ETV Bharat / entertainment

Adipurush : কিয় নেপাল চৰকাৰৰ ওচৰত ক্ষমা খুজিবলগীয়া হ’ল আদিপুৰুষৰ নিৰ্মাতাই ? - আদিপুৰুষৰ নিৰ্মাতা

‘আদিপুৰুষ’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ইয়াৰ নিৰ্মাতাসকলে নেপাল চৰকাৰক লিখিতভাৱে ক্ষমা বিচাৰিছে । এই সন্দৰ্ভত টি ছিৰিজে ছ’চিয়েল মিডিয়াতো ক্ষমাপ্ৰাৰ্থনা পত্ৰ প্ৰকাশ কৰিছে ।

Adipurush makers apologies to Nepal government over Sita birth place dispute
'আদিপুৰুষ' নিৰ্মাতাই নেপালৰ ওচৰত ক্ষমা বিচাৰিছে
author img

By

Published : Jun 20, 2023, 8:57 PM IST

চিটাৰা ডেস্ক, 20 জুন: চলচ্চিত্ৰ পৰিচালক ওম ৰাউটৰ ছবি ‘আদিপুৰুষ’ক লৈ কেৱল দেশতে বিতৰ্ক হোৱা নাই ৷ চুবুৰীয়া দেশ নেপালতো ছবিখনক লৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ ৷ আদিপুৰুষৰ বাবে বলীউডৰ সকলো ছবি নিষিদ্ধ কৰা হৈছে নেপালত । নেপাল চৰকাৰে কয় যে সীতাক ভাৰতৰ কন্যা বুলি কোৱাটোৱে তেওঁলোকক আটাইতকৈ বেছি আঘাত দিছে । নেপালৰ মতে সীতাৰ জন্ম নেপালত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত নেপালৰ ছবিগৃহত ছবিখনৰ প্ৰদৰ্শনী বন্ধ কৰি দিয়া হৈছে ৷ এনে পৰিস্থিতিত এতিয়া ছবি নিৰ্মাতাসকলে নেপাল চৰকাৰৰ ওচৰত লিখিতভাৱে ক্ষমা বিচাৰিছে। আদিপুৰুষৰ নিৰ্মাতাসকলে ক্ষমাপ্ৰাৰ্থনাৰ এখন পত্ৰ জাৰি কৰিছে ।

Adipurush makers apologies to Nepal government over Sita birth place dispute
'আদিপুৰুষ' নিৰ্মাতাই নেপালৰ ওচৰত ক্ষমা বিচাৰিছে

কি লিখা আছে ক্ষমাপ্ৰাৰ্থনা চিঠিখনত ?

আদিপুৰুষ মেকাৰৰ ক্ষমাপ্ৰাৰ্থনা পত্ৰখন লিখা আছিল, ‘যদি আমাৰ বাবে নেপালৰ ৰাইজে আঘাত পাইছে, তেন্তে প্ৰথমে আমি তাৰ বাবে ক্ষমা বিচাৰিছো, আমি ইচ্ছাকৃতভাৱে এই কাম কৰা নাই, ভাৰতীয় হিচাপে মহিলাক সন্মান কৰাটো আমাৰ বাবে প্ৰথম, আমি বিচাৰো যে আপুনি ছবিখন কল্পনাত্মক ভাবি চাওক, লগতে আমাৰ ইতিহাসৰ প্ৰতি আগ্ৰহ বজাই ৰাখিবলৈ আৰু অধিক সংখ্যক দৰ্শকৰ মাজলৈ পঠিয়াবলৈ অনুৰোধ কৰিছো।’

আচলতে সম্পূৰ্ণ বিতৰ্কটো কি ?

উল্লেখ্য যে, ছবিখনত বিহাৰৰ সীতামড়ী জিলাক সীতাৰ জন্মস্থান বুলি কোৱা হৈছে, আনহাতে নেপাল চৰকাৰে সীতা নেপালৰ জনকপুৰত জন্ম হোৱা বুলি দাবী কৰিছে ৷ ইফালে সীতাৰ এক সংলাপত... ছবিখনত সীতা ভাৰতৰ কন্যা বুলি কোৱা হয় । এই সংলাপৰ বাবেই নেপালত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷ কেৱল আদিপুৰুষ ছবিখনৰ বাবেই সম্প্ৰতি নেপালত নিষিদ্ধ কৰি দিয়া হৈছে বলীউডৰ ছবি । এতিয়া এই পত্ৰৰ পিচত নেপালত কেনে প্ৰভাৱ পৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Protest Against Adipurush: আদিপুৰুষ ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ ছত্তীশগড়ত উত্তাল প্ৰতিবাদ

লগতে পঢ়ক: TV Serial Ramayan: ৩৬ বছৰ পূৰ্বে নিৰ্মিত ৰামায়ণৰ এটা খণ্ডই কিমান উপাৰ্জন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.