ETV Bharat / entertainment

চাৰিদিনীয়া কাৰ্যসূচীৰে ৰণবীৰ-আলিয়াৰ Grand wedding

author img

By

Published : Apr 9, 2022, 1:27 PM IST

ৰণবীৰ-আলিয়াৰ বিবাহত এতিয়া দৃষ্টি আৱদ্ধ প্ৰতিগৰাকী অনুৰাগীৰ ৷ প্ৰথমতে 17 এপ্ৰিলত বিয়াত বহাৰ কথা আছিল ৰণবীৰ-আলিয়া ৷ তাৰ পিছত দুদিন আগুৱাই 15 এপ্ৰিলত বিয়াত বহিব বুলি ওলাল (Ranbir Alia wedding) খবৰ ৷ কিন্তু আমোদজনক কথা এয়ে যে, এই দুটা তাৰিখৰ এটাতো বিয়া নহয় ৰণবীৰ-আলিয়াৰ ৷

Ranbir Alia wedding
ৰণবীৰ-আলিয়াৰ বিয়া

চিটাৰা ডেস্ক, 9 এপ্ৰিল : বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰৰ বিয়াৰ খবৰে অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে ৷ অধীৰ আগ্ৰহেৰে অনুৰাগীসকল ৰৈ আছে দুয়োৰে বিয়া উপভোগ কৰিবলৈ ৷ সমান্তৰালকৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰণবীৰ-আলিয়া অভিনীত প্ৰথমখন ছবি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ অপেক্ষাত ৷

বহুচৰ্চিত বিয়াখনৰ দিন(Ranbir Alia wedding) এতিয়া নিচেই চমু হৈ পৰিছে ৷ সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ কাৰ্যসূচী সবিস্তাৰে প্ৰকাশ পাইছে । ইতিমধ্যে নিৰ্দিষ্ট কৰা হৈছে বিবাহৰ তাৰিখ (Ranbir Alia marriage) । সেই অনুসৰি, প্ৰেমিক যুগলে 14 এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ'ব । দুয়োগৰাকীয়ে অৱশ্যে এই প্ৰসংগত মুখ খোলাৰ পৰা বিৰত আছে ৷ গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিয়াখন ।

চেম্বুৰস্থিত আৰ কে ষ্টুডিঅ'ত সম্পন্ন হ’ব বিয়াখন । ৰণবীৰৰ পিতৃ-মাতৃ ক্ৰমে প্ৰয়াত অভিনেতা ঋষি কাপুৰ আৰু প্ৰবীণ তাৰকা নীতু কাপুৰেও ১৯৮০ চনত একেটা স্থানতে বিবাহপাশত আৱদ্ধ হৈছিল । আলিয়া ভাটৰ খুৰাক ৰবীন ভাটে এই কথা প্ৰকাশ কৰিছে ৷

অতিকে অনুষ্টুপীয়াকৈ বিবাহপাশত আৱদ্ধ হ'ব ৰণবীৰ-আলিয়া । অতিথিৰ তালিকাত থকা অধিকাংশই পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গ ৷ বিয়ালৈ বি-টাউনৰ চেলিব্ৰেটীসকলৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালী, বৰুণ ধৱন, অয়ন মুখাৰ্জী, জয়া আখতাৰ, অৰ্জুন কাপুৰ, মাচাবা গুপ্তা, কৰণ জোহৰ, কৰীণা কাপুৰ খান আৰু চেইফ আলী খানকহে আমন্ত্ৰণ জনোৱা হ’ব ।

ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ মুক্তি পাবলগীয়া ছবি 'ব্ৰহ্মাস্ত্ৰ'ৰ ছেটত ইজনে-সিজনৰ প্ৰেমত পৰিছিল (Ranbir Alia relationship) । দুয়োজনৰে সম্পৰ্কৰ কথা ২০১৮ চনত সোণম কাপুৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ৰাজহুৱাকৈ প্ৰকাশ পাইছিল ৷ সামাজিক মাধ্যমত দুুয়োৱে একেলগে একাধিক বন্ধৰ ফটো শ্বেয়াৰ কৰা আৰু একাধিকবাৰ পৰিয়ালকেন্দ্ৰিক অনুষ্ঠানত দুয়োজনৰে উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীয়ে দুয়োৰে সম্পৰ্কৰ বিষয়ে জানিব পাৰিছিল ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা-অভিনেত্ৰী দুগৰাকীয়ে ৷

লগতে পঢ়ক: কইনাৰ সাজত আলিয়া ভাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.