ETV Bharat / entertainment

Adipurush OTT Release: দুটা অ’টিটি প্লেটফৰ্মত মুক্তি আদিপুৰুষ, জানি লওক কোনটো প্লেটফৰ্মত কোনটো ভাষাত মুকলি হ’ল

author img

By

Published : Aug 11, 2023, 12:55 PM IST

পান ইণ্ডিয়াৰ ছবি ‘আদিপুৰুষ’ মুক্তিৰ প্ৰায় দুমাহৰ পাচত এতিয়া অ’টিটিত মুক্তি দিয়া হৈছে । এতিয়া আপুনি ঘৰতে বহি পৰিয়ালৰ সৈতে প্ৰভাস, কৃতি সেনন আৰু ছেইফ আলী খানৰ এই ছবিখন চাব পাৰিব । কেনেকৈ আৰু ক’ত চাব জানি লওক ।

Adipurush Ott Streaming On Amazon Prime And Netflix With Different Languages
অ’টিটি উপলব্ধ হ’ল আদিপুৰুষ

চিটাৰা ডেস্ক, 11 আগষ্ট: পান ইণ্ডিয়াৰ ছবি ‘আদিপুৰুষ’ ছবিগৃহত ১৬ জুনত মুক্তি লাভ কৰিছিল । ছবিখনৰ মুকলিৰ দিনা বৃহৎ অংকত বক্স অফিচত খাতা খুলিছিল যদিও পিচত এই ছবিখনে উপাৰ্জনৰ ধাৰাবাহিক হ্ৰাসৰ সন্মুখীন হ’বলগীয়া হৈছিল । মুক্তিৰ পূৰ্বেই ছবিখন বহু বিতৰ্কৰ মাজত সোমাই পৰিছিল । ‘আদিপুৰুষ’ক লৈ বহু প্ৰশ্নও উত্থাপন হৈছিল । একাংশৰ মতে এই ছবিখনৰ জৰিয়তে নিৰ্মাতাসকলে সকলোৰে আৱেগক আঘাত সানিছে । সকলো বিতৰ্কৰ পিচত এতিয়া এই ছবিখন উপলব্ধ হ’ল OTT প্লেটফৰ্মত ।

‘আদিপুৰুষ’ত প্ৰভাসে ৰাঘৱ ওৰফে ভগৱান ৰাম, কৃতি সেননে জানকী ওৰফে সীতাৰ চৰিত্ৰত আৰু ছেইফ আলী খানে লংকেশ ওৰফে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল । অৱশ্যে সকলোৰে চৰিত্ৰৰ লগত জড়িত কোনোবা নহয় কোনোবা এটা বিষয় যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৷ ছবিগৃহত মুক্তি পোৱাৰ প্ৰায় দুমাহৰ পাচত কোনো ঘোষণা নকৰাকৈয়ে ১১ আগষ্টত শুকুৰবাৰে অ’টিটিত নিৰ্মাতাসকলে মুক্তি দিছে আদিপুৰুষ ছবিখনক ।

‘আদিপুৰুষ’ৰ হিন্দী সংস্কৰণ নেটফ্লিক্সত মুকলি কৰিছে ৷ আনহাতে প্ৰাইম ভিডিঅ’ত তেলেগু, তামিল, মালয়ালম আৰু কানাড়াকে ধৰি সকলো ভাষাতে মুকলি কৰিছে ‘আদিপুৰুষ’ । ৬০০ কোটি টকাত নিৰ্মিত এই ছবিখনে প্ৰায় ৩৯০ কোটি টকাৰহে ব্যৱসায় কৰিছিল । অৰ্থাৎ ছবিখনে ব্যয় কৰা ধনখিনিও উঠাব পৰা নাই ৷ ছবিখনৰ পৰা প্ৰভাসৰ যথেষ্ট আশা আছিল । কিন্তু ছবিখন অভিনেতাগৰাকীৰ বাবে ডাঙৰ ফ্লপ ছবি হিচাপে প্ৰমাণিত হ’ল । এতিয়া নিৰ্মাতাসকলে আশা কৰিছে যে দৰ্শকে নিশ্চিতভাৱে ছবিখন অ’টিটিত চাব ।

ছবিখনৰ হৈ স্পষ্টীকৰণ দিওঁতে নিৰ্মাতাসকলে কৈছিল যে, তেওঁলোকে আজিৰ প্ৰজন্ম অনুসৰি ‘আদিপুৰুষ’ ছবিখন প্ৰস্তুত কৰিছে । গতিকে এই ছবিখন আন ছবি বা ধাৰাবাহিকৰ সৈতে তুলনা নকৰিব অনুৰোধ জনায় । উল্লেখ্য যে, ছবিখনত দেখুওৱা চৰিত্ৰবোৰৰ লগতে তেওঁলোকৰ সংলাপক লৈও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৷ যাৰ বাবে ছবিখন মুক্তি পোৱাৰ পিচত নিৰ্মাতাসকলে বহু সংলাপ সলনি কৰিছিল । কিন্তু নিৰ্মাতাসকলে সংলাপ সলনি কৰাৰ পিচতো দৰ্শক ছবিখনক লৈ বৰ বেছি সুখী হোৱা নাছিল । এতিয়া ছবিখনে অ’টিটিত কেনেদৰে প্ৰভাৱ পেলাই সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Adipurush: আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ল নেপালত, ইয়াৰ পিচত ক্ষুব্ধ মেয়ৰৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.