ETV Bharat / entertainment

আহি আছে 'মিৰ্জাপুৰ' ৩: আলী ফজলে আৰম্ভ কৰিলে প্ৰস্তুতি

author img

By

Published : May 13, 2022, 10:42 AM IST

Updated : May 13, 2022, 11:24 AM IST

বিখ্যাত ক্ৰাইম চিৰিজ মিৰ্জাপুৰৰ তৃতীয়টো চিজনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে মিৰ্জাপুৰৰ অনুৰাগীসকল (Mirzapur season 3) ৷ মিৰ্জাপুৰ চিজন 3ৰ বাবে ইতিমধ্যে ৰিহাৰ্চেল আৰম্ভ কৰিছে অভিনেতা আলী ফজলে ৷ অভিনেতাগৰাকীয়ে তেওঁৰ ইষ্টাগ্ৰামত জনালে এই কথা ৷ এই খবৰটো বিয়পি পৰাৰ পাছতেই উৎসুক হৈ পৰিছে মিৰ্জাপুৰৰ অনুৰাগীসকল ৷

Mirzapur
মিৰ্জাপুৰ চিজন ৩

চিটাৰা ডেস্ক, 13 মে’: মিৰ্জাপুৰ চিৰিজটোৰ অনুৰাগী সকললৈ ভাল খবৰ ৷ দুটা চিজনৰ বিপুল জনপ্ৰিয়তাৰ পিছত অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছিল মিৰ্জাপুৰ চিজন 3 লৈ (Mirzapur season 3) ৷ অভিনেতা আলী ফজলে বৃহস্পতিবাৰে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে সেই বহু প্ৰতীক্ষিত খবৰটো ৷ অভিনেতাজনে জনপ্ৰিয় অপৰাধমূলক চিৰিজ ‘মিৰ্জাপুৰ’ৰ বহু প্ৰতীক্ষিত তৃতীয়টো চিজনৰ ৰিহাৰ্চেল ইতিমধ্য়ে আৰম্ভ কৰিছে ।

আলি ফজলে আৰম্ভ কৰিলে প্ৰস্তুতি
আলি ফজলে আৰম্ভ কৰিলে প্ৰস্তুতি

এক্সেল এণ্টাৰটেইনমেণ্টৰ অধীনত ৰীতেশ চিধৱানী আৰু ফাৰহান আখটাৰৰ দ্বাৰা প্ৰযোজিত, প্ৰাইম ভিডিঅ' চিৰিজটো প্ৰথমবাৰৰ বাবে 2018 চনত প্ৰিমিয়াৰ হৈছিল । ২০২০ চনত মুক্তি পোৱা ইয়াৰ দ্বিতীয় চিজনটো ভাৰতৰ আটাইতকৈ বেছি চোৱা অনুষ্ঠানবোৰৰ ভিতৰত এটা আছিল অন্যতম ।

মিৰ্জাপুৰত গুড্ডু পণ্ডিতৰ চৰিত্ৰৰে জনপ্ৰিয়তা অৰ্জন কৰা আলী ফজলে তৃতীয় চিজনৰ প্ৰস্তুতিৰ কথা ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰি অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে । "আৰু আৰম্ভ হ’ল সময় ! প্ৰস্তুতি, ৰিহাৰ্চেল, পঢ়া । গুড্ডু আহি আছে," ৩৬ বছৰীয়া অভিনেতাজনে পোষ্টটোৰ শিৰোনাম এইদৰে দিয়ে (Mirzapur season 3 release date) ।

'মিৰ্জাপুৰ'ত অমিত চিয়াল, অঞ্জুম শৰ্মা, শীবা চাড্ডা, মনু ঋষি চাডা আৰু ৰাজেশ তেলাঙৰ লগতে পংকজ ত্ৰিপাঠী, শ্বেতা ত্ৰিপাঠী শৰ্মা, ৰচিকা দুগাল, হৰ্ষিতা শেখৰ গৌৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে (Mirzapur season 3 cast) । অনুষ্ঠানটোৰ দ্বিতীয় চিজনত অভিনেতা বিজয় বৰ্মা, প্ৰিয়াংশু পেনুলি আৰু ঈশা তলৱাৰে অভিনয় কৰি নতুন চৰিত্ৰ সংযোজন কৰিছিল ।

লগতে পঢ়ক: পৃথ্বীৰাজৰ 'হৰি হৰ' গীতটিক অন্যতম দেশপ্ৰেমমূলক গীত হিচাপে অভিহিত কৰিলে অক্ষয় কুমাৰে

Last Updated : May 13, 2022, 11:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.