ETV Bharat / entertainment

Akshay Kumar : পুষ্পা ২ ত এন্ট্ৰি হ’ব নেকি অক্ষয় কুমাৰৰ ?

বলীউডৰ খিলাড়ি অৰ্থাৎ অক্ষয় কুমাৰৰ বিষয়ে শেহতীয়াকৈ এটা ডাঙৰ খবৰ লাভ কৰা হৈছে ৷ দক্ষিণ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ছবি পুষ্পা-২ত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে অক্ষয় কুমাৰে (Allu Arjun)। পঢ়ক সম্পূৰ্ণ খবৰ।

AKSHAY KUMAR IS IN TALKS FOR A CAMEO IN PUSHPA 2 READ DETAILS
আল্লু অৰ্জুনৰ ছবি পুষ্পা-২ত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে অক্ষয় কুমাৰে
author img

By

Published : Apr 6, 2023, 1:23 PM IST

চিটাৰা ডেস্ক, 6 এপ্ৰিল: দক্ষিণ চলচ্চিত্ৰ জগতৰ সুন্দৰী অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ জন্মদিনত অৰ্থাৎ ৫ এপ্ৰিলত ‘পুষ্পা-দ্য ৰুল’ (পুষ্পা-২) ছবিখনৰ পৰা অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছিল নিৰ্মাতাই ৷ কেৱল ইমানেই নহয় পুষ্পা-২ ৰ টিজাৰো মুকলি কৰিছিল ছবিখনৰ নিৰ্মাতাই ৷ মুকলি কৰা টিজাৰত আল্লু অৰ্জুনৰ সৰু আভাস দেখুওৱা হৈছিল (Allu Arjun)।

অভিনেত্ৰীগৰাকীৰ জন্মদিনত অনুৰাগীক এই ডাঙৰ উপহাৰ দিয়াৰ পিচত এতিয়া নিৰ্মাতাই ৭ এপ্ৰিললৈ অপেক্ষা কৰি আছে। কিয়নো ৭ এপ্ৰিলত ‘পুষ্পা-২’ ছবিখনৰ সৈতে জড়িত আন এক ডাঙৰ আপডেট দৰ্শকৰ সৈতে শ্বেয়াৰ কৰা হ’ব বুলি জানিব পৰা গৈছ । ৮ এপ্ৰিলত চাউথ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ জন্মদিন আৰু সম্ভৱ যে ছুপাৰষ্টাৰগৰাকীৰ জন্মদিনৰ দিনটোতে পুষ্পা-২ পৰা তেওঁৰ ফাৰ্ষ্ট লুক মুক্তি পাব । সম্প্ৰতি অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৭ আৰু ৮ এপ্ৰিললৈ ।

বৰ্তমান ছবিখনৰ বিষয়ে আন এক খবৰ আহিছে ৷ ‘পুষ্পা-২’ ৰ সৈতে নাম জড়িত হৈছে বলীউডৰ ‘খিলাড়ি’ অক্ষয় কুমাৰৰ (Akshay Kumar and Allu Arjun) । হয়, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘পুষ্পা-২’ ছবিখনত অক্ষয় কুমাৰক কেমিঅ’ হিচাপে দেখা পোৱা যাব পাৰে, কিন্তু নিৰ্মাতাসকলে এতিয়াও তেনে কোনো নিশ্চয়তা প্ৰকাশ কৰা নাই ( Akshay Kumar in Pushpa 2)।

প্ৰকাশ পোৱা তথ্য অনুসৰি অক্ষয় কুমাৰ ছবিখনত কেমিঅ’ হিচাপে প্ৰৱেশ কৰিব আৰু তেওঁক একচন দৃশ্যত প্ৰৱেশ কৰা দেখা যাব (Akshay Kumar)। এতিয়া এই খবৰটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে অক্ষয় কুমাৰৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ ৷ উল্লেখ্য যে, পুষ্পা-২ৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । ছবিখনৰ পৰিচালক ডি সুকুমাৰে ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে ৷ পুষ্পৰাজৰ লুকত সম্প্ৰতি কাম কৰি আছে পৰিচালগৰাকী ৷ এই ছবিখন চলিত বৰ্ষৰ শেষৰ ফালে বা ২০২৪ চনৰ ভিতৰত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Pushpa The Rule TEASER: ৰশ্মিকা মান্দানাৰ জন্মদিনত অনুৰাগীলৈ পুষ্পা 2 ৰ ডাঙৰ উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.