ETV Bharat / entertainment

National Film Awards 2023: ৱাহিদা ৰেহমানক পোন প্ৰথমবাৰৰ বাবে লগ পালে আল্লু অৰ্জুনে

মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈ যায় 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানত আলিয়া ভাট, কৃতি সেনন, আল্লু অৰ্জুনৰ দৰে তাৰকাই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । তিনিওগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে বহু ছবি ক্লিক কৰে । ইয়াৰ সমান্তৰালকৈ কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰেহমানৰ সৈতেও আল্লু অৰ্জুনৰ এখন ছবি ভাইৰেল হৈ পৰে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:53 PM IST

Allu Arjun poses with National film award winners Waheeda rehman Alia bhatt Kriti sanon
ৱাহিদা ৰেহমানক লগ পালে আল্লু অৰ্জুনে

চিটাৰা ডেস্ক, 18 অক্টোবৰ: মঙলবাৰৰ দিনটো আছিল আল্লু অৰ্জুনৰ বাবে এক অতি বিশেষ দিন । কিয়নো এই দিনটোতেই জীৱনৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ছুপাৰষ্টাৰগৰাকীয়ে । বঁটা লাভ কৰাৰ পিচতে তেওঁৰ ছবিখনক মৰম দিয়াৰ বাবে অনুৰাগীক ধন্যবাদ জনায় । লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ীসকলৰ সৈতে একেলগে ফটোৰ বাবে পোজ দিয়াও দেখা যায় । এই সকলোবোৰৰ মাজতে আল্লুৱে প্ৰথমবাৰৰ বাবে লগ পায় কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰেহমানক ৷ প্ৰবীণ অভিনেত্ৰীগৰাকীৰ সৈতে আল্লুৱে শ্বেয়াৰ কৰে ছবি ৷

ৱাহিদা ৰেহমানৰ সৈতে পোজ দিলে আল্লু অৰ্জুনে

ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিচত বিজয়ীসকলে ইগৰাকীয়ে সিগৰাকীৰ সৈতে ফটো তোলা দেখা যায় ৷ আল্লুৱে প্ৰথমবাৰৰ বাবে কিংবদন্তি অভিনেত্ৰী ৱাহিদা ৰেহমানৰ সৈতে এখন ফটো তুলিবলৈ সুযোগ লাভ কৰে ৷ আল্লুৱে ৱাহিদা ৰেহমানক লগ পোৱাটো আজীৱন অভিজ্ঞতা বুলি অভিহিত কৰিছে ।

আল্লু, আলিয়া আৰু কৃতিয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় বঁটা

'গংগুবাই কাঠিয়াৱাড়ী'ৰ বাবে আলিয়া ভাটে আৰু 'মিমি'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে কৃতি সেননে । ইয়াৰ লগতে আল্লু অৰ্জুনে ‘পুষ্পা’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে । এই বঁটা লাভ কৰা তেলুগু উদ্যোগৰ প্ৰথমগৰাকী তাৰকা হিচাপে পৰিগণিত হয় আল্লু । তিনিওগৰাকীয়ে নিজৰ জীৱনৰ এই বিশেষ মুহূৰ্তটো একেলগে উদযাপন কৰা দেখা যায় । তিনিগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ বাবে সুন্দৰ বাৰ্তাও লিখিছিল, যিয়ে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় ।

তিনিওগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক জনালে অভিনন্দন

আলিয়া ভাটে কৃতি সেননক তেওঁৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি অভিনন্দন জনায় । আলিয়া ফটো শ্বেয়াৰ কৰি লিখিছে, ‘অভিনন্দন মিমি...কালি কটোৱা মুহূৰ্তবোৰৰ বাবে আমাৰ দিনটো বৰ বিশেষ আছিল । আপোনাৰ প্ৰতি বহুত মৰম । সোনকালেই মোক লগ কৰা যাতে ৰণবীৰে আমাৰ বহু ফটো ক্লিক কৰিব পাৰে ।’’

আলিয়াৰ এই পোষ্ট ৰিপোষ্ট কৰি কৃতিয়ে কয় যে দুয়োৰে এই ফটোখন ডাঙৰ হাঁহিৰে ক্লিক কৰিছে ৰণবীৰ কাপুৰে ।

আল্লু অৰ্জুনেও শ্বেয়াৰ কৰিছে ছবি

‘পুষ্পা’ ষ্টাইলত আল্লুৱে কৃতিৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ছবি ৷ এই ফটোখনত আল্লুক অভিনন্দন জনাই কৃতিয়ে কয় যে দুয়োগৰাকীয়ে এই স্থানত আকৌ এবাৰ লগ হ’ব আৰু একেলগে কাম কৰিব বুলি আশা কৰিছে ।

লগতে পঢ়ক: 69th National Film Awards: ৰাষ্ট্ৰপতি মূৰ্মুৰ সৈতে পোজ দিলে 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.