ETV Bharat / entertainment

মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্তৰ সৈতে কথা নপতাৰ দুখটোৱে আজিও কপাই তোলে অনুৰাগ কাশ্য়পক

author img

By

Published : Jan 30, 2023, 5:19 PM IST

মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্ত সিং ৰাজপুতে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে অনুৰাগ কাশ্যপে । চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কৈছে যে তেওঁ এতিয়াও অভিনেতাজনৰ সৈতে কথা নপতাৰ বাবে "অপৰাধবোধ" ত ভোগে কিয়নো তেওঁ Hasee Toh Phasee ৰ বাবে অভিনেতাজনক বাছনি কৰাৰ পিছত তেওঁ আকস্মিকভাৱে আঁতৰি গৈছিল ।

Anurag Kashyap
আত্মগ্লানিত ভোগে অনুৰাগ কাশ্যপ

চিটাৰা ডেস্ক, 30 জানুৱাৰী : অনুৰাগ কাশ্যপ আছিল সেই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত এজন যিয়ে সুশান্ত সিং ৰাজপুতৰ সৈতে সহযোগিতা কৰিব বিচাৰিছিল যদিও বিভিন্ন কাৰণত এইয়া সম্ভৱ হৈ নুঠিল । সঞ্জয় লীলা ভাঞ্চালীৰ দৰেই গেংছ অৱ ৱাছিপুৰৰ নিৰ্মাতায়ো সুশান্ত সিং ৰাজপুতৰ সৈতে কাম কৰিবলৈ বিচাৰি ফুৰিছিল যদিও তেওঁলোক সফল নহ’ল ।

দেৱ ডিৰ অভিনেতা অভয় দেউলৰ সৈতে থকা মতানৈক্যৰ কথা মুকলিকৈ ক’লে অনুৰাগ কাশ্যপে । এটা ৱেবলয়ডৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কাশ্যপে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে থকা তেওঁৰ সমীকৰণৰ বিষয়ে কয় (Anurag Kashyap on sushant singh rajput) । সুশান্ত সিং ৰাজপুতৰ বিষয়ে কোৱাৰ সময়ত কাশ্যপে কয় যে সুশান্তৰ দ্বাৰা প্ৰথমাৱস্থাত অৱহেলিত হোৱাৰ বাবে অভিনেতাজনক ক্ষোভত তেওঁ এৰাই চলিছিল যাব বাবে তেওঁ এতিয়া নিজকে দোষী অনুভৱ কৰে কাৰণ মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্তে তেওঁক লগ পাবলৈ চেষ্টা কৰিছিল ৷

অভয়ৰ সৈতে ৰাজহুৱাভাৱে হোৱা কাজিয়াৰ কথা মনত পেলাই পৰিচালকজনে কয় যে তেওঁক বহুত কথা উপলব্ধি কৰিবলৈ ডেৰ বছৰ সময় লাগিছিল । কাশ্যপে কয় যে তেওঁ অতি "প্ৰতিক্ৰিয়াশীল" আৰু খঙত যিকোনো কথা কয় । তেওঁ কয় যে, বহুত মানুহ থকা কোঠা এটাত চিঞৰি আছে যিটো কথা উপলব্ধি কৰিবলৈ তেওঁৰ সময় লাগিছিল । 50 বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে আৰু কয়, "কেৱল মোৰ কথাই নহয়, কোনেও কাৰো কথা শুনা নাই । ছ'চিয়েল মিডিয়া এনেকুৱাই হৈ পৰিছে । মই পিছুৱাই আহিলো । মই ভাবিলো, 'মই এইটোৰ প্ৰতি মই কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো ? মোক কিহে আমনি কৰিছে" ?

কাশ্যপে স্বীকাৰ কৰে যে তেওঁৰ কোনো ফিল্টাৰ নাই যদিও যোৱা কেইবছৰমানৰ পৰা তেওঁৰ বাবে বহু কথা সলনি হৈছে কাৰণ তেওঁ উপলব্ধি কৰিছে যে প্ৰায় সকলো কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নাই । "উদাহৰণস্বৰূপে মোৰ আৰু অভয়ৰ মাজত হোৱা সেই সম্পূৰ্ণ বিবাদটো । কোনোবাই এটা প্ৰবন্ধ লিখি আছিল যে অভয়ৰ দৰে এজন অতি ভাল অভিনেতা এতিয়া চিনেমাত কিয় নাই, আৰু মই মোৰ অভিজ্ঞতাৰ বিষয়ে কৈছিলো, যিটো 13 বছৰ আগতে ঘটিছিল । মই এইটো ৰাজহুৱাভাৱে কোৱাৰ প্ৰয়োজন নাছিল" ৷

সুশান্তৰ সৈতে কৰা ভুলৰ পুনৰাবৃত্তি কৰিব নোখোজাৰ বাবে অভয়ৰ সৈতে দূৰত্ব নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে । "যিদিনা SSR ৰ দুৰ্ভাগ্যজনক কাণ্ডটো ঘটিছিল, মই বহুত দুখ অনুভৱ কৰিছিলো । ঘটনাটোৰ তিনি সপ্তাহ আগতে কোনোবাই কথা পাতিব বিচাৰি ওচৰ চাপিবলৈ চেষ্টা কৰি আছিল আৰু মই এনেকুৱা আছিলোঁ, 'নহয়, তেওঁ মোক অৱহেলা কৰিছিল, মই কথা নাপাতো' । আপুনি অপৰাধবোধৰ যন্ত্ৰণা পায় । সেয়েহে, মই অভয়ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলো আৰু মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিছিলো, কিয়নো কোনোবাই মোক কৈছিল যে মই তেওঁৰ বিষয়ে ৰাজহুৱাভাৱে কোৱাৰ বাবে তেওঁ বিৰক্ত হৈছিল" ৷

কাশ্যপে ইয়াৰ পূৰ্বে কৈছিল যে তেওঁ নিজৰ প্ৰডাকচন ভেঞ্চাৰ Hasee Toh Phasee ত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুশান্তক বাছি লৈছিল । কিন্তু অভিনেতাগৰাকীয়ে যশ ৰাজ ফিল্মছৰ সৈতে তিনিখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰি কাশ্যপ আৰু তেওঁৰ দলৰ পৰা অন্তৰ্ধান হৈ পৰে । "তেওঁ (SSR ) ছবিখন (হাছি তোহ ফেচি) কৰাৰ কথা আছিল আৰু আমি এগৰাকী অভিনেত্ৰী বিচাৰিব লগা হৈছিল আৰু আমি পৰিণীতি চোপ্ৰাৰ ওচৰলৈ হাত আগবঢ়াইছিলো । তেওঁ কৈছিল 'মই এজন দূৰদৰ্শন অভিনেতাৰ সৈতে কাম কৰিব নিবিচাৰো' । সেয়েহে আমি তেওঁক বুজাই দিছিলো যে সুশান্ত সিং কোন, তেওঁ কাই পো চে কৰি আছে, তেওঁ পিকে কৰি আছে আৰু হাছি তো ফাছি মুকলি হোৱাৰ সময়লৈকে, তেওঁ কেৱল এজন টেলিভিছন অভিনেতা হৈ নাথাকে" ৷

  • #HaseeTohPhasee is a film I receive love for till today.The most real, original,one-of-a-kind entertainment piece! Playing Meeta - well, I just went crazy on set and the director allowed me to😊Now we are looking for someone who can write us the sequel! Seriously 💕 pic.twitter.com/IR5mBa9YtK

    — Parineeti Chopra (@ParineetiChopra) February 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

"তেওঁ শুদ্ধ দেশী ৰোমাঞ্চ নামৰ চিনেমা এখন কৰি আছিল আৰু তেওঁ নিশ্চয়কৈ গৈ YRF ৰ লগত কথা পাতিছিল, তেওঁলোকে তেওঁক ফোন কৰি কৈছিল 'আপুনি আহি শুদ্ধ দেশী ৰোমাঞ্চ ছবিখন নকৰে কিয় ? আৰু তেতিয়া তেওঁ আমাৰ মাজৰ পৰা অদৃশ্য হৈ গ'ল । কাশ্যপে লগতে কয় যে তেতিয়া সুশান্তে ৱাই আৰ এফৰ সৈতে প্ৰজেক্টটো কৰিবলৈ বিশেষ চিঞৰ-বাখৰ কৰা নাছিল কাৰণ তেওঁৰ বাবে ই এটা ভাল চুক্তি আছিল ।

লগতে পঢ়ক : Highest Paid South Actors:আপোনাৰ প্ৰিয় দক্ষিণৰ তাৰকাগৰাকীয়ে কিমান পাৰিশ্ৰমিক লয় জানেনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.