ETV Bharat / entertainment

Anushka-Sakshi : একেখন স্কুলতে শিক্ষাগ্ৰহণ কৰিছিল ধোনী-বিৰাটৰ পত্নীয়ে, চাওক অনুষ্কা-সাক্ষীৰ শৈশৱৰ ছবি

author img

By

Published : May 31, 2023, 5:34 PM IST

ধোনী আৰু বিৰাটৰ পত্নীয়ে একেখন স্কুলতে শিক্ষাগ্ৰহণ কৰিছিল আৰু দুয়োগৰাকীয়ে শৈশৱৰ বান্ধুৱী । চাওক দুয়োৰে ছবি ৷

Anushka Sharma and Sakshi used to study in same school in Assam, see viral pics
ধোনী আৰু বিৰাটৰ পত্নীয়ে একেখন স্কুলতে পাঠদান কৰিছিল

চিটাৰা ডেস্ক, 31 মে’: বলীউড আৰু ক্ৰিকেটৰ সম্পৰ্ক শতিকা পুৰণি । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এনে কিছুমান ছবি ভাইৰেল হৈ পৰিছে, যিসমূহ ছবি দেখিলে আপুনিও হয়তো ভাবিৱ যে যোৰাবোৰ সঁচাকৈয়ে আগৰ পৰাই নিৰ্ধাৰিত থাকে আৰু আপোনাৰ ভাগ্যত যি লিখা থাকিব সেয়াই হ’ব (Anushka Sharma and Sakshi viral pics) ৷

দৰাচলতে আই পি এল ১৬ ৰ অন্ত পৰাৰ পাচত মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ দৰে দুগৰাকী প্ৰবীণ তাৰকা ক্ৰিকেটাৰৰ পত্নীৰ শৈশৱৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ভাইৰেল হোৱা ছবিত দেখা পোৱা যায় যে দুয়োগৰাকী শৈশৱৰ বান্ধুৱী আছিল ৷ হয় অনুষ্কা শৰ্মা আৰু সাক্ষীয়ে একেখন স্কুলতে একেলগে পঢ়িছিল । অনুষ্কা আৰু সাক্ষীৰ শৈশৱ আৰু স্কুলীয়া দিনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অনুৰাগীসকলে এই বিষয়ে আৰু অধিক জানিবলৈ আগ্ৰহী হৈ পৰে (Anushka Sharma and Sakshi)।

আচলতে অনুষ্কা শৰ্মাৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্ণেল আৰু অনুষ্কাই শৈশৱকাল অসমতে পাৰ কৰিছিল ৷ কাৰণ অনুষ্কাৰ পিতৃক অসমত নিয়োজিত কৰা হৈছিল । য’ত অনুষ্কা আৰু সাক্ষীয়ে একেখন স্কুলতে একেলগে শিক্ষাগ্ৰহণ কৰিছিল । সাক্ষীয়ে প্ৰথমে স্কুলত পঢ়া-শুনা কৰিছিল আৰু ইয়াৰ পিচত অনুষ্কাই নামভৰ্তি কৰিছিল স্কুলখনত । স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিচত অনুষ্কাই মডেলিঙৰ জগতখনত প্ৰৱেশ কৰে আৰু তাৰ পিচত বলীউডত প্ৰৱেশ কৰে ।

একে সময়তে সাক্ষীয়ে হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম শেষ কৰি হোটেলত কাম কৰিবলৈ আৰম্ভ কৰে আৰু হোটেলতে ধোনীয়ে সাক্ষীক লগ পাইছিল ৷ প্ৰথম দেখাতে সাক্ষীৰ প্ৰেমত পৰিছিল ধোনী ৷

২০১০ চনৰ ৪ জুলাইত ধোনীয়ে সাক্ষীক বিয়া কৰায় আৰু ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত বিশেষ অতিথিৰ উপস্থিত বিৰাট আৰু অনুষ্কাই বিবাহপাশত আবদ্ধ হয় ৷ ইয়াৰ পিচত দিল্লী আৰু মুম্বাইত আত্মীয় আৰু বলীউডৰ চেলিব্ৰিটিসকলৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে দুয়োৱে ।

লগতে পঢ়ক: Al Pacino: ৮৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ গৈ আছে এইগৰাকী অভিনেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.