চিটাৰা ডেস্ক, 7 মে’: বলীউডৰ মেগাষ্টাৰ বিগ বিয়ে প্ৰতি দেওবাৰে নিজা বাসগৃহ জলসাৰ পৰা ওলাই আহি অনুৰাগীক সম্বোধন কৰে (Amitabh Bachchan home Jalsa) । এতিয়া শেহতীয়াকৈ তেওঁ এই কথা প্ৰকাশ কৰিছে, আজি অৰ্থাৎ দেওবাৰে তেওঁ অনুৰাগীক লগ কৰিব নোৱাৰিব । এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে মেগাষ্টাৰগৰাকীয়ে (Amitabh Bachchan warning) ।
কামৰ বাবে আজি অৰ্থাৎ ৭ মে’ত বিগ বিয়ে লগ কৰিব নোৱাৰিব অনুৰাগীক
যোৱা শনিবাৰে নিশা অমিতাভ বচ্চনে নিজৰ ব্যক্তিগত ব্লগত অৱগত কৰিছিল যে, তেওঁ আজি অৰ্থাৎ ৭ মে’ত অনুৰাগীক লগ কৰিবলৈ জলসাৰ পৰা ওলাই আহিব নোৱাৰিব (Big Bs warning)। তেওঁ ব্লগত লিখিছে, কাইলৈ অৰ্থাৎ আজি মই জলসাৰ পৰা ওলাই আহিব নোৱাৰিম । ছবিখনৰ দৃশ্যগ্ৰহণ কৰা স্থানটো কেৱল দেওবাৰে দৃশ্যগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে ।
তেওঁ লগতে কয়, ‘‘সন্ধিয়া ৫:৪৫ বজাৰ ভিতৰত জলছালৈ উভতি যাব পাৰিম, কিন্তু হয়তো দেৰি হৈ যাব পাৰে, গতিকে মই আহিব নোৱাৰিবও পাৰো । সেয়াহে মই ইতিমধ্যে আপোনালোকক জনায় দিব বিচাৰিছো ।’’ বিগ বিয়ে তেওঁক লগ কৰিবলৈ দেওবাৰে জলসালৈ আহি ৰাস্তা বন্ধ নকৰিবলৈও অনুৰোধ জনাইছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
১৯৮২ চনৰ পৰা প্ৰতি দেওবাৰে বিগ বিয়ে নিজৰ অনুৰাগীৰ সৈতে মত বিনিময় কৰি আহিছে
কিছুদিন পূৰ্বে বিগ বিয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰিছিল । সেই ফটোখনত তেওঁৰ ঘৰ জলছাৰ বাহিৰত অনুৰাগীক লগ পোৱা দেখা গৈছিল । এই ফটোখনৰ কেপচনত তেওঁ লিখিছে , ‘‘ছাণ্ডে বাই দ্য গেটছ ৷ ১৯৮২ চনৰ পৰাই আপোনালোকক ব্যৰ্থ নোহোৱাকৈ লগ পাই আহিছো । ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো ।’’
১৯৮২ চনৰ পৰাই অনুৰাগীৰ সৈতে মত বিনিময় কৰি আহিছে বিগ বিয়ে । সেই অনুসৰি যোৱা ৪১ বছৰে তেওঁ প্ৰতি দেওবাৰে জলছাৰ পৰা ওলাই আহি অনুৰাগীক লগ পায় । কিন্তু কৰ’ণা কালত ঘৰৰ বাহিৰত অনুৰাগীক লগ পোৱাৰ বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা তেওঁ কেইদিনমানৰ বাবে স্থগিত ৰাখিছিল । ২০২২ চনৰ এপ্ৰিল মাহত যেতিয়া ক’ভিডৰ গোচৰ কমিবলৈ আৰম্ভ কৰে তেতিয়া বিগ বিয়ে অনুৰাগীক লগ পোৱাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰে (Amitabh Bachchan News) ।
ছেকচন ৮৪ আৰু প্ৰজেক্ট কে ছবিৰ শ্বুটিঙত ব্যস্ত বিগ বি
বিগ বি ব্যস্ত ছেকচন ৮৪ আৰু প্ৰজেক্ট কে ছবিখনৰ শ্বুটিঙত । ইয়াৰ পূৰ্বে অমিতাভে নিজৰ ব্লগত লিখিছিল যে ধাৰা ৮৪ অতি দাবীদাৰ ভূমিকা ।