চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: হিন্দী ছবিজগতৰ মেগাষ্টাৰ অমিতাভ বচ্চনক প্ৰদান বিচিচিআইৰ গোল্ডেন টিকট । এই কথা প্ৰকাশ কৰিছে বি চি চি আইৰ সম্পাদক জয় শ্বাহে । মঙলবাৰে বিচিচিআইয়ে শ্বেয়াৰ কৰা এটা পোষ্টত ক্ৰিকেটৰ প্ৰতি বিগ বিৰ মৰম আৰু সমৰ্থনৰ শলাগ লোৱা হৈছে ।
বিচিচিআইয়ে মঙলবাৰে নিজৰ অফিচিয়েল এক্স (টুইটাৰ)ত জয় শ্বাহ আৰু অমিতাভ বচ্চনৰ এখন ছবি আপলোড কৰিছে। ছবিখনত বি চি চি আইৰ সম্পাদকগৰাকীয়ে বলীউডৰ ছুপাৰষ্টাৰগৰাকীক গোল্ডেন টিকট দিয়া দেখা গৈছে।
-
Golden ticket for our golden icons!
— BCCI (@BCCI) September 5, 2023 " class="align-text-top noRightClick twitterSection" data="
BCCI Honorary Secretary @JayShah had the privilege of presenting our golden ticket to none other than the "Superstar of the Millennium," Shri @SrBachchan.
A legendary actor and a devoted cricket enthusiast, Shri Bachchan's unwavering support… pic.twitter.com/CKqKTsQG2F
">Golden ticket for our golden icons!
— BCCI (@BCCI) September 5, 2023
BCCI Honorary Secretary @JayShah had the privilege of presenting our golden ticket to none other than the "Superstar of the Millennium," Shri @SrBachchan.
A legendary actor and a devoted cricket enthusiast, Shri Bachchan's unwavering support… pic.twitter.com/CKqKTsQG2FGolden ticket for our golden icons!
— BCCI (@BCCI) September 5, 2023
BCCI Honorary Secretary @JayShah had the privilege of presenting our golden ticket to none other than the "Superstar of the Millennium," Shri @SrBachchan.
A legendary actor and a devoted cricket enthusiast, Shri Bachchan's unwavering support… pic.twitter.com/CKqKTsQG2F
ছবিখন শ্বেয়াৰ কৰি বিচিচিআইয়ে লিখিছে, ‘আমাৰ গোল্ডেন আইকনৰ বাবে গোল্ডেন টিকট । বি চি চি আইৰ সম্পাদক জয় শ্বাহে গোল্ডেন টিকট "মিলেনিয়াম ছুপাৰষ্টাৰ" অমিতাভ বচ্চনক উপহাৰ দিয়াৰ সৌভাগ্য লাভ কৰিছে । এজন মহান অভিনেতা আৰু এজন নিষ্ঠাবান ক্ৰিকেট প্ৰেমী অমিতাভ বচ্চনৰ টিম ইণ্ডিয়াৰ প্ৰতি অদম্য সমৰ্থনে আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে। আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে তেওঁৰ সৈতে জড়িত হৈ আমি অতি আনন্দিত হৈছো ।
আজি ৫ ছেপ্টেম্বৰত, অহা ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি মেন্স ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ বাবে ভাৰতীয় দলৰ কথা ঘোষণা কৰে ব’ৰ্ডে । ভাৰতীয় দলৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মা । সহ-অধিনায়ক হিচাপে থাকিব হাৰ্দিক পাণ্ডিয়া । ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ উপৰিও শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঈশান কিষণ, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱকো অন্তৰ্ভুক্ত কৰা হৈছে।
-
Here's the #TeamIndia squad for the ICC Men's Cricket World Cup 2023 🙌#CWC23 pic.twitter.com/EX7Njg2Tcv
— BCCI (@BCCI) September 5, 2023 " class="align-text-top noRightClick twitterSection" data="
">Here's the #TeamIndia squad for the ICC Men's Cricket World Cup 2023 🙌#CWC23 pic.twitter.com/EX7Njg2Tcv
— BCCI (@BCCI) September 5, 2023Here's the #TeamIndia squad for the ICC Men's Cricket World Cup 2023 🙌#CWC23 pic.twitter.com/EX7Njg2Tcv
— BCCI (@BCCI) September 5, 2023
অমিতাভ বচ্চনৰ ৱৰ্কফ্ৰন্ট
বিগ বিক অতি দেখা যাব সোনকালে প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে ‘প্ৰজেক্ট কে’ত । টাইগাৰ শ্ৰফৰ ‘গণপত’ আৰু ‘দ্য ইণ্টাৰ্ন’ৰ হিন্দী ৰিমেকতো তেওঁক দেখা যাব ।