চিটাৰা ডেস্ক, 26 আগষ্ট : হিন্দী চিনেমাৰ দুগৰাকী প্ৰবীণ শিল্পী অনুপম খেৰ আৰু কিৰণ খেৰৰ আজি 37 তম বিবাহ বাৰ্ষিকী ৷ জীৱনৰ এই বিশেষ দিনটোত পুৰণিক স্মৰণ কৰি আৱেগিক হৈ পৰিছে অনুপম খেৰ ৷ কিৰণৰ সৈতে তেওঁৰ বিয়াৰ ফটো এখন বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে সহধৰ্মিণীক ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এটা সুন্দৰ কেপছনৰ সৈতে বিয়াৰ দিনৰ ফটোখন শ্বেয়াৰ কৰিছে অনুপম খেৰে (Anupam kher instagram) ৷ ফটোখনক দুয়োকে বৰমালা পিন্ধি থকা দেখা গৈছে ৷ শুভেচ্ছা বাৰ্তাৰ লগতে কিৰণৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছে অভিনেতাজনে ৷ অনুপমে পোষ্টোটো আপলোড কৰাৰ পিছত অনুৰাগীসকলে দুয়োকে অভিনন্দন জনাইছে ৷ অনুৰাগীৰ লগতে বলীউড তাৰকাসকলেও জনাইছে শুভকামনা ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, অনুপম খেৰ আৰু কিৰণ খেৰৰ বিবাহ হৈছিল 1985 চনত (Anupam Kher and Kirron Kher wedding) । অনুপম আৰু কিৰণ দুয়োৰে প্ৰথম বিবাহ সফল হোৱা নাছিল ৷ অনুপমৰ প্ৰথম পত্নীৰ নাম আছিল মধুমতী কাপুৰ, যাৰ সৈতে 1979 চনত অনুপম বিবাহপাশত আবদ্ধ হয় ; কিন্তু একে বছৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । আনহাতে কিৰণ খেৰৰ প্ৰথম স্বামী আছিল অভিনেতা গৌতম বেৰী । কিৰণ আৰু গৌতমৰ সম্পৰ্ক 6 বছৰ (1979-85) দিন ধৰি চলিছিল ।
লগতে পঢ়ক : বিক্ৰম বেধাৰ টিজাৰত দেখা গ’ল হৃত্বিক আৰু ছৈফৰ বিধ্বংসী ৰূপ