চিটাৰা ডেস্ক, 23 মে’: মঙলবাৰে কেদাৰনাথ ধামত উপস্থিত হৈ ভোলানাথৰ আশীৰ্বাদ ল’লে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে (Akshay Kumar in Kedarnath)। ইফালে বাবাৰ ধামত অক্ষয় কুমাৰক দেখি বহু মানুহৰ সমাগম ঘটে । অভিনেতাগৰাকীয়ে সেই স্থানত উপস্থিত থকা লোকসকলক হাত ভাঁজ কৰি সম্ভাষণ জনায় । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে খিলাড়ি কুমাৰৰ কেদাৰনাথৰ ছবি আৰু ভিডিঅ’ (Akshay Kumar In Uttarakhand) ।
-
Video: @akshaykumar sir visited #KedarnathTemple today morning. pic.twitter.com/UnuqlEXSTE
— Akshay Kumar 24x7 (@Akkistaan) May 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">Video: @akshaykumar sir visited #KedarnathTemple today morning. pic.twitter.com/UnuqlEXSTE
— Akshay Kumar 24x7 (@Akkistaan) May 23, 2023Video: @akshaykumar sir visited #KedarnathTemple today morning. pic.twitter.com/UnuqlEXSTE
— Akshay Kumar 24x7 (@Akkistaan) May 23, 2023
অক্ষয় কুমাৰেও নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত কেদাৰনাথ মন্দিৰৰ এখন ছবি শ্বেয়াৰ কৰিছে, যাৰ কেপচনত তেওঁ হাত ভাঁজ কৰা ইমোজিৰে লিখিছে ‘জয় বাবা ভোলানাথ’। ছবিখনৰ পটভূমিত জীতু শৰ্মাৰ ‘হৰ হৰ শম্ভু শিৱ মহাদেৱ’ গীতটোও সংযোজন কৰিছে অভিনেতাগৰাকীয়ে (Akshay Kumar at Kedarnath dham) ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে অক্ষয় কুমাৰৰ আগন্তুক ছবিৰ শ্বুটিং ডেৰাডুনত হ’ব । মঙলবাৰে পুৱা হেলিপেডৰ পৰা বাবা কেদাৰনাথক দৰ্শন কৰিবলৈ ৰাওনা হয় অভিনেতাগৰাকী (Akshay Kumar Visits Kedarnath Temple)। তথ্য অনুসৰি বুধবাৰৰ পৰা ২ দিনৰ বাবে ৰুৰকিলৈ যাব, য’ত তেওঁ নিজৰ প্ৰজেক্টৰ শ্বুটিং কৰিব (Akshay Kumar visits Kedarnath)।
-
VIDEO 1- #AkshayKumar𓃵 spotted at Kedarnath temple recently.#AkshayKumar #HarHarMahadevॐ #Kedarnath pic.twitter.com/wSorA9BQiu
— Akshay Kumar FG (@AKFansGroup) May 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">VIDEO 1- #AkshayKumar𓃵 spotted at Kedarnath temple recently.#AkshayKumar #HarHarMahadevॐ #Kedarnath pic.twitter.com/wSorA9BQiu
— Akshay Kumar FG (@AKFansGroup) May 23, 2023VIDEO 1- #AkshayKumar𓃵 spotted at Kedarnath temple recently.#AkshayKumar #HarHarMahadevॐ #Kedarnath pic.twitter.com/wSorA9BQiu
— Akshay Kumar FG (@AKFansGroup) May 23, 2023
কিছুদিন পূৰ্বে অক্ষয় কুমাৰৰ এটি হৃদয় বিদাৰক গীত 'ক্যা লৌগে তুম' মুক্তি পাইছিল ৷ যিটো গীত তেওঁৰ অনুৰাগীসকলে খুব পছন্দ কৰিছে । চলচ্চিত্ৰৰ ফালৰ পৰা খিলাড়ি কুমাৰৰ পাইপলাইনত বহু প্ৰজেক্ট আছে যেনে ‘অ’এমজি ২’, ‘সুৰাৰাই পট্ৰু’ৰ শিৰোনামহীন ৰিমেক, ‘বড়ে মিঞাঁ ছোটে মিঞাঁ ’, হেৰা ফেৰীৰ শিৰোনামহীন ছিকুৱেল ‘দ্য গ্ৰেট ইণ্ডিয়ান ৰেচকিউ’ ।
‘বড়ে মিঞাঁ ছোটে মিঞাঁ’ আলী আব্বাছ জাফৰৰ এখন ছবি, য’ত টাইগাৰ শ্ৰফ আৰু অক্ষয়ৰ সৈতে পৃথ্বীৰাজ সুকুমাৰনেও অভিনয় কৰিছে । পূজা এণ্টাৰটেইনমেণ্টৰ অধীনত বাসু ভগনানী, জেকী ভগনানী আৰু দীপশিখা দেশমুখৰ প্ৰযোজনাত নিৰ্মিত কৰা হৈছে ছবিখন । ২০২৪ বৰ্ষৰ ঈদত মুক্তিৰ বাবে সাজু হৈছে ছবিখন (Akshay Kumar shooting in Uttarakhand) ।
লগতে পঢ়ক: TejRan: লেডি লাভ তেজস্বী প্ৰকাশৰ সৈতে ব্ৰেকআপৰ খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰণ কুন্দ্ৰাৰ