ETV Bharat / entertainment

Ranbir Alia with Afghan cricketer: ৰাছিদ খানৰ সৈতে ভাইৰেল ৰণবীৰ-আলিয়াৰ ফটো

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:43 AM IST

আফগান ক্ৰিকেটাৰৰ সৈতে দেখা গৈছে ৰণবীৰ আৰু আলিয়াক ৷ ৰাছিদ খানে বলীউডৰ চেলিব্ৰিটিৰ সৈতে শ্বেয়াৰ কৰিলে ফটো ৷ নিউয়ৰ্ক ভ্ৰমণত আছে আলিয়া-ৰণবীৰ ৷

Afghan cricketer Rashid Khan meets Alia Bhatt and Ranbir Kapoor in New York - see pic
আফগান ক্ৰিকেটাৰৰ সৈতে দেখা গৈছে ৰণবীৰ আৰু আলিয়াক

চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ: বি টাউনৰ আটাইতকৈ জনপ্ৰিয় দম্পতীৰ কথা যদি আমি কওঁ, তেন্তে নিশ্চয় আমি উল্লেখ কৰিব লাগিব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ নাম। বৰ্তমান আলিয়া আৰু ৰণবীৰ নিউয়ৰ্কত ছুটীৰ ভ্ৰমণত আছে । দুয়োগৰাকী দম্পতীৰ বহু ফটোৱে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে ৷ শেহতীয়াকৈ এই দম্পতীৰ এখন ফটো চৰ্চালৈ আহিছে ৷ অৱশ্যে এই ফটোখনত দুয়োগৰাকী তাৰকাৰ সৈতে উপস্থিত আছে আন এজন লোক ৷

দৰাচলতে আফগানিস্তানৰ অল-ৰাউণ্ডাৰ ৰাছিদ খানৰ সৈতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ ফটোখন পোহৰলৈ আহিছে, যিখন এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে ।

ৰাছিদ খানৰ সৈতে ৰণবীৰ-আলিয়া

ছবিজগতৰ পৰা বিৰতি লৈ নিউয়ৰ্কত ছুটী উপভোগ কৰি আছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে । প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায় ৰণবীৰ আৰু আলিয়াৰ ছবি ৷ ইফালে, আফগানিস্তানৰ ক্ৰিকেট দলৰ অল-ৰাউণ্ডাৰ ৰাছিদ খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শেহতীয়া এখন ফটো শ্বেয়াৰ কৰিছে ।

য’ত তেওঁক দেখা গৈছে বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে । এই ফটোখনত ৰণবীৰ আৰু আলিয়াক ৰাছিদ খানৰ সৈতে সময় অতিবাহিত কৰা দেখা গৈছে ৷ এই ছবিখনৰ জৰিয়তে ৰাছিদ খানে লিখিছে - "বলিউডৰ দুজন ডাঙৰ অভিনেতা, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ আপোনালোক দুয়োকে লগ পাই ভাল লাগিল ।"

ৰণবীৰ, আলিয়া আৰু ৰাছিদৰ এই ফটোখন ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অনুৰাগীয়ে যথেষ্ট লাইক আৰু কমেণ্ট কৰিছে ছবিখনত ।

ৰণবীৰ-আলিয়াৰ যুটি দেখা যাব ‘ব্ৰহ্মাস্ত্ৰ 2’ত

যোৱা বছৰ পৰিচালক আয়ন মুখাৰ্জীৰ ছবি ‘ব্ৰহ্মাস্ত্ৰ’ত প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ যুটিক । বাস্তৱ জীৱনৰ দৰেই ৰিল লাইফতো এই দুয়োৰে মাজৰ কেমেষ্ট্ৰীয়ে সকলোৰে হৃদয় জয় কৰিছিল আৰু ছবিখন ছুপাৰহিট বুলি প্ৰমাণিত হৈছিল।

আগন্তুক সময়ত ২০২৬ চনৰ ডিচেম্বৰ মাহত মুক্তি পাবলগীয়া ‘ব্ৰহ্মাস্ত্ৰ-খণ্ড ২ দেৱ’ত দেখা যাব ৰণবীৰ-আলিয়াৰ যুটি ৷

লগতে পঢ়ক: RARKPK on OTT: ডিলিট কৰা দৃশ্যৰ সৈতে OTT ত মুক্তি ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি, ক’ত চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.