ETV Bharat / entertainment

Anushka Sharma Pregnancy: ভাইৰেল ভিডিঅ’ই নিশ্চিত কৰিছে অনুষ্কাৰ দ্বিতীয়বাৰ গৰ্ভধাৰণৰ খবৰ !

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত অনুষ্কাৰ বেবী বাম্প স্পষ্টকৈ দেখা গৈছে । ভিডিঅ’টোত অনুষ্কাক স্বামী বিৰাটৰ সৈতে হোটেলৰ বাহিৰত খোজ কাঢ়ি গৈ থকা দেখা গৈছে ।

Anushka Sharma's viral video with Virat Kohli stirs pregnancy speculations - watch
অনুষ্কা শৰ্মাৰ গৰ্ভধাৰণৰ খবৰ
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:09 AM IST

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: দীৰ্ঘদিনৰে পৰা খবৰ পোৱা গৈছিল যে অভিনেত্ৰী অনুষ্কা শৰ্মাই দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰিছে । অৱশ্যে এই খবৰবোৰক কেৱল উৰাবাতৰি বুলি অভিহিত কৰা হৈছিল । কিন্তু এতিয়া যেন এই সকলোবোৰ উৰাবাতৰিত পূৰ্ণ বিৰাম লাগিব গৈ আছে ৷ কিয়নো অনুষ্কাৰ অন্তঃসত্বা হোৱাৰ খবৰ এক প্ৰকাৰে নিশ্চিত হোৱাৰ পথত । আচলতে ছ’চিয়েল মিডিয়াত অনুষ্কাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অনুষ্কাৰ বেবী বাম্প স্পষ্টকৈ দেখা গৈছে ।

ভাইৰেল ভিডিঅ’টোত অনুষ্কাই স্বামী বিৰাটৰ সৈতে হোটেলৰ বাহিৰত খোজ কাঢ়ি গৈ থকা দেখা গৈছে । বিৰাটে অনুষ্কাৰ হাতত ধৰি আছে আৰু অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছে ক’লা ৰঙৰ চুটি ফ্লেয়াৰ ড্ৰেছ, য’ত তেওঁৰ বেবী বাম্পটো স্পষ্টকৈ দেখা গৈছে । ইফালে ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কমেন্ট ছেকশ্যনত দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰা অভিনেত্ৰীগৰাকীক অনুৰাগীয়েও অভিনন্দন জনাবলৈ আৰম্ভ কৰে ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

অনুষ্কা শৰ্মাৰ বেবী বাম্প সম্পৰ্কে এজন ইউজাৰে লিখিছে - ‘তেওঁ গৰ্ভৱতী ? অ’ মাই গড ।’ আন এজন ব্যক্তিয়ে লিখিছে - অ’এমজি ভামিকা অতি সোনকালে ডাঙৰ ভনীয়েক হ’ব... বিশ্বাস কৰিব পৰা নাই ৷ আনহাতে এগৰাকীয়ে অনুৰাগীয়ে লিখিছে - সৰু বিৰাট আহি আছে, অনুষ্কা গৰ্ভৱতী ।

অনুষ্কা-বিৰাট এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ

এজন অনুৰাগীয়ে মন্তব্যত লিখিছে- 'বেবী অন ব’ৰ্ড ।' ইয়াৰ উপৰিও এজন ব্যৱহাৰকাৰীয়ে কয়- 'জুনিয়ৰ কোহলী বাটত আছে । উল্লেখ্য যে, অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী ইতিমধ্যে কন্যা সন্তান ভামিকাৰ পিতৃ-মাতৃ ৷ অৱশ্যে ভামিকাক লাইমলাইটৰ পৰা দূৰত ৰাখিছে অনুষ্কা-বিৰাটে ৷ পাপাৰাজীক কঠোৰভাৱে সতৰ্কবাণী জাৰি কৰা হৈছে যাতে ভামিকাৰ ফটো কিম্বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড নকৰে ৷ ইফালে ইয়াৰ মাজতে এতিয়া আহিছে অনুষ্কাৰ দ্বিতীয়বাৰ গৰ্ভধাৰণৰ খবৰ । অৱশ্যে এই খবৰ সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অনুষ্কা-বিৰাটে ।

লগতে পঢ়ক: Anushka Sharma: স্বামীৰ জন্মদিনত এনেদৰে শুভেচ্ছা জনালে অনুষ্কা শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.