ETV Bharat / entertainment

Adipurush: হনুমানৰ বাবে বুক কৰা হ’ব সকলো থিয়েটাৰৰ প্ৰথমখন আসন; দৰ্শকৰ সৈতে বহি ছবিগৃহত আদিপুৰুষ উপভোগ কৰিব হনুমানে - প্ৰভাস

ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’বলৈ গৈ এক অদ্ভুত কাণ্ড ৷ আদিপুৰুষ ছবিৰ বাবে থিয়েটাৰত প্ৰথমখন আসন হনুমানৰ বাবে সংৰক্ষিত কৰি ৰখা হ’ব । দৰ্শকৰ সৈতে বহু ছবি উপভোগ কৰিব হনুমানে ৷

Adipurush team to dedicate 1 seat in every theatre to Lord Hanuman, Details inside
চিনেমা হলত দৰ্শকৰ সৈতে বহি ছবি উপভোগ কৰিব ভগৱানে
author img

By

Published : Jun 6, 2023, 1:35 PM IST

চিটাৰা ডেস্ক, 6 জুন: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী কৃতি সেননৰ অভিনীত পৌৰাণিক ছবি ‘আদিপুৰুষ’ক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে ৷ অৱশ্যে ছবিখন মুক্তি পোৱা মাজত আছে মাত্ৰ দুসপ্তাহ বাকী আছে । ইফালে তিৰুপতিত অনুষ্ঠিত হ’ব ছবিখনৰ প্ৰি-ৰিলিজৰ এক বৃহৎ অনুষ্ঠান । ইতিমধ্যেই ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে (Adipurush Lord Hanuman) । ছবিখনৰ সমগ্ৰ ষ্টাৰকাষ্ট তিৰুপতীত একত্ৰিত হ’বলৈ গৈ আছে ।

কিন্তু ইয়াৰ মাজতে ছবিখনক লৈ ওলাইছে এক ডাঙৰ খবৰ ৷ যি খবৰে হয়তো হতচকিত কৰিব আপোনাক ৷ ১৬ জুনত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰথমখন আসন ভগৱান হনুমানৰ নামত সংৰক্ষিত কৰি ৰখা হ’ব । হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা (Adipurush team to dedicate 1 seat) ৷

হনুমানৰ বাবে বুক কৰা হৈছে টিকট

ভগৱান হনুমানেও দৰ্শকৰ সৈতে বহি ছবিগৃহত উপভোগ কৰিব আদিপুৰুষ ৷ খবৰ অনুসৰি এই ছবিখন য’তেই মুক্তি পাব সেই স্থানতেই বজৰংগবলীৰ নামত প্রতিখন চিত্রগৃহৰ প্রথম আসন বুকিং কৰি খালী কৰি ৰখা হ’ব ৷

কি ক’লে এই সন্দৰ্ভত নিৰ্মাতাসকলে

নিৰ্মাতাসকলে কয়, "য’তেই ৰামায়ণ ৰচনা হ’ব, সেই স্থানত খোদ হনুমান উপস্থিত থাকিব, এই বিশ্বাসক সন্মান জনাই, প্ৰতিটো থিয়েটাৰৰ প্ৰথম আসনখন ক্ৰয় কৰি বজৰংবলীৰ বাবে খালী ৰখা হ’ব, আমি এই কামটো সঁচা অন্তৰেৰে কৰিবলৈ ওলাইছো । ৰামৰ সৰ্বশ্ৰেষ্ঠ ভক্তক সন্মান জনোৱাৰ ইতিহাস, আমি সকলোৱে ভগৱান হনুমানৰ সান্নিধ্যত আদিপুৰুষক অতি ভৱিষ্যদ্বাণীৰে দেখা উচিত।’’

৫০০ কোটিৰ বিশাল বাজেটত নিৰ্মিত এই ছবিখন ৰচনা আৰু পৰিচালক কৰিছে পৰিচালক ওম ৰাউটে। প্ৰভাসে ভগৱান ৰামৰ চৰিত্ৰত আৰু কৃতি সেননে মা সীতাৰ চৰিত্ৰত অভিনয় কৰিছে ছবিখনত । একে সময়তে অভিনেতা দেৱদত্ত নাগে ছবিখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।

লগতে পঢ়ক: Adipurush song Jai Shri Ram out: আদিপুৰুষৰ এই নতুন গীতৰ কথা শুনি গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.