ETV Bharat / entertainment

নেটফ্লিক্সে ডিলিট কৰিলে নয়নতৰাৰ ছবি অন্নপূৰ্ণি, শ্ৰীৰামক অপমানৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 3:26 PM IST

Annapoorani Controversy: নয়নতৰাৰ ছবি ‘অন্নপূৰ্ণি’ক লৈ ক্ৰমবৰ্ধমান বিতৰ্ক দেখি নেটফ্লিক্সে অ’টিটি প্লেটফৰ্মৰ পৰা ছবিখন আঁতৰাই পেলাইছে ৷ কিন্তু ছবিখনক লৈ কিয় বিতৰ্কৰ সৃষ্টি জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Amid Annapoorani Controversy, Nayanthara's film Removed From Netflix
অন্নপূৰ্ণি বিতৰ্ক অন্নপূৰ্ণি ছবিখনত শ্ৰীৰামক অপমান কৰাৰ অভিযোগ

চিটাৰা ডেস্ক, ১১ জানুৱাৰী: বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰাৰ ছবি ‘অন্নপূৰ্ণি’ । এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ ৷ দৰাচলতে ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পোৱাৰ পৰাই ইয়াৰ বিৰোধিতা কৰা হৈছে । ক্ৰমবৰ্ধমান বিতৰ্ক দেখি নেটফ্লিক্সে এতিয়া নয়নতৰাৰ ছবিখন ডিলিট কৰিবলগীয়া হৈছে ।

বিতৰ্কৰ মাজতে নেটফ্লিক্সে গোপনে ডিলিট কৰিলে নয়নতৰাৰ ছবিখন

নেটফ্লিক্সে অন্নপূৰ্ণিক অ’টিটি প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাইছে । ছবিখনত শ্ৰীৰামক লৈ আপত্তিজনক মন্তব্য কৰা বুলি দাবী উত্থাপন হৈছিল, যাৰ বাবে বহু লোকৰ ধৰ্মীয় আৱেগক আঘাত পাইছে বুলিও অভিযোগ উত্থাপন হৈছিল । চিনেমাখনত শ্ৰীৰামক ‘মাংসভোজী’ বুলি অভিহিত কৰা হৈছে, যাৰ বাবে চিনেমাখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ।

‘শ্ৰী ৰাম’ক লৈ আপত্তিজনক মন্তব্যত ক্ষুব্ধ ৰাইজ

ছ’চিয়েল মিডিয়াত নেটফ্লিক্সক এই ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাই আহিছিল । ক্ৰমবৰ্ধমান বিতৰ্ক দেখি নেটফ্লিক্সে লগে লগে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু হিন্দুসকলৰ আৱেগৰ প্ৰতি সঁহাৰি জনাই নয়নতৰাৰ ছবিখন অ’টিটি প্লেটফৰ্মৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লয় ।

এক্স একাউণ্টত এক পোষ্টযোগে এই কথা নিশ্চিত কৰিছে দক্ষিণৰ চলচ্চিত্ৰ বিশেষজ্ঞ খিষ্ট'ফাৰ কানাগৰাজে । তেওঁ পোষ্টটোত লিখিছে, ‘‘এসপ্তাহ পূৰ্বে নেটফ্লিক্সত মুক্তি পোৱা লেডী ছুপাৰষ্টাৰৰ ছবিখন এতিয়া ষ্ট্ৰীমিং প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হৈছে ।’’

এফআইআৰ পঞ্জীয়ন

উল্লেখ্য যে, ছবিখনৰ বিৰুদ্ধে মুম্বাই আৰু জবলপুৰত এফআইআৰ ৰুজু কৰা হৈছে । জবলপুৰৰ এটা হিন্দু সংগঠনে ছবিখনৰ সমগ্ৰ তাৰকা অভিনেতা, প্ৰযোজক আৰু পৰিচালকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে । কোৱা হৈছে যে অন্নপূৰ্ণি ছবিখনত এনে বহু দৃশ্য আছে, য’ত শ্ৰীৰামৰ বিৰুদ্ধে অনুচিত মন্তব্য কৰি হিন্দুসকলৰ আৱেগক আঘাত কৰা হৈছে । ইয়াৰ উপৰিও শ্ৰীৰামে নিৰ্বাসনৰ সময়ত জীৱ-জন্তু হত্যা কৰি মাংস খাইছিল বুলিও দেখুওৱা হৈছে ।

লগতে পঢ়ক: অন্নপূৰ্ণি ছবিত ৰামক অপমান কৰাৰ অভিযোগত নয়নতৰাৰ বিৰুদ্ধে FIR দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.