ETV Bharat / entertainment

1 ডিচেম্বৰত এনিমেলৰ শুভমুক্তি, মুকলিৰ দিনটোত এনিমেলে ভংগ কৰিব উপাৰ্জনৰ অভিলেখ ! - সন্দীপ ৰেড্ডী ভাংগা

Animal First Day Advance Booking: পূৰ্ণ গতিত চলিছে ৰণবীৰ কাপুৰৰ 'এনিমেল'ৰ অগ্ৰিম বুকিং । ইয়াৰ পৰিপ্ৰেক্ষিতত ক’ব পাৰি যে ছবিখনে মুক্তিৰ দিনটোত ভংগ কৰিব পাৰে বহু অভিলেখ ।

Animal First Day Advance Booking Report: Ranbir Kapoor set to record his highest opening with Sandeep Reddy Vanga directorial
এনিমেল'ৰ অগ্ৰিম বুকিং
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 12:38 PM IST

চিটাৰা ডেস্ক, 30 নৱেম্বৰ: ৰণবীৰ কাপুৰৰ ‘এনিমেল’ এই বছৰৰ অন্যতম প্ৰত্যাশিত ছবি । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ, গীত আৰু পোষ্টাৰ মুক্তি পোৱাৰ পিচৰে পৰা ছবিখনক লৈ অনুৰাগীৰ মাজত উন্মাদনা দেখা পোৱা গৈছে । অৱশেষত কাইলৈ ছবিগৃহত মুক্তি পাব ছবিখন । কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই অগ্ৰিম বুকিঙেৰে বাম্পাৰ ব্যৱসায় কৰিছে এনিমেলে । এই প্ৰতিবেদনত জানো আহক ‘এনিমেল’ৰ প্ৰথম দিনটোৰ বাবে এতিয়ালৈকে আগতীয়াকৈ কিমান টিকট বুকিং কৰা হৈছে আৰু ইয়াৰ পৰা ছবিখনে কিমান টকা উপাৰ্জন কৰিছে ।

‘এনিমেল’ৰ এডভান্স বুকিং ৰিপৰ্ট

দিনক দিনে বাঢ়িছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ উন্মাদনা । অনুৰাগীৰ মাজত দেখা পোৱা উন্মাদনাৰ পৰা ক’ব পাৰি যে প্ৰথম দিনাই বক্স অফিচত ছবিখনে ভংগ কৰিব পাৰে বহু অভিলেখ । মন কৰিবলগীয়া যে ছবিখন মুক্তি পোৱাৰ ৬ দিন আগতেই ‘এনিমেল’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছিল আৰু প্ৰি-টিকট বিক্ৰীতো ছবিখনে অভিলেখ গঢ়িছে ।

  • SACNILC ৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে এতিয়ালৈকে ‘Animal’ ৰ ৭ লাখ ৪৫ হাজাৰ ৯৯২ টা টিকট বিক্ৰী হৈছে ।
  • প্ৰতিবেদন অনুসৰি এতিয়ালৈকে ‘এনিমেল’ৰ হিন্দী ২ ডিত ১০৭০৩ টা শ্ব’ৰ বাবে অগ্ৰিম ৫ লাখ ৭৫ হাজাৰ ১৯৭ টিকট বিক্ৰী হৈছে আৰু ইয়াৰ সৈতে ছবিখনে ১৭ কোটি ১৬ লাখ ৫০ হাজাৰ ৭৫১ টকাতকৈ অধিক ধন সংগ্ৰহ কৰিছে ।
  • এনিমেলৰ তেলুগু সংস্কৰণে ২ কোটিতকৈ অধিক ব্যৱসায় কৰিছে আৰু এনিমেল প্ৰথম দিনৰ বাবে এতিয়ালৈকে ১৫০৩ টা শ্ব’ৰ ১৬৩৩৬১ টা টিকট বিক্ৰী কৰিছে ।
  • তামিল ভাষাত এনিমলে ১২৪ টা শ্ব’ত ৫৮৬১ টা টিকট বিক্ৰী কৰি ৭ লাখ ১৬ হাজাৰ টকাৰো অধিক উপাৰ্জন কৰিছে ।
  • এনিমেলৰ কানাড়া সংস্কৰণৰ বাবে এতিয়ালৈকে ১৫৫৩ খন টিকট বিক্ৰী হৈছে আৰু ইয়াৰ উপাৰ্জন হৈছে ১ লাখ ৯৫ হাজাৰতকৈও অধিক ।
  • ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেও ‘এনিমেল’ এ এডভান্স বুকিং কৰি ১৯.৭ কোটি টকা উপাৰ্জন কৰিছে ।

প্ৰথম দিনাই অভিলেখ ভংগ কৰিব এনিমেলে

এনিমেলে অগ্ৰিম বুকিঙৰ পৰাই ১৯ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে, সেয়েহে মুক্তিৰ প্ৰথম দিনাই ছবিখনে বক্স অফিচত অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, এই ছবিখন ১ ডিচেম্বৰত হিন্দী, তামিল আৰু তেলুগু ভাষাত চিনেমাগৃহত মুক্তি পাব । ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মন্দন্না, অনিল কাপুৰ, ববি দেওল, ত্ৰুপ্তি ডিমৰি, শক্তি কাপুৰ, সুৰেশ ওবেৰয়কে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: পাঠান-জৱানৰ বাটত ৰণবীৰ কাপুৰৰ এনিমেল, পুৱাৰে পৰা আৰম্ভ হ’ব শ্ব’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.