ETV Bharat / entertainment

Anupam Kher in Ayodhya: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰস্তুতিৰ আভাস শ্বেয়াৰ কৰিলে অনুপম খেৰে

author img

By ANI

Published : Oct 3, 2023, 12:09 PM IST

সোমবাৰে অযোধ্যাত উপস্থিত হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে চলি থকা প্ৰস্তুতিৰ আভাস শ্বেয়াৰ কৰে অভিনেতা অনুপম খেৰে ৷ চাওক ভিডিঅ’ ৷

Anupam Kher shares glimpse of Ram Mandirs preparation in Ayodhya
অযোধ্যাৰ পৰা আশীৰ্বাদ স্বৰূপ অনুপম খেৰে পালে এই বস্তু

চিটাৰা ডেস্ক, ৩ অক্টোবৰ : সোমবাৰে ৰাম জন্মভূমিত অৰ্থাৎ উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হয় প্ৰবীণ অভিনেতা অনুপম খেৰ ৷ অযোধ্যাত উপস্থিত হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে চলি থকা প্ৰস্তুতিৰ আভাস শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰে ভিডিঅ’ ৷

ভিডিঅ’টোত তেওঁ উল্লেখ কৰিছে যে অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব মন্দিৰটো । ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, “ বন্ধুসকল ! অযোধ্যাত নির্মাণ হৈ থকা ঐতিহাসিক #ৰামমন্দিৰৰ আভাস আপোনালোকক দেখুৱাইছোঁ । এই বিশাল মন্দিৰটো নির্মাণ হোৱা দেখি বৰ ভাল লাগিল । প্ৰতিজন ভক্তই নিজৰ বিশ্বাস আৰু ভক্তিৰে ৰাম লাল্লাৰ মন্দিৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে । অযোধ্যাৰ সমগ্ৰ পৰিৱেশত প্ৰতিধ্বনিত হৈছে #জয়শ্ৰীৰাম ! মই ভাগ্যৱান যে মোৰ অনুৰোধৰ পিচত এই মন্দিৰৰ এটা ইটা উপহাৰ হিচাপে পাইছিলোঁ ! মই কৃতজ্ঞ !

এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে হনুমান গড়ী ভ্ৰমণৰ আঁৰৰ কাৰণ সন্দৰ্ভত কয়, ‘যোৱা বছৰ মই বিভিন্ন ধৰ্মীয় স্থান ভ্ৰমণ কৰি প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত লৈছিলো । দ্বিতীয় সিদ্ধান্ত দেশৰ সীমান্তৱৰ্তী অঞ্চললৈ যোৱা । আমি এটা কাৰ্যসূচী হাতত লৈছো, যিটো আমি ইয়াত ঘোষণা কৰিম । যিহেতু ভগৱান হনুমান মন্দিৰৰ কথা, সেয়েহে হনুমান গড়ীলৈ অহাটো গুৰুত্বপূৰ্ণ আছিল ।”

উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰত খেৰে #২১হনুমান মন্দিৰৰ প্ৰথম ধাৰাবাহিক মুকলি কৰিছিল । সবিশেষ শ্বেয়াৰ কৰি অভিনেতাজনে লিখিছিল, “আজি অযোধ্যাৰ হনুমান গড়ী মন্দিৰত আমাৰ কোম্পানীয়ে প্ৰস্তুত কৰা #21হনুমান মন্দিৰৰ প্ৰথম ধাৰাবাহিক উদ্বোধন কৰা হৈছে । #TheAnupamKherStudio ভাৰতৰ ২১ টা হনুমান মন্দিৰৰ ভিডিঅ' @youtube ত শ্বেয়াৰ কৰি বিশ্বজুৰি বসবাস কৰা ভাৰতীয়সকলক এই মন্দিৰসমূহৰ বিষয়ে জনাব । আমাৰ এই প্ৰচেষ্টাক আশা কৰো আপোনালোকে শলাগ ল’ব । জয় বজৰং বলী । জয় ছিয়া ৰাম ।”

ভ্ৰমণৰ সময়ত অভিনেতাগৰাকীয়ে কনক ভৱন মন্দিৰতো পূজা-অৰ্চনা কৰে । এই সন্দৰ্ভত তেওঁ কয়, “ভগৱানে মোক সকলো দিছে । ভগৱানক ধন্যবাদ জনাই ইয়ালৈ আহি সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ । কাইলৈ মই হনুমান গড়ীলৈ গলো, আজি ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম চলি থকা ঠাইলৈ আহিলোঁ । এতিয়া মই মোৰ আপোনজনৰ বাবে আৰু দেশৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰাম ছিয়া ৰামৰ কনক ভৱনলৈ আহিছোঁ । প্ৰতিজন ভাৰতীয়ই অযোধ্যালৈ আহি দেৱভূমি দৰ্শন কৰক, এই সুন্দৰ ভূমি আৰু ইয়াৰ সীতাৰাম হনুমান গড়ী জী মন্দিৰ দৰ্শন কৰক ।’’

তেওঁ লগতে কয়, অভিনয়ৰ উপৰিও আমাৰ অৱদান সমাজত গুৰুত্বপূৰ্ণ আৰু সেই অৱদানক মনত ৰাখি মই ইয়ালৈ আহিছোঁ । মই আৰু প্ৰিয়াই একেলগে ২১ টা হনুমান মন্দিৰৰ বাবে এখন ধাৰাবাহিক প্ৰস্তুত কৰিছোঁ আৰু কাইলৈ আছিল প্ৰথম খণ্ড যিটো হনুমানক লৈ আছিল । আমি প্ৰতি শনিবাৰে আৰু মঙলবাৰে এটাকৈ খণ্ড পোষ্ট কৰি থাকিম ।”

লগতে পঢ়ক: Anupam Kher: মনমোহন সিঙৰ পিছত এইবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰূপত অনুপম খেৰ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.