ETV Bharat / entertainment

Adipurush: সলনি হ’ল ‘আদিপুৰুষ’ৰ বিতৰ্কিত সংলাপ জালেগী ভি তেৰে বাপ কি, চাওক নতুন সংলাপ

author img

By

Published : Jun 21, 2023, 9:39 PM IST

বিতৰ্কৰ মাজতে আদিপুৰুষৰ নিৰ্মাতাই সলনি কৰিলে হনুমানৰ সংলাপ ৷ ‘তেল তেৰে বাপ কা, কপৰা তেৰে বাপ কা, আগ ভি তেৰে বাপ কি আৰু জালেগী ভি তেৰে বাপ কি’ এই বিতৰ্কিত সংলাপৰ সলনি এতিয়া কি হ’ব নতুন সংলাপ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Adipurush makers revise Lord Hanuman's 'jalegi tere baap ki' dialogue : Watch
সলনি হ’ল হনুমানৰ বিতৰ্কিত সংলাপ

চিটাৰা ডেস্ক, 21 জুন: 500 কোটি টকাৰ বাজেটত নিৰ্মিত ওম ৰাউটৰ ছবি আদিপুৰুষ 16 জুনত ছবিগৃহত মুক্তি লাভ কৰিছিল ৷ কিন্তু ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছবিখনক লৈ অনুৰাগীসকল যিমান আশাবাদী হৈ আছিল, ছবিখন মুক্তিৰ পিচত সেই আশাত থিয় হ’ব নোৱাৰিলে ৷ ছবিখনত এনেকুৱা কিছুমান সংলাপ আছিল যি সংলাপে দেশজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ ৷ কেৱল দেশতে নহয় চুবুৰীয়া দেশ নেপালতো ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ আনকি এই ছবিখনৰ বাবেই নেপালত বলীউডৰ সকলো ছবি নিষিদ্ধ কৰিছে নেপাল চৰকাৰে ৷

‘আদিপুৰুষ’ ছবিখনৰ ৰাম, সীতা, লক্ষ্মণ আৰু ৰাৱণৰ সংলাপ, গ্রাফিক্স, লুকে দেশবাসীৰ ধৰ্মীয় বিশ্বাসত আঘাত হানিছে ৷ সেয়াহে দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছে ছবিখনৰ সংলাপ লিখা মনোজ মুন্টাশ্বিৰ ৷ এই ছবিখনক লৈ ৰামভক্তসকল অতিশয় ক্ষোভিত হৈ এই ছবিখনক সনাতন ধৰ্মৰ সংস্কৃতি ধ্বংস কৰাৰ চেষ্টা কৰা বুলি অভিহিত কৰিছে । অধিক বিতৰ্কৰ সৃষ্টি কৰিছে ভগৱান হনুমানৰ এটা সংলাপে ৷ সেয়া হৈছে ‘তেল তেৰে বাপ কা, কাপৰা তেৰে বাপ কা, আগ ভি তেৰে বাপ কি আৰু জালেগী ভি তেৰে বাপ কি’ ৷ এনে পৰিস্থিতিত দেশজোৰা ক্ষোভৰ পিচত ছবিখনৰ সংলাপ সলনি কৰিছে নিৰ্মাতাসকলে ।

  • In the Lanka Dahan Scene after Ravans son lights up Hanuman's vistettere Tail. Hanuman: Kapda tere baap ka Tel tere baap ka Aag bhi tere baap ki Toh jalegi bhi tere baap ki dialogues allowed? You want to make money by selling a movie based on religion. From what angle is this ok? pic.twitter.com/ea9UEgBeWZ

    — Dhrubajyoti Bora (@_imdhruba) June 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নতুন সংলাপ . . . .

আদিপুৰুষৰ বিতৰ্কিত সংলাপ ‘তেল তেৰে বাপ কা, কাপৰা তেৰে বাপ কা, আগ ভি তেৰে বাপ কি অৰ জালেগী ভি তেৰে বাপ কি’ ছবিখনত এতিয়া এনেদৰে উপস্থাপন কৰা হৈছে, ‘কপৰা তেৰি লংকা কা, তেল তেৰি লংকা কা, আগ ভি তেৰে লংকাকা অৰ জালেগী ভি তেৰে লংকা হি ।’

The dialogue of "Kapda Tere Baap Ka" w.s replaced by "Kapda Teri Lanka Ka".😳 #Aadipursh pic.twitter.com/oEoPIB7UsR

— Bharat Ojha🗨 (@Bharatojha03) June 21, 2023 ">

ছবিখনৰ অন্যান্য বিতৰ্কিত সংলাপ

য়হ লংকা ক্যা তেৰি বোৱা কা বাগিছা হে, জো য়হা হাৱা খানে চলা আয়া ৷

বোল দিয়া জো হামাৰি বেহনো কো হাথ লাগেয়েগা, উনকী লংকা লগা দেংগে ৷

মেৰে এক সপোলে নে তোমাহাৰে শ্বেশ নাগ কো লম্বা কৰ দিয়া, অভি পোৰা পিটাৰা ভৰা হে ৷

উল্লেখ্য যে, বিতৰ্কৰ মাজতে ছবিখনে 5 দিনত বিশ্বজুৰি 395 কোটি টকা উপাৰ্জন কৰিছে । একে সময়তে 1988 চনৰ ৰামায়ণৰ আটাইকেইগৰাকী অভিনেতা, অৰুণ গোবিল (ৰাম), সুনীল লাহিৰী (লক্ষ্মণ) আৰু দীপিকা চিখলীয়া (সীতা)য়ে ‘আদিপুৰুষ’ৰ এনে দুৰ্বল সৃষ্টিত বিচলিত হৈ ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Manoj Muntashir: মনোজ মুন্টাশ্বিৰৰ আন এক বিস্ফোৰক মন্তব্য, ক্ষুব্ধ ব্যৱহাৰকাৰীয়ে ক’লে - মনে মনে থাকক, এতিয়াও সময় আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.