ETV Bharat / entertainment

Ananya Pandays mother reacts: চৰ্চিত প্ৰেমিক আদিত্যৰ সৈতে অনন্যা পাণ্ডেৰ ফটোত প্ৰতিক্ৰিয়া অনন্যাৰ মাতৃৰ

author img

By

Published : Mar 13, 2023, 10:35 PM IST

দেওবাৰে লেকমে ফেশ্বন উইক ২০২৩ ত অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰে মনীষ মালহোত্ৰাৰ ডিজাইনাৰ সাজ পৰিধান কৰি ৰেম্পত একেলগে খোজ দিয়ে ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত অনন্যাৰ মাতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ চাওক কি ক’লে অনন্যাৰ মাতৃয়ে (Ananya Pandays mother reacts) ৷

Ananya Pandays mother reacts to her pictures with Rumoured BF Aditya Roy Kapur
অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰে ৰেম্পত একেলগে খোজ দিয়ে

চিটাৰা ডেস্ক, 13 মাৰ্চ: কথিত প্ৰেমিক অভিনেতা আদিত্য ৰয় কাপুৰৰ সৈতে লেকমে ফেশ্বন উইকৰ ৰাণৱেত দেওবাৰে একেলগে খোজ দিয়ে বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেয়ে ৷ দেওবাৰে LFW 2023 ত বলীউডৰ জনপ্ৰিয় ডিজাইনাৰ মনীষ মালহোত্ৰাৰ শ্ব’ষ্টপাৰ আছিল এই দুই কথিত প্ৰেমিক-প্ৰেমিকা (Ramp walk for Lakme Fashion)। দেওবাৰে পুৱা মনীষ মালহোত্ৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনন্যা আৰু আদিত্যক লৈ দুখন ছবি শ্বেয়াৰ কৰে (Aditya Roy Kapoor and Ananya Pandey ramp walk) ।

কিন্তু আপাত দৃষ্টিত নিজৰ মন সলনি কৰি ভাইৰেল হোৱাৰ পূৰ্বেই পোষ্টটো ডিলিট কৰি দিয়ে মনীষে । কিন্তু পৰবৰ্তী সময়ত মনীষে আকৌ দুয়োৰে এখন ফটো নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰে ৷ ইফালে ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰে দুয়োৰে ফটো আৰু ভিডিঅ’ ৷ লেকমে ফেশ্বন উইকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অনন্যাৰ শেহতীয়া ফটো আৰু ভিডিঅ’টো শ্বেয়াৰ কৰে (Rumoured Couple Ananya pandey Aditya Roy Kapoor)।

ফেশ্বন উইকত আদিত্যৰ সৈতে ৰেম্পত একেলগে খোজ কাঢ়ি যোৱাৰ এদিন পিচতে অনন্যাই ইনষ্টাগ্ৰামত এই অনুষ্ঠানটোৰ পৰা নিজৰ কেইখনমান ছবি শ্বেয়াৰ কৰে । অনন্যাই ক’লা প্ৰিণ্টেড বডিকন গাউন আৰু কেপৰ দৰে জেকেট পৰিধান কৰিছিল । আনহাতে আদিত্যই ক’লা চুট পৰিধান কৰি খোজ দিছিল ৰেম্পত (Aditya and Ananya at Lakme Fashion week 2023) ।

অনন্যাই ছবিসমূহ শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে কেইবাগৰাকী চেলিব্ৰিটিয়ে অভিনেত্ৰীগৰাকীৰ প্ৰশংসা কৰা দেখা যায় ৷ আদিত্যৰ সৈতে অনন্যাৰ ফটোখনত মাতৃ ভৱনা পাণ্ডেই ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । অনন্যাৰ পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাতৃ ভৱনাই কমেণ্ট ছেকচনত জুই আৰু হৃদয়ৰ চকুৰ ইমোজি দিয়ে। মহীপ কাপুৰেও অভিনেত্ৰীগৰাকীৰ পোষ্টত জুইৰ ইমোজিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Aditya Roy Kapur and Ananya Pandey Together) ।

ইফালে ৰেম্পত একেলগে খোজ দিয়াৰ পিচতে যেন বি টাউনৰ নতুন যুটি হৈ পৰিল অনন্যা আৰু আদিত্য় । অৱশ্যে এই দুয়োগৰাকীয়ে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক সম্পৰ্ক ঘোষণা কৰা নাই । কিন্তু বি-টাউনৰ পাৰ্টিত এই যুটিটোক প্ৰায়ে একেলগে দেখা পোৱা যায় । আদিত্য আৰু অনন্যাৰ ৰোমাঞ্চৰ উৰাবাতৰি কৰণ জোহৰে নিজৰ টক শ্ব’ত ইয়াৰ ইংগিত দিয়াৰ পিচতে চৰ্চা লাভ কৰিছিল ।

লগতে পঢ়ক: Ananya and Aditya ramp walk: ৰেম্প ৱাকত ৰোমান্টিক হৈ পৰিল অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.