চিটাৰা ডেস্ক, 21 এপ্ৰিল: বৃহস্পতিবাৰে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰে নিজৰ ব্লু টিক ভেৰিফিকেচন নীতিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিছে । নতুন নীতি জৰিয়তে টুইটাৰে বহু সুপৰিচিত ব্যক্তিসকলৰ একাউণ্টৰ পৰা আঁতৰাই দিয়ে ‘ব্লু টিক’ ৷ টুইটাৰ একাউণ্টৰ পৰা ভেৰিফাইড ব্লু টিক হেৰুৱাই পেলোৱা ৪ লাখ ইউজাৰৰ ভিতৰত বিল গেটছ, হিলাৰী ক্লিণ্টন,অমিতাভ বচ্চন, শ্বাহৰুখ খান, বিৰাট কোহলী আৰু প্ৰিয়ংকা চোপ্ৰা, জ’নাছৰ দৰে ডাঙৰ নাম অন্তৰ্ভুক্ত হৈছে (Amitabh Bachchan Blue Tick back)।
ইয়াৰ মাজতে এতিয়া বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ‘ব্লু টিক’ সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বিগ বিয়ে নিজৰ ব্লু টিকটো ঘূৰাই ল’বলৈ নিজৰ টুইটাৰ হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ বিগ বিয়ে ইতিমধ্যে ব্লু টিকৰ বাবে ধন পৰিশোধ কৰিছে বুলি উল্লেখ কৰে (Twitter blue tick price) ৷
অমিতাভ বচ্চনে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ব্যতিক্ৰমীভাৱে এটা টুইট কৰিছে, য’ত তেওঁ ইলন মাস্কক নিজৰ টুইটাৰ হেণ্ডেলত নীলা টিকটো ঘূৰাই দিবলৈ কয় (Amitabh Bachchan twitter) । বিগ বিয়ে টুইটত লিখিছে, টি ৪৬২৩ - এ টুইটাৰ ভাই ! শুনি আছা নে ? এতিয়া মই টকাও পৰিশোধ কৰিছো । গতিকে সেই নীল কমল (Blue Tick) মোৰ নামৰ সন্মুখত লগাই দিয়ক ভাই, যাতে মানুহে গম পায় যে মই- অমিতাভ বচ্চন । হাত যোৰ কৰি কৈছো । এতিয়া কি ভৰিত ধৰিব লাগিব নেকি ?’ বিগ বিৰ এই পোষ্টটোত ইতিমধ্যেই বহু লোকে মন্তব্য কৰিছে ৷
-
T 4623 - ए twitter भइया ! सुन रहे हैं ? अब तो पैसा भी भर दिये हैं हम ... तो उ जो नील कमल ✔️ होत है ना, हमार नाम के आगे, उ तो वापस लगाय दें भैया , ताकि लोग जान जायें की हम ही हैं - Amitabh Bachchan .. हाथ तो जोड़ लिये रहे हम । अब का, गोड़वा 👣जोड़े पड़ी का ??
— Amitabh Bachchan (@SrBachchan) April 21, 2023 " class="align-text-top noRightClick twitterSection" data="
">T 4623 - ए twitter भइया ! सुन रहे हैं ? अब तो पैसा भी भर दिये हैं हम ... तो उ जो नील कमल ✔️ होत है ना, हमार नाम के आगे, उ तो वापस लगाय दें भैया , ताकि लोग जान जायें की हम ही हैं - Amitabh Bachchan .. हाथ तो जोड़ लिये रहे हम । अब का, गोड़वा 👣जोड़े पड़ी का ??
— Amitabh Bachchan (@SrBachchan) April 21, 2023T 4623 - ए twitter भइया ! सुन रहे हैं ? अब तो पैसा भी भर दिये हैं हम ... तो उ जो नील कमल ✔️ होत है ना, हमार नाम के आगे, उ तो वापस लगाय दें भैया , ताकि लोग जान जायें की हम ही हैं - Amitabh Bachchan .. हाथ तो जोड़ लिये रहे हम । अब का, गोड़वा 👣जोड़े पड़ी का ??
— Amitabh Bachchan (@SrBachchan) April 21, 2023
বিগ বিৰ কমেণ্ট বক্সত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ধৈৰ্যৰ ফল হ’ল ব্লু টিক ।’ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, ‘ধৈৰ্য ধৰক।’ এঘণ্টা পূৰ্বে টুইট কৰা এই পোষ্টটোত ১১ হাজাৰতকৈ অধিক লাইক লাভ কৰিছে । আনহাতে হাজাৰ হাজাৰ লোকে ইয়াৰ ওপৰত মন্তব্য কৰিছে (Amitabh Bachchan tweet) । একে সময়তে ১৫০০ৰো অধিক লোকে ৰিটুইট কৰিছে (Amitabh Bachchan Blue Tick)।
উল্লেখ্য যে, টুইটাৰৰ এই নতুন নিয়ম অনুসৰি, টুইটাৰত নিজৰ ভেৰিফাইড একাউণ্ট ৰাখিবলৈ পৰিশোধ কৰিব লাগিব ধন (Why twitter removed blue tick) ৷ যিসকল লোকে টুইটাৰক ধন পৰিশোধ কৰিব, কেৱল সেইসকল ব্যক্তিয়েহে টুইটাৰৰ ‘ব্লু টিক’ লাভ কৰিব ৷ এন্ড্ৰইড আৰু আইঅ’এছ ব্যৱহাৰকাৰীয়ে টুইটাৰক 11 মাহৰ বাবে পৰিশোধ কৰিব লাগিব 11 আমেৰিকান ডলাৰ ৷ ইফালে ৱেবৰ জৰিয়তে টুইটাৰ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলে 8 মাহৰ বাবে পৰিশোধ কৰিব লাগিব 11 আমেৰিকান ডলাৰ ৷