ETV Bharat / entertainment

Ranbir Alia wedding: ব’হাগতে গাত মাহ-হালধি সানিব আলিয়াই

author img

By

Published : Apr 5, 2022, 12:22 PM IST

Updated : Apr 5, 2022, 2:27 PM IST

চলিত বছৰটোত বৈবাহিক জীৱন আৰম্ভ কৰাৰ কথা কেইবাজনো তাৰকাই ৷ এইখন তালিকাত শীৰ্ষ স্থানত আছে ৰণবীৰ-আলিয়াৰ নাম (Ranbir Alia wedding) । তিনি বছৰতকৈও অধিক সময় ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা ৰণবীৰ-আলিয়া 17 এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ’ব (Ranbir Alia marriage date) ৷

Ranbir Alia wedding
Ranbir Alia wedding

চিটাৰা ডেস্ক, 5 এপ্ৰিল: ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ অনুৰাগীসকললৈ সুখবৰ । অৱশেষত অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা দিনটো তেনেই কাষত ৷ এই মাহতে হ’বগৈ বলীউডৰ বহুচৰ্চিত বিয়াখন (Ranbir Alia wedding) ৷

বিগত বৰ্ষৰ শেষৰ সময়ছোৱাৰ পৰা এই বছৰৰ আৰম্ভণি পৰ্যন্ত কেইবাটাও বলীউড যুটিয়ে যুগ্ম জীৱনৰ আৰম্ভণি কৰে ৷ বিকী-কেটৰিণাৰ বিয়াৰ পিছৰে পৰাই সকলোৰে মুখে মুখে চলি আহিছিল কেৱল ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ কথা ৷ লগ পালেই পাপাৰাজীয়ে দুয়োকে বিয়াৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে ৷

Ranbir Alia wedding
ৰণবীৰ কাপুৰ আলিয়া ভাট

এতিয়া সকলোবোৰ উৎকণ্ঠাৰ অৱসান ঘটনাই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে এই জনপ্ৰিয় যুটি ৷ 17 এপ্ৰিলত বিয়াত বহিব ৰণবীৰ আলিয়া (Ranbir Alia marriage date) ৷ প্ৰায় তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্কক হোমৰ সাক্ষীৰে নতুন নাম দিবলৈ আগবাঢ়িছে ৰণবীৰ আলিয়া (Ranbir Alia news) ৷ প্ৰাপ্ত বাতৰি অনুসৰি ৰাজস্থানত বিয়া পাতিব তেওঁলোকে ৷

আন কিছু সূত্ৰই মুম্বাইতো বিয়াখন অনুষ্ঠিৰ হ’ব বুলি জানিব দিছে ৷ আড়ম্বৰপূৰ্ণ বিবাহৰ সলনি অনুষ্টুপীয়া অনুষ্ঠানতেই বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা ৰণবীৰ আলিয়া ৷ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু বৰ্গৰ উপস্থিতিহে কামনা কৰিছে আলিয়াই ৷ আলিয়াৰ ককাদেউতাৰ নাতিনীয়েকৰ বিয়াখনক লৈ থকা হেঁপাহৰ বাবেই এতিয়া পূৰ্ণ গতিত প্ৰস্তুতি চলিছে বিয়াৰ ৷

Ranbir Alia wedding
ৰণবীৰ কাপুৰ আলিয়া ভাট

ৰণবীৰ কাপুৰে 2017 চনৰ পৰাই আলিয়াৰ সৈতে সম্পৰ্কত থকা বুলি প্ৰকাশ পাইছিল (Ranbir Alia relationship) । এটা সাক্ষাৎকাৰত ৰণবীৰে ক’ৰণা নোহোৱা হেতেন এতিয়ালৈকে দুয়ো স্বামী-স্ত্ৰী হৈ পৰিলেহেতেন বুলিও উল্লেখ কৰিছিল ৷ এই ৰিয়েল লাইফ যুটিয়ে ৰীল লাইফ যুটি হিচাপে প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা দিব 'ব্ৰহ্মাস্ত্ৰ' চলচ্চিত্ৰখনৰ জৰিয়তে (Ranbir Alia movie) ৷ ছবিখনে 9 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী দামী বলীউড তাৰকাৰ শাৰীত উৰ্ৱশী ৰৌতেলা !

Last Updated : Apr 5, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.