ।

শম্ভু কুমাৰ নামৰ এজন প্ৰাক্তন সেনা জোৱানে একতা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে এটা ৱেব চিৰিজ ট্ৰিপল এক্স (চিজন ২)ক কেন্দ্ৰ কৰি গোচৰ ৰুজু কৰিছে ৷ সেনা জোৱানজনে জোৱানসকলক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অনুভূতিক আঘাত কৰাৰ বাবে এই অভিযোগ দাখিল কৰিছে । আৱেদনখনত, আবেদনকাৰীয়ে অভিযোগ কৰিছে যে এজন জোৱানৰ পত্নীক লৈ ৱেব চিৰিজটোত আপত্তিজনক দৃশ্য দেখুওৱা হৈছে । বেগুচৰায় আদালতে পূৰ্বে একতা কাপুৰ আৰু তেওঁৰ মাতৃক জাননী জাৰি কৰি তেওঁলোকক আদালতত হাজিৰ হ'বলৈ কৈছিল ।

উল্লেখযোগ্য যে বিতৰ্কৰ উদ্ভৱ হোৱাৰ পিছত চিৰিজটোৰ পৰা কিছু আপত্তিজনক দৃশ্য আঁতৰোৱা হৈছিল কিন্তু মাক-জীয়েক দুয়ো আদালতত হাজিৰ হোৱা নাছিল । 2020 চনত ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল ।

শম্ভু কুমাৰৰ অধিবক্তা হৃষীকেশ পাঠকে কৈছিল যে চিৰিজটো ALTBalaji ত সম্প্ৰচাৰিত হৈছিল । বালাজী টেলিফিল্মছ একতা কাপুৰৰ বালাজী টেলিফিলছ লিমিটেডৰ মালিকানাধীন অ'টিটি প্লেটফৰ্মৰ সৈতেও জড়িত ।

অধিবক্তা হৃষীকেশ পাঠকে কয়, "আদালতে তেওঁক মাতি পঠিয়াইছিল আৰু গোচৰটোত হাজিৰ হ'বলৈ কৈছিল । তেওঁ আদালতক জনাইছিল যে আপত্তিৰ পিছত চিৰিজটোৰ কিছুমান দৃশ্য বিলোপ কৰা হৈছে কিন্তু তেওঁ আদালতত হাজিৰ হোৱা নাছিল । সেয়েহে, তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে" ৷

লগতে পঢ়ক : Richa Chadha Ali Fazal wedding খাদ্যৰ তালিকাৰ পৰা বিয়াৰ সাজলৈকে ৰিছা আলীৰ বিয়াৰ সকলো খবৰ ইয়াতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.