চিটাৰা ডেস্ক, 26 ছেপ্টেম্বৰ: বক্স অফিচত পুনৰ এক নতুন ছবিৰে আলোড়নৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে আলিয়া ভাটে । যোৱা বছৰ ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিৰে আলোড়নৰ সৃষ্টি কৰা আলিয়া ভাট পুনৰবাৰ একক অভিনয়েৰে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে ৷ এনে পৰিস্থিতিত আজি ২৬ ছেপ্টেম্বৰত আলিয়াই ঘোষণা কৰিছে তেওঁৰ নতুন ছবি ‘জিগ্ৰা’। জিগ্ৰা ছবিৰ এটা টিজাৰো মুকলি কৰিছে আলিয়াই, য’ত অভিনেত্ৰীগৰাকীক বেগ লৈ থকা দেখা গৈছে । এই টিজাৰটোত আলিয়া ভাটক এক শক্তিশালী সংলাপ কোৱা দেখা গৈছে।
ভাতৃক ৰক্ষা কৰিব আলিয়া ভাটে
জিগ্ৰাৰ টিজাৰত আলিয়া ভাটে কৈছে, ‘‘চাওক...মোক চাওক...তুমি ৰাখী পিন্ধোৱা নহয় মোকস...তুমি মোৰ সুৰক্ষাত আছা...মই তোমাক একো হ’বলৈ নিদিওঁ, কেতিয়াও।’’ আলিয়া ভাটে টিজাৰৰ ভিডিঅ’ পোষ্ট কৰি লগতে লিখিছে, ‘‘অতি প্ৰতিভাৱান @vasanbala ৰ দ্বাৰা পৰিচালিত আৰু @dharmamovies & @eternalsunshineproduction ৰ দ্বাৰা প্ৰযোজিত #জিগ্ৰা উপস্থাপন। ধৰ্ম প্ৰডাকচনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ পৰা ধৰ্ম প্ৰডাকচনৰ লগতে জড়িত হৈ এখন ছবি নিৰ্মাণৰ যাত্ৰা, এনেকুৱা লাগিছে য’ৰ পৰা আৰম্ভ কৰিছিলো তাতেই আহি পালোহি ।’’
লগতে লিখিছে- প্ৰতিটো দিনেই এটা বেলেগ দিন... ৰোমাঞ্চকৰ, প্ৰত্যাহ্বানমূলক (আৰু অলপ ভয়ংকৰ)... কেৱল অভিনেতা হিচাপে নহয়, প্ৰযোজক হিচাপেও আমি এই ছবিখনক জীৱন্ত কৰি তুলিবলৈ যৎপোৰোনাস্তি চেষ্টা কৰিছো ৷ এতিয়া এই ছবিখন মুকলি হোৱাৰ বাবে আমি অপেক্ষা কৰিব পৰা নাই ৷ জিগ্ৰা - চিনেমা হলত ২৭ ছেপ্টেম্বৰ ২০২৪ ৷ ’’
- " class="align-text-top noRightClick twitterSection" data="">
ছবিখনৰ পৰিচালক কোন ?
মর্দ কো দর্দ নাহি হোতা, ৰমন-ৰাঘৱ ২.০, বম্বে ভেলভেট আৰু মনিকা..অ’ মাই ডার্লিং আদি ছবি নির্মাণ কৰা পৰিচালক ভাছন বালাই এই ছবিখন পৰিচালনা কৰিব ৷ কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচন হাউচত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে কৰণ জোহৰ, আলিয়া ভাট, অপূৰ্ব মেহতা আৰু সোমন মিশ্ৰই । উল্লেখ্য যে, এই ছবিখন ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ।
লগতে পঢ়ক: Fareey Teaser: ছলমান খানৰ ভাগিনী আলিজেহৰ ছবি ফেৰেৰ টিজাৰ মুক্তি