ETV Bharat / entertainment

Anurag Kashyap: শ্বাহৰুখ-ছলমানৰ সৈতে কিয় কাম নকৰে অনুৰাগ কাশ্যপে ? ক’লে পৰিচালকগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:07 PM IST

বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপে কিয় ডাঙৰ অভিনেতাৰ সৈতে কাম নকৰে সেই সন্দৰ্ভত মুকলিকৈ কৈছে পৰিচালকগৰাকীয়ে ।

Anurag kashyap reveals why he doesn't work with big actors Salman, Shahrukh Khan
অনুৰাগ কাশ্যপে কিয় ডাঙৰ অভিনেতাৰ সৈতে কাম নকৰে সেই সন্দৰ্ভত মুকলিকৈ কৈছে পৰিচালকগৰাকীয়ে

চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: বলীউডৰ সুপৰিচিত পৰিচালক অনুৰাগ কাশ্যপক আজি কোনে চিনি নাপায় ৷ এই উদ্যোগটোত নিজৰ এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে অনুৰাগ কাশ্যপে ৷ ২০০৩ চনত পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অনুৰাগ কাশ্যপে । তেওঁৰ প্ৰথমখন পৰিচালিত ছবি হৈছে পাঞ্চ । শেহতীয়াকৈ নৱাজুদ্দিনক ছিদ্দিকীৰ সৈতে ‘হাড্ডি’ ছবিখনত দেখা গৈছিল অনুৰাগক । অৱশ্যে এই ছবিখনত অভিনয় কৰিছে অনুৰাগে ৷ ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছে অনুৰাগে ৷ অনুৰাগ কাশ্যপ প্ৰায়ে বিভিন্ন বিষয়ত অৰ্থাৎ ব্যতিক্ৰমী বিষয়ত ছবি নিৰ্মাণৰ বাবে পৰিচিত । লগতে তেওঁৰ ছবিত নতুন অভিনেতাক সুযোগ দিয়াৰ বাবেও তেওঁ সুপৰিচিত।

অনুৰাগে কিয় ডাঙৰ অভিনেতাৰ সৈতে কাম নকৰে ?

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অনুৰাগ কাশ্যপে কয় যে তেওঁ কিয় বলীউডৰ ডাঙৰ অভিনেতাৰ সৈতে কাম কৰিবলৈ চেষ্টা নকৰে । তেওঁ কৈছিল যে মই যেতিয়া এই উদ্যোগত ছবি নিৰ্মাণ কৰিবলৈ আহিছিলোঁ তেতিয়া মই ডাঙৰ ডাঙৰ অভিনেতাৰ পিছে পিছে দৌৰিছিলো । আগতে সকলোৱে কৈছিল যে ডাঙৰ ডাঙৰ অভিনেতাৰ লগত কাম কৰিলে কেৰিয়াৰ বনাব পাৰিম ৷ মইও তাকেই ভাবিবলৈ ধৰিলোঁ ।

অনুৰাগে লগতে কয় যে যদি আপুনি ডাঙৰ অভিনেতাৰ সৈতে কাম কৰে তেন্তে তেওঁলোকৰ অনুৰাগীসকলৰ কথাও আপুনি ভাবিব লাগিব ৷ যদি আপুনি সেই ফেন বেছৰ ধ্যান নাৰাখে তেন্তে তেওঁলোকে ছবিবোৰ বৰ্জন কৰিব । যেতিয়া মই নিজৰ চিনেমা নিজে বনাওঁ তেতিয়া এইবোৰৰ যত্ন ল’ব নালাগে । আন দেশত এনেকুৱা নহয়, তাত আমাৰ স্বাধীনতা আছে। ইয়াত মানুহে অভিনেতাক পূজা কৰে । তেওঁ আৰু কয় যে অ’টিটিয়ে অভিনেতাসকলক স্থান দিয়ে । ইয়াত সমতাৰ লগতে তাৰকাসকলেও ভাল ভূমিকা পায় ।

লগতে পঢ়ক: Katrina Kaif Desi look: দেশী লুকত বিমানবন্দৰত প্ৰৱেশ কেটৰিনা কাইফৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল কেটৰিণাৰ এই লুক
লগতে পঢ়ক: Ranna Ch Dhanna New Poster: শ্বেহনাজ গিল-সোনম বাজৱা হ’ব দিলজিৎ দোসাঞ্জৰ কইনা, কেতিয়া মুক্তি পাব ছবিখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.