চিটাৰা ডেস্ক, 24 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ সম্প্ৰতি ব্যস্ত আগন্তুক ছবি "বাড়ে মিয়ান ছোটে মিয়ান"ৰ দৃশ্যগ্ৰহণক লৈ (Bade Miyan Chote Miyan) ৷ কিন্তু শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থাকোতেই এক অঘটন সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি একচন দৃশ্যৰ চিত্ৰগ্ৰহণৰ কৰি থকাৰ সময়তেই আঘাতপ্ৰাপ্ত হয় অক্ষয় কুমাৰ (Superstar Akshay Kumar) ৷ আঁঠুত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী ৷
- " class="align-text-top noRightClick twitterSection" data="
">
আলী আব্বাছ জাফৰৰ পৰিচালিত বাড়ে মিয়ান ছোটে মিয়ান ছবিখনত অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে অভিনয় কৰিছে অক্ষয় কুমাৰে । স্কটলেণ্ডত চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে আহত হয় অভিনেতাগৰাকী । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেতাগৰাকী আহত হৈছে যদিও গুৰুতৰভাৱে আহত হোৱা নাই (Akshay Kumar suffers knee injury) ৷ সেয়াহে, আহত হোৱাৰ পিচতো ছবিখনৰ শ্বুটিং কৰি আছে অক্ষয়ে ৷
প্ৰাপ্ত খবৰ অনুসৰি অক্ষয়ে টাইগাৰৰ সৈতে একচন ছিকুৱেন্সৰ বাবে শ্বুটিং কৰি আছিল, কিন্তু হঠাৎ এটা নিৰ্দিষ্ট ষ্টাণ্ট প্ৰদৰ্শন কৰিবলৈ লওতেই আহত হয় অভিনেতাগৰাকী ৷ সম্প্ৰতি আঁঠুত ব্ৰেচ পিন্ধিছে অক্ষয়ে । জানিব পৰা মতে, অভিনেতাগৰাকীয়ে বৰ্তমান স্কটলেণ্ডৰ শ্বুটিং সময়মতে সমাপ্ত কৰিবলৈ নিজৰ ক্ল’জ আপৰ শ্বুটিং কৰি আছে, আনহাতে একচন দৃশ্যসমূহ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে (Akshay Kumar action scene with Tiger Shroff) ।
- " class="align-text-top noRightClick twitterSection" data="
">
বাড়ে মিয়ান ছোটে মিয়ানৰ প্ৰযোজনা কৰিছে জেকি ভগনানীৰ পূজা এণ্টাৰটেইনমেণ্টে ৷ প্ৰযোজকগৰাকীয়ে কৈছিল যে, বাড়ে মিয়ান ছোটে মিয়ানৰ কথা আহিলে হবছ এণ্ড শ্ব’ বা ফাষ্ট এণ্ড ফিউৰিয়েছৰ ভাৰতীয় সংস্কৰণৰ কথা ভাবিছিলো, য’ত কাহিনীভাগত নহয়, চৰিত্ৰসমূহৰ মাজত একচন আৰু চৰিত্ৰভিত্তিক কমেডী থাকিব (Bade Miyan Chote Miyan sets) ৷
প্ৰযোজকগৰাকীয়ে লগতে কয় যে পৰিচালক আলী আব্বাছ জাফৰক ছবিখনৰ পৰিচালনাৰ বাবে লোৱাৰ পূৰ্বে তেওঁ প্ৰথমে ছবিখনৰ বাবে অক্ষয়ৰ কাষ চাপিছিল (Akshay Kumar got hurt on knees) । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিচালকে উল্লেখ কৰিছিল যে ১৯৯৮ চনৰ অমিতাভ বচ্চন-গোবিন্দাৰ অভিনীত ছবিখনৰ সৈতে ছবিখনৰ কোনো সম্পৰ্ক নাই যদিও ছবিখনৰ শিৰোনাম একে হোৱাৰ কাৰণ আছে। ছবিখন ২০২৩ চনৰ ডিচেম্বৰ মাহত ছবিগৃহত মুক্তি লাভ কৰিব।