ETV Bharat / entertainment

Latest Bihu Fusion song Ibaasi : টাইম স্কোৱাৰৰ পৰা বিশ্বই শুনিলে পাপনৰ কণ্ঠ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 12:42 PM IST

নিউয়ৰ্কৰ টাইম স্কোৱাৰত বাজি উঠিল পাপনৰ শেহতীয়াকৈ মুক্তিলাভ কৰা গীত লালৈ । অংগৰাগ পাপন মহন্তৰ সৈতে বিহুগীতত কণ্ঠদান কৰিলে আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলায়ে ।

Bihu on Time Square
নিউয়ৰ্কৰ টাইম স্কোৱাৰত বাজিল অসমৰ লালৈ
নিউয়ৰ্কৰ টাইম স্কোৱাৰত বাজিল অসমৰ লালৈ

গুৱাহাটী, 27 অক্টোবৰ : আফ্ৰিকালৈ শিঁপাইছে আমাৰ জাতিৰ প্ৰাণস্পন্দন বিহু । অসমবাসীৰ বাবে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান অংগৰাগ পাপন মহন্তই ৷ পোন প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ টাইম স্কোৱাৰতো বাজি উঠিল অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বিহু বাজি উঠিল পাপনৰ লালৈ ।

শেহতীয়াকৈ মুক্তিলাভ কৰা পাপনৰ ইবাছি গীতটোৱে বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ বৰ্তমান এই গীতটি সকলোৰে মুখে মুখে ৷ বিগত 25 অক্টোবৰ তাৰিখে মুক্তিলাভ কৰা এই বিহু আধাৰিত ফিউজন গীতটিত অংগৰাগ পাপন মহন্তৰ সৈতে একেলগে অসমীয়া ভাষাতে গীতটি পৰিবেশন কৰে আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলাই ৷ পেছাগতভাৱে নিনিওলা নামেৰে পৰিচিত নিনিওলা আপাটা এগৰাকী নাইজেৰিয়ান গায়িকা আৰু গীতিকাৰ ।

বৈচিত্ৰময় সংগীতত কণ্ঠ নিগৰোৱাৰ লগতে স্বতন্ত্ৰ ট্ৰেকৰ বাবে পৰিচিত প্ৰখ্যাত সংগীত সুৰকাৰ যুটি ছেলিম আৰু চুলেমানৰ এলবাম ‘ভূমি ২০২৩'ত দক্ষিণ আফ্ৰিকাৰ গায়কৰ সৈতে গীতটি পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই । পাপন আৰু নিনিওলাই অসমৰ বিহুৰ সৈতে সংমিশ্ৰণ ঘটাই গীতটি পৰিৱেশন কৰে ।

অংগৰাগ পাপন মহন্তৰ সৈতে বিহুগীতটিত কণ্ঠদান নিগৰাই আফ্ৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিনিওলাৰ লগতে একেলগে মঞ্চত বিহু নৃত্যও প্ৰদৰ্শন কৰে কেইবাগৰাকীও নৃত্যশিল্পীয়ে । যি ভিডিঅ’ এতিয়া সমাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত সমাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অংগৰাগ পাপন মহন্তই লিখিছে যে, ‘‘নমস্কাৰ বিশ্ববাসী । মোৰ এটা শৈশৱৰ সপোন সঁচা হ'ব ! সদায় অনুভৱ কৰিছিলোঁ যে আফ্ৰিকাই বিহুক লগ পোৱা উচিত ! যি এতিয়া বাস্তৱ হ’বলৈ গৈ আছে ।’’

ইফালে, নিউয়ৰ্কৰ টাইম স্কোৱাৰতো বাজি উঠিল পাপনৰ লালৈ । ইয়াৰ পিচতে পাপনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলযোগে টাইম স্কোৱাৰত গীতটি বাজি থকাৰ বিশেষ মুহূৰ্তটি সকলোৰে সৈতে শ্বেয়াৰ কৰে ৷ নাইজেৰিয়ান গায়িকা নিনিওলা আপাটাই কণ্ঠ নিগৰোৱা লালৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেতুকে পাপনৰ নিৰলস প্ৰয়াসক এতিয়া আদৰণী জনাইছে সকলোৱে ।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই ভিডিঅ’টো সামাজিক মাধ্যমযোগে পোষ্ট কৰি অংগৰাগ পাপন মহন্তক অভিনন্দন জনোৱাৰ লগতেই উল্লেখ কৰিছে, ‘‘সুদূৰ আমেৰিকাৰ নিউয়ৰ্কত বিহু বিনন্দীয়া !’’

"এক অতুলনীয় আৰু অভূতপূৰ্ব দৃশ্য । অসম গৌৰৱ আৰু আমাৰ সকলোৰে মৰমৰ শিল্পী অংগৰাগ পাপন মহন্তই আফ্ৰিকাৰ এগৰাকী জনপ্ৰিয় শিল্পীৰ সৈতে গোৱা এটি বিহু আধাৰিত ফিউজন গীত এইদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হোৱাটো অসমৰ লগতে ভাৰতীয় লোক-সংস্কৃতিৰ বাবে গৌৰৱৰ বিষয় । অভিনন্দন পাপন ।"

পাপনৰ এই প্ৰচেষ্টাই প্ৰথম নহয় । পূৰ্বেও বহুবাৰ পাপনে বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰাৰ অৰ্থে বহু প্ৰচেষ্টা হাতত লৈছে । পাপনে কেৱল বিহুক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াই নহয়, আন্তৰ্জাতিক মঞ্চত বিহুক বিখ্যাত কৰাৰ বাবেও অহৰহ চেষ্টা কৰি আহিছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ক’ক ষ্টুডিঅ’ত পাপনে পৰিবেশন কৰা অসমীয়া টোকাৰী গীতটোৱেও ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই গীতটিত পাপনৰ সৈতে একলগে কন্ঠ নিগৰাইছিল জনপ্ৰিয় কন্ঠশিল্পী সুগন্ধা গাৰ্গে ৷ আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই কেৱল অসমীয়া গীতেই নহয়, হিন্দী, বাংলা, তামিল, মাৰাঠী আদি ভাষাতো ইতিমধ্যে কণ্ঠদান কৰিছে ।

লগতে পঢ়ক: Atif Aslam : আতিফলৈ অনুৰাগীয়ে দলিয়ালে টকা, মঞ্চলৈ মাতি কণ্ঠশিল্পীগৰাকীয়ে দিলে উচিত শিক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.