ETV Bharat / entertainment

অনুৰাগ কাশ্যপৰ 50 বছৰীয়া জন্মদিনত কি ক’লে আলিয়াই

author img

By

Published : Sep 10, 2022, 12:18 PM IST

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ আজি ৫০ সংখ্যক জন্মদিন (Anurag Kashyap birthday) । এই উপলক্ষে বৰ্তমান আমেৰিকাত বাস কৰা তেওঁৰ কন্যা আলিয়া কাশ্যপে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পিতৃৰ সৈতে এখন পুৰণি ছবি শ্বেয়াৰ কৰি তেওঁক 50 সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায় ।

Anurag Kashyap
অনুৰাগ কাশ্যপৰ 50 বছৰীয়া জন্মদিনত কি ক’লে আলিয়াই

চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ : চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে আজি 50 বছৰ সম্পূৰ্ণ কৰিলে । ছবি নিৰ্মাতাগৰাকীয়ে 50 সংখ্যক জন্মদিনত অসংখ্য শুভেচ্ছা লাভ কৰিছে, কিন্তু ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে তেওঁৰ কন্যা আলিয়া কাশ্যপৰ শুভেচ্ছাবাণীয়ে ।

Anurag Kashyap
অনুৰাগ কাশ্যপ

বৰ্তমান আমেৰিকাত বাস কৰা অনুৰাগৰ কন্যা আলিয়াই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দেউতাকৰ সৈতে এখন পুৰণি ছবি শ্বেয়াৰ কৰে । দেউতাকৰ সৈতে সেই ভাল লগা মুহূৰ্তটোৰ পুৰণি ফটোখন শ্বেয়াৰ কৰি আলিয়াই লিখিছে, "Happy birthday to the coolest dad. Big 50!!!"

আলিয়াও ঠিক দেউতাকৰ দৰেই প্ৰতিভাশালী (Anurag Kashyap daughter) ৷ জীৱনশৈলী, ফেশ্বন, আৰু সৌন্দৰ্য্যৰ বিষয়ে এটা ইউটিউব চেনেল চলাই তেওঁ । তেওঁৰ 119K তকৈ অধিক চাবস্ক্ৰাইবাৰ আছে আৰু তেওঁ সঘনাই তেওঁৰ ফ’ল’ৱাৰসকলৰ সৈতে কন্টেন্ট শ্বেয়াৰ কৰি থাকে ।

প্ৰাক্তন পত্নী তথা ভাৰতীয় চলচ্চিত্ৰ সম্পাদক আৰতি বাজাজ (Anurag Kashyap wife) আৰু গেংছ অৱ ৱাছেপুৰৰ পৰিচালক গৰাকীৰ কন্যা সন্তান আলিয়া কাশ্যপ । প্ৰায় 9 বছৰ ডেট কৰাৰ পিছত আৰতি আৰু অনুৰাগে 1997 চনত বিবাহপাশত আবদ্ধ হয় আৰু 2009 চনত বিবাহ বিচ্ছেদ হয় তেওঁলোকৰ । 2001 চনত আলিয়াক তেওঁলোকৰ জীৱনলৈ আহে ।

ৱৰ্ক ফ্ৰণ্টৰ বিষয়ে ক’বলৈ গ’লে 19 আগষ্টত মুক্তি পোৱা অনুৰাগৰ শেহতীয়া ছবি ডোবাৰায়ে বক্স অফিচত এক সামান্য সঁহাৰি লাভ কৰে । চলচ্চিত্ৰখনৰ কাহিনীটোত দেখুওৱা হৈছে কেনেকৈ এগৰাকী মহিলাই 12 বছৰীয়া ল’ৰা এটাৰ জীৱন ৰক্ষা কৰাৰ সুযোগ পায় যিয়ে 25 বছৰ আগতে সংঘটিত হোৱা বজ্ৰপাতৰ সময়ত এটা মৃত্যুৰ সাক্ষী আছিল ৷ এই ল’ৰাটোৰ সৈতে বৰ্তমান সময়ত একেধৰণৰ ধুমুহা অহাৰ ফলত টেলিভিছন ছেটৰ জৰিয়তে সংযোগ স্থাপন কৰে মহিলা গৰাকীয়ে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নু আৰু পাভৈল গুলাতীয়ে (Pavail Gulati) ।

লগতে পঢ়ক : Yashoda teaser: এগৰাকী গৰ্ভৱতী নাৰীৰ কষ্টকৰ জীৱনগাঁথা দেখুৱাইছে সমান্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.