ETV Bharat / entertainment

AR Rahman: ‘দ্য কেৰালা ষ্ট’ৰী’ৰ বিতৰ্কৰ মাজতে এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে সঁচা ‘কেৰালা ষ্ট’ৰী’ৰ এটা ভিডিঅ’

author img

By

Published : May 4, 2023, 1:29 PM IST

‘দ্য কেৰালা ষ্ট’ৰী’ৰ বিতৰ্কৰ মাজতে মিউজিক মাষ্ট্র’ এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে হিন্দু মুছলিমৰ অনন্য নিদৰ্শনৰ এটা ভিডিঅ’ (AR Rahman) ৷

AR Rahman shares true Kerala Story incident amid backlash over propaganda film
এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে হিন্দু মুছলিমৰ অনন্যৰ নিদৰ্শনৰ এটা ভিডিঅ’

চিটাৰা ডেস্ক, 4 মে’: আদা শৰ্মাৰ অভিনীত হিন্দী ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ বিৰুদ্ধে শেহতীয়াকৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া (AR Rahman) ৷ ছবিখনৰ মুক্তিৰ পূৰ্বেই সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত ৷ ইফালে ছবিখনক লৈ চলি থকা বিতৰ্কৰ মাজতে কেৰালাৰ এটা মছজিদে দেখুৱালে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন (The Kerala Story) ৷ মছজিদৰ ভিতৰত সকলো হিন্দু ৰীতি-নীতিৰে বিয়া অনুষ্ঠিত হ’ল হিন্দু দম্পতিৰ ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াক ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷

কেৰালাৰ এটা মছজিদৰ ভিতৰত সকলো হিন্দু ৰীতি-নীতিৰে বিয়া অনুষ্ঠিত হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে মাদ্ৰাজৰ মোজাৰ্টে (The Kerala Story Movie)। ইয়াৰ পিচতে এই ভিডিঅ’টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানে (The Kerala Story controversy) ৷

নিজৰ টুইটাৰ হেণ্ডেলত ভিডিঅ’টো শ্বেয়াৰ কৰি এ আৰ ৰহমানে লিখিছে, "সাহসী, মানৱতাৰ প্ৰতি থকা প্ৰেম নিঃচৰ্ত আৰু নিৰাময়কাৰী হ’ব লাগে"। আনহাতে বিয়াৰ ভিডিঅ’টো শ্বেয়াৰ কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে "Here is another #KeralaStory"।

উল্লেখ্য যে, এ আৰ ৰহমানে ২০২০ চনত মছজিদৰ ভিতৰত বিবাহপাশত আৱদ্ধ হোৱা দম্পতী অঞ্জু আৰু শৰৎৰ হিন্দু বিবাহৰ পোষ্টটো শ্বেয়াৰ কৰিছিল (AR Rahman The Kerala Story) । বিয়াখন হিন্দু ৰীতি-নীতি অনুসৰি অনুষ্ঠিত কৰা হৈছিল আৰু আৰ্থিকভাৱে দুৰ্বল কইনাৰ মাতৃয়ে মছজিদ সমিতিৰ ওচৰত সহায় খুজিছিল ৷ ইয়াৰ পিচত মছজিদ সমিতিয়ে বিবাহৰ কাৰণে অনুমতি দিয়ে আৰু পৰবৰ্তী সময়ত এজন হিন্দু পুৰোহিতৰ দ্বাৰা মছজিদত সম্পন্ন কৰা হয় বিবাহ ৷

ইফালে সেই সময়ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বিবাহখনক "কেৰালাৰ একতাৰ উদাহৰণ" বুলি অভিহিত কৰিছিল (Shashi Tharoor)। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে কয়, "নৱদম্পতি, পৰিয়াল, মছজিদ কৰ্তৃপক্ষ আৰু চেৰাভালীৰ লোকসকলক অভিনন্দন জনাইছো ।"

উল্লেখ্য যে, সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত ‘দ্য কেৰেলা ষ্ট’ৰী’ই কেৰালাৰ শাসকীয় বাওঁপন্থী ফ্ৰণ্ট আৰু অন্যান্য ঠাইৰ কংগ্ৰেছ দলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে ৷ কিয়নো ছবিখনত দেখুওৱা হৈছে যে, ‘প্ৰায় ৩২,০০০ মহিলা’ ৰাজ্যখনৰ পৰা নিৰুদ্দেশ হয় আৰু ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰি আইছিছত যোগদান কৰে’ । কেৰালাৰ কংগ্ৰেছ আৰু চিপিআই(এম)য়ে এই দাবীক অতিৰঞ্জিত আৰু সত্যৰ ভুল বৰ্ণনা বুলি অভিহিত কৰিছে । ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰেও ছবিখনৰ নিৰ্মাতাসকলক সমালোচনা কৰে (Hindu wedding inside a Mosque)।

ইফালে পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৰুতলাল শ্বাহকে ধৰি ছবিখনৰ নিৰ্মাতাসকলে দাবী কৰে যে কাহিনীটো সঁচা ঘটনাৰ আধাৰত নিৰ্মিত। কিন্তু শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই ছবিখনৰ টিজাৰত ব্যাপক সালসলনি কৰে নিৰ্মাতাসকলে ৷ টিজাৰৰ ডিচক্ৰিপচনত ‘৩২ হাজাৰ মহিলা’ৰ পৰিৱৰ্তে ‘৩ মহিলা’ সঁচা কাহানী বুলি উল্লেখ কৰে । বুধবাৰে উচ্চতম ন্যায়ালয়ে ছবিখনৰ সন্দৰ্ভত কোনো আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু শুকুৰবাৰে ছবিখন ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: The Kerala Story: ‘৩২০০০ নহয় তিনিগৰাকী মহিলাৰ কাহিনী’, বিতৰ্কৰ মাজতে ছবিখনত বৃহৎ সালসলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.