ETV Bharat / entertainment

শীঘ্ৰেই বক্স অফিচত ৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব এনিমেলে - এনিমেল

Animal 9th ​​Day Collection: বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰৰ ছবি এনিমেলে । মুক্তিৰ ৯ দিনত ৭০০ কোটিৰ ওচৰ চাপিছে ছবিখন ।

Animal worldwide box office collection day 9: Ranbir Kapoor starrer shows no signs of slowing down, mints over Rs 660 cr globally
মুক্তিৰ ৯ দিনত ৭০০ কোটিৰ ওচৰ চাপিছে এনিমেল
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:03 PM IST

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: ৰণবীৰ কাপুৰ অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি এনিমেল ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এনিমেল ছবিখনে মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ৷ ইটোৰ পিচত সিটোকৈ অভিলেখ ভংগ কৰিছে ছবিখনে ৷ এতিয়াও ধাৰাবাহিকভাৱে অব্যাহত আছে ছবিখনৰ উপাৰ্জন ৷ মুক্তিৰ ৯ দিনতো এনিমেলে ব্যাপক ধন উপাৰ্জন কৰিছে ৷ ভাৰতত অৰ্থাৎ ঘৰুৱা বক্স অফিচৰ সমান্তৰালকৈ ছবিখনে বিশ্বজুৰি ব্যাপক ধন উপাৰ্জন কৰিছে । ৰণবীৰ কাপুৰ আৰু ববি দেওল অভিনীত এনিমেল মুক্তিৰ দ্বিতীয় শনিবাৰে বিশ্বজুৰি কিমান ধন উপাৰ্জন কৰিছে জানো আহক এই প্ৰতিবেদনত ।

বিশ্বজুৰি ব্যাপক ধন উপাৰ্জন কৰিছে এনিমেলে

ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনে ২০২৩ চনৰ বক্স অফিচ চাৰ্টত খলকনিৰ সৃষ্টি কৰিছে । এতিয়া পোহৰলৈ আহিছে ছবিখনৰ ৯ দিনৰ উপাৰ্জন ৷ দৰাচলতে এনিমেলৰ বিশ্বব্যাপী উপাৰ্জনৰ কথা ঘোষণা কৰিছে টি-ছিৰিজ ফিল্মছে । বিশ্বজুৰি এনিমেলৰ মুঠ উপাৰ্জন হৈছেগৈ ৬৬০.৮৯ কোটি টকা । এনিমেলৰ ৯ দিনীয়া বিশ্বব্যাপী উপাৰ্জনৰ পৰা ক’ব পাৰি যে অতি সোনকালেই এই ছবিখনে পাঠান-জৱানৰ অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িব । উল্লেখ কৰিব লাগিব যে, এনিমেল এনেকুৱা এখন ছবিখন, যিখন ছবিয়ে চেঞ্চৰ ব’ৰ্ডৰ পৰা A চাৰ্টিফিকেট লাভ কৰাৰ পিচতো ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।

দেশজুৰি কেৱল এনিমেলৰ চৰ্চা

সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালিত এনিমেল ছবিখন ২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছে ৰণবীৰ কাপুৰ, ববি দেওল, অনিল কাপুৰ, ৰশ্মিকা মন্দন্না আৰু ত্ৰুপ্তি ডিমৰীক। ছ’চিয়েল মিডিয়াত এনিমেলক লৈ ব্যাপক চৰ্চা চলি আছে, একাংশই যদি ছবিখনৰ বিৰোধিতা কৰিছে, আন একাংশই আকৌ ছবিখনক সমৰ্থন কৰিছে ৷ কিন্তু ক’ব লাগিব যে যিখন ছবিক লৈ বিতৰ্ক হয়, সেইখন ছবিয়েই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে ৷ সেয়া লাগিলে PK হওক বা পাঠানেই হওক, যিখন ছবিক লৈ চৰ্চা হয় সেইখন ছবিয়েই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে ৷ এতিয়া এই ছবিখনে পাঠান, জৱানৰ অভিলেখ ভংগ কৰিব পাৰিব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ছবিগৃহত অব্যাহত এনিমেলৰ যাদু, নৱম দিনত ভাৰততে উপাৰ্জন কৰিলে ইমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.