ETV Bharat / entertainment

Prithviraj Chauhan movie: অৱশেষত নাম সলনি হ’ল পৃথ্বীৰাজৰ

author img

By

Published : May 28, 2022, 12:02 PM IST

বলীউড তাৰকা অক্ষয় কুমাৰৰ মুক্তি পাবলগীয়া ছবি 'পৃথ্বীৰাজ'ৰ শিৰোনাম সলনি কৰা হৈছে ৷ 'পৃথ্বীৰাজ'ৰ পৰা ছবিখনৰ নাম এতিয়া 'সম্ৰাট পৃথ্বীৰাজ' লৈ সলনি কৰা হৈছে (Prithviraj Chauhan movie) । যশ ৰাজ ফিল্মছে এক বিবৃতিত জাৰি কৰে এই কথা ৷

Prithviraj
অৱশেষত নাম সলনি হ’ল পৃথ্বীৰাজ বোলছবিখনৰ

চিটাৰা ডেস্ক, 28মে’: বলীউড তাৰকা অক্ষয় কুমাৰৰ মুক্তি পাবলগীয়া ছবি 'পৃথ্বীৰাজ'ৰ নাম সলনি কৰি এতিয়া 'সম্ৰাট পৃথ্বীৰাজ' কৰা হৈছে (Prithviraj Chauhan movie cast)। যশ ৰাজ ফিল্মছে এক বিবৃতিত প্ৰকাশ কৰে এই কথা ৷ বিবৃতিখন শ্ৰী ৰাজপুত কৰ্ণী সেনালৈ প্ৰেৰণ কৰা হৈছে । শ্ৰী ৰাজপুত কৰ্ণী সেনাই অধিবক্তা ৰাঘবেন্দ্ৰ মেহৰোত্ৰাৰ জৰিয়তে এখন ৰাজহুৱা স্বাৰ্থৰ আবেদন (পিআইএল) দাখিল কৰাৰ পিছত এই পদক্ষেপ লোৱা হৈছে ।

পত্ৰখনত এইদৰে লিখা হৈছে, "আমি, যশ ৰাজ ফিল্মছ প্ৰাইভেট লিমিটেড, 1970ৰ দশকৰ ইয়াৰ আৰম্ভণিৰ পৰাই এক আগশাৰীৰ প্ৰযোজনা গৃহ আৰু বিতৰণ কোম্পানী হৈ আছো আৰু ভাৰতৰ অন্যতম বৃহৎ চলচ্চিত্ৰ ষ্টুডিঅ' হিচাপে বিকশিত হৈ আহিছোঁ । আমি ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত কিছুমান সন্মানীয় চলচ্চিত্ৰ প্ৰযোজনা কৰিছো ৷ চলচ্চিত্ৰ আৰু মনোৰঞ্জন উদ্যোগত ৫০ বছৰৰো অধিক সময় ধৰি সদিচ্ছা ৰাখিছো । আমি সকলো দৰ্শকৰ উপভোগৰ বাবে নিৰন্তৰভাৱে সমল সৃষ্টি আৰু প্ৰস্তুত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ " ৷

পত্ৰখনত আৰু কোৱা হৈছে, "চলচ্চিত্ৰখনৰ বৰ্তমান শিৰোনাম সম্পৰ্কে আমাক সতৰ্ক কৰাৰ আপোনাৰ প্ৰচেষ্টাক আমি আন্তৰিকতাৰে প্ৰশংসা কৰিছো আৰু আপোনালোকক আশ্বাস দিওঁ যে আমাৰ কোনো ব্যক্তিৰে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বা স্বৰ্গীয় ৰজা তথা যোদ্ধা পৃথ্বীৰাজ চৌহানক অসন্মান কৰাৰ উদ্দেশ্য বা অভিপ্ৰায় কৰা নাই" । দৰাচলতে, আমি এই চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁৰ সাহসিকতা, সাফল্য আৰু আমাৰ দেশৰ ইতিহাসলৈ তেওঁৰ অৱদান উদযাপন কৰিব বিচাৰো " ৷

Prithviraj
'পৃথ্বীৰাজ'ৰ শিৰোনাম সলনি কৰা হৈছে

পত্ৰখনত আৰু উল্লেখ কৰা হয় যে, "আমাৰ মাজত হোৱা কেইবাটাও পৰ্যায়ৰ আলোচনা হোৱাৰ পাছত শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে উত্থাপিত অভিযোগ সমাধানৰ সিদ্ধান্ত লওঁ ৷ আমি ছবিখনৰ নাম সলনি কৰি 'সম্ৰাট পৃথ্বীৰাজ' কৰাৰ সিদ্ধান্ত লৈছো । আমি আমাৰ মাজত হোৱা পাৰস্পৰিক চুক্তিক অত্যন্ত প্ৰশংসা কৰোঁ যে আমাৰ চলচ্চিত্ৰৰ সন্দৰ্ভত আপোনাৰ আৰু কোনো দ্বিমত নাই আৰু আপুনি আগতে উত্থাপন কৰা আন সকলো বিষয় এতিয়া আমাৰ মাজত বিবাদৰ কাৰণ নহয় । মহান যোদ্ধাজনৰ চিত্ৰণ সম্পৰ্কীয় আমাৰ ভাল উদ্দেশ্য বুজি পোৱাৰ বাবে আমি শ্ৰী ৰাজপুত কৰ্ণী সেনা আৰু ইয়াৰ সদস্যসকলক ধন্যবাদ জনাইছো" ।

লগতে পঢ়ক: Deepika Padukone cannes 2022: দশকটোৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ লাভ কৰিলে দীপিকা পাডুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.