ETV Bharat / entertainment

Anushka Sharma instagram: চকড়া এক্সপ্ৰেছৰ কলকাতাৰ সূচী সামৰি অনুষ্কা শৰ্মাই ক’লে ‘ইট-প্ৰে-লৱ’

author img

By

Published : Oct 29, 2022, 7:14 PM IST

অনুষ্কা শৰ্মাই শনিবাৰে চকড়া 'এক্সপ্ৰেছ'ৰ কলকাতাৰ সময়সূচীৰ কেইবাখনো ছবি শ্বেয়াৰ কৰে (Anushka Sharma new movie) ৷ চিটি অফ জয়ত ইতিমধ্যে দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে ।

Chakda Xpress
অনুষ্কা শৰ্মা

চিটাৰা ডেস্ক, 29 অক্টোবৰ : বলীউড তাৰকা অনুষ্কা শৰ্মাই শনিবাৰে ভাৰতীয় ক্ৰিকেটাৰ প্ৰাক্তন অধিনায়ক ঝুলন গোস্বামীৰ ওপৰত নিৰ্মিত বায়’পিক চকড়া এক্সপ্ৰেছৰ কলকাতা সূচীৰ শ্বুটিং সম্পূৰ্ণ কৰিলে । প্ৰসিত ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত গোস্বামীৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যেতিয়া তেওঁ ভাৰতৰ হৈ ক্ৰিকেট খেলাৰ সপোন পূৰণ কৰিবলৈ বিদ্বেষমূলক ৰাজনীতিৰ দ্বাৰা উদ্ভৱ হোৱা বাধা স্বত্বেও আগবাঢ়ি গৈছিল ।

34 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত ঘোষণা কৰে কলকাতাত শ্বুটিং শেষ হোৱাৰ কথা । চহৰখনত থকা সময়খিনিৰ ধাৰাবাহিক ফটো সমান্তৰালভাৱে শ্বেয়াৰ কৰি (Anushka Sharma instagram) অনুষ্কাই লিখিছে, "ইট-প্ৰে-লৱ । মোৰ কলকাতা ফটো ডাম্প ! #ScheduleWrap #ChakdaXpress #Kolkata" ৷

অভিনেত্ৰী গৰাকীয়ে পূৰ্বেই কৈছিল যে তেওঁ কলকাতাৰ প্ৰতিটো দৃশ্যগ্ৰহণেই ভাল পাইছে । চহৰখনৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি অনুষ্কাই কৈছিল, "মোৰ হৃদয়ত কলকাতাৰ সদায় এক অতি বিশেষ স্থান আছে । চহৰখন আৰু মানুহৰ উষ্ণতা, সুস্বাদু খাদ্য, সুন্দৰ স্থাপত্য- কলকাতাৰ সকলো বস্তু মই ভাল পাওঁ আৰু চকড়া এক্সপ্ৰেছৰ বাবে আনন্দৰ চহৰলৈ উভতি অহাটো আনন্দৰ বিষয় " ৷

অনুষ্কাৰ মতে, কলকাতাত চকড়া এক্সপ্ৰেছৰ শ্বুটিং কৰাটো ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ কৃতিত্বৰ প্ৰতি এক উপযুক্ত সন্মান । "আমি এটা ডাঙৰ শ্বুটিঙৰ অভিজ্ঞতা লাভ কৰিছিলো আৰু আজীৱন স্থায়ী হ'ব পৰা স্মৃতিবোৰ গঢ়ি তুলিছিলো । ঝুলন ভাৰতৰ, লগতে পশ্চিমবংগৰ আইকন আৰু কলকাতা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছবিখনৰ শ্বুটিং কৰাটো তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি", অনুষ্কাই কয় ।

জুন মাহৰ পৰা অনুষ্কাই ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছিল । ইয়াৰ পূৰ্বে ৰয়ৰ সৈতে 2018 চনত নিৰ্মিত ছুপাৰনেচাৰেল হৰৰ চিনেমা পৰীত কাম কৰিছিল তেওঁ । কৰ্ণেশ শৰ্মাই তেওঁৰ প্ৰডাকচন কোম্পানী ক্লিন স্লেট ফিল্মজৰ জৰিয়তে প্ৰযোজনা কৰিব চকড়া এক্সপ্ৰেছ । ছবিখনৰ প্ৰিমিয়াৰ হ’ব নেটফ্লিক্সত ।

লগতে পঢ়ক : Jaya Bachchan latest news: নাতিনী নব্যাৰ বিবাহ বিহীন সন্তান থাকিলে কোনো আপত্তি নাই জয়া বচ্চনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.