ETV Bharat / entertainment

Anushka Virat latest photoshoot: অনুষ্কাতে চকু থৰ হৈ গ’ল বিৰাটৰ, চাওক ফটো

author img

By

Published : Apr 2, 2022, 3:28 PM IST

অনুষ্কাৰ সুন্দৰতাত ক্লীন ব’ল্ড হৈছিল বিৰাট কোহলি, সেইয়াতো সকলোৰে জ্ঞাত ৷ কিন্তু এতিয়া অনুৰাগী ক্লীন ব’ল্ড হৈছে দুয়োৰে শেহতীয়া ফটো দেখি (Anushka Virat latest photoshoot) ৷ চকু আঁতৰ কৰিব নোৱাৰাকৈ বিৰাট- অনুষ্কাই কি ফটো তুলিলে চাঁও আহকচোন-

anushka sharma virat kohli
বিৰাট-অনুষ্কা

চিটাৰা ডেস্ক, 2 এপ্ৰিল: প্ৰফেচনেল জগতলৈ ঘূৰি আহিছে অনুষ্কা শৰ্মা ৷ চকড়া এক্সপ্ৰেছ ছবিখনেৰে পুনৰ ৰূপালী পৰ্দাত খলকনি তুলিবলৈ সাজু হৈছে মোহময়ী অভিনেত্ৰী গৰাকী ৷ ছবিখনৰ বাবে জোৰদাৰ অনুশীলনত নামি পৰিছে অনুষ্কা ৷ প্ৰখৰ ৰ’দত শিকিছে ব’লিং ৷

সামাজিক মাধ্যমত পূৰ্বতকৈ অধিক সক্ৰিয় আজিকালি অভিনেত্ৰী গৰাকী ৷ অনুৰাগীৰে সৈতে অধিক সময় কটাই ভাল পোৱা হৈছে অনুষ্কাই ৷ অনুষ্কা আৰু বিৰাটক শেহতীয়াকৈ বহুবাৰ শ্বুটিং স্থলীত প্ৰত্যক্ষ কৰা হৈছিল ৷ সামাজিক মাধ্যমত ফটোবোৰ দেখি অনুৰাগীয়ে অনুমান লগাইছিল দুয়োকে নতুন কিবা প্ৰজেক্টত একেলেগ দেখিবলৈ পোৱা যাব বুলি আৰু বাট চাই ৰৈছিল অধীৰ আগ্ৰহেৰে ৷

anushka sharma virat kohli
বিৰাট-অনুষ্কা

অলপতে এটা নতুন বিজ্ঞাপনত অনুষ্কা বিৰাটক দেখিবলৈ পোৱা গৈছিল ৷ অনুৰাগীক পুনৰ আচৰিত কৰি তুলি অনুষ্কাই দুয়োৰে শেহতীয়া ফটোশ্বুটৰ আলোকচিত্ৰ নিজৰ ইন্ষ্টাগ্ৰামত শ্বেয়াৰ কৰে (Anushka Virat latest photoshoot) ৷ দুয়োৰে যুটীয়া ফটোৱে মতলীয়া কৰি তুলিছে অনুৰাগীক ৷

গ্লেমাৰাচ এই ফটোত বিৰাটে পৰিধান কৰিছে ফৰ্মেল সাজপাৰ ৷ ক’লা পেণ্ট, ক’লা কোট আৰু ক’লা টাইৰ সৈতে বগা ৰঙৰ চাৰ্টত বিৰাটৰ পৰা চকু আঁতৰ কৰিবলৈ অসুবিধা হৈছে অনুৰাগীৰ ৷ সমান্তৰালকৈ অনুষ্কাৰ ডিজাইনাৰ ড্ৰেছেও দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ পিংক পেষ্টেল ৰঙৰ এই শ্বিমাৰী ড্ৰেছটোত অনুষ্কাক সাংঘাতিক ধুনীয়া লাগিছে ৷

জনপ্ৰিয় যুঁটিৰ এই ফটো এতিয়া সামাজিক মাধ্যমত এতিয়া ঘূৰ্ণী বতাহ ঘূৰা দ ঘূৰিছে (Virat Kohli Anushka Sharma latset photos) ৷ দুয়োৰে অনুৰাগী উদ্বাউল হৈ পৰিছে ফটো সমূহ দেখি ৷ প্ৰাপ্ত বাতৰি অনুসৰি বিৰাট অনুষ্কাৰ এই ফটোসমূহ এটা বিজ্ঞাপন কোম্পানীৰ শ্বুটিঙৰ সময়ৰ (Virat Anushka latest updates) ৷ অৱশ্যে ইয়াৰ সত্যসত্যতা এতিয়াও জানিবলৈ বাকী ৷

অনুষ্কা শৰ্মাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, তেওঁ 'চকড়া এক্সপ্ৰেছ' চলচ্চিত্ৰত ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত অভিনয় কৰিব । এই চলচ্চিত্ৰখনৰ জৰিয়তে, ঝুলন গোস্বামীৰ ক্ৰিকেট কেৰিয়াৰ আৰু তেওঁৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হ’ব ৷

লগতে পঢ়ক: Vicky Katrina holiday:বিকী-কেটৰিণাৰ নিবিড় মূহুৰ্তৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.