ETV Bharat / entertainment

Adipurush: সলনি হ’ব আদিপুৰুষৰ সংলাপ; বিতৰ্কৰ মাজতে ছবি নিৰ্মাতাই ল’লে সিদ্ধান্ত - আদিপুৰুষ বিতৰ্ক

আদিপুৰুষ ছবিখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ মাজতে আদিপুৰুষৰ নিৰ্মাতাসকলে এটা ডাঙৰ সিদ্ধান্ত লৈছে ৷ ছবিখনৰ সংলাপ লিখা মনোজ মুন্টাশ্বিৰে ইয়াৰ সংলাপ সলনি কৰাৰ সিদ্ধান্ত লৈছে ।

Adipurush dialogue writer Manoj Muntashir assures revising dialogues amid controversy
আদিপুৰুষৰ নিৰ্মাতাসকলৰ ডাঙৰ সিদ্ধান্ত
author img

By

Published : Jun 18, 2023, 3:45 PM IST

চিটাৰা ডেস্ক, 18 জুন: আদিপুৰুষ ছবিখনৰ ধাৰাবাহিক বিৰোধিতাৰ পিচত ছবিখনৰ নিৰ্মাতাসকলে এক ডাঙৰ ঘোষণা কৰিছে । ছবিখনৰ সংলাপ লেখক মনোজ মুন্টাশ্বিৰে টুইটযোগে ঘোষণা কৰিছে যে, ছবিখনৰ সংলাপ সলনি কৰা হ’ব । একে সময়তে ছবিখনৰ নিৰ্মাতাসকলেও এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে সংলাপ সলনি কৰাৰ কথা উল্লেখ কৰিছে । ছবিখনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰ্মাতাসকলে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সপ্তাহতে নতুন সংলাপ সন্নিবিষ্ট কৰা হ’ব ছবিখনত

মনোজ মুন্টাশ্বিৰে টুইটযোগে লিখিছে, ‘‘মই আৰু ছবিখনৰ প্ৰযোজক-পৰিচালকে সিদ্ধান্ত লৈছো যে কিছুমান সংলাপ যিবোৰে আপোনাক আঘাত দিছে, আমি সেইবোৰ পুনৰীক্ষণ কৰিম আৰু সেইবোৰ এই সপ্তাহত ছবিখনত অন্তৰ্ভুক্ত কৰা হ’ব ।’’ ইয়াৰ সমান্তৰালকৈ মনোজ মুন্টাশ্বিৰে লগতে কয় যে, তেওঁ এই ছবিখনৰ বাবে ৪০০০ শাৰীৰ অধিক সংলাপ লিখিছে । ইয়াৰে ৫ টা সংলাপে যথেষ্ট ধৰ্মীয় অনুভূতি আঘাত হানিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই সংলাপ সলনি কৰাৰ সিদ্ধান্ত লৈছে ছবিখনৰ নিৰ্মাতাসকলে ।

  • रामकथा से पहला पाठ जो कोई सीख सकता है, वो है हर भावना का सम्मान करना.
    सही या ग़लत, समय के अनुसार बदल जाता है, भावना रह जाती है.
    आदिपुरुष में 4000 से भी ज़्यादा पंक्तियों के संवाद मैंने लिखे, 5 पंक्तियों पर कुछ भावनाएँ आहत हुईं.
    उन सैकड़ों पंक्तियों में जहाँ श्री राम का यशगान…

    — Manoj Muntashir Shukla (@manojmuntashir) June 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছবিখনৰ সংলাপ লেখক মনোজ মুন্টাশ্বিৰে এক সাক্ষাৎকাৰত কয় যে, ‘‘আমি ৰামায়ণ নিৰ্মাণ কৰা নাই, আমি কেৱল ৰামায়ণৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ’’ । একে সময়তে মনোজে এটা টুইট কৰি লিখিছে, ‘‘মই সমগ্ৰ ছবিখনৰ বাবে ৪০০০ ৰো অধিক সংলাপ লিখিলোঁ, কিন্তু নিৰ্বাচিত কেইটামান সংলাপৰহে প্ৰতিবাদ কৰা হৈছে । ৩ ঘণ্টীয়া এখন ছবিত মই আপোনাৰ কল্পনাৰ প্ৰায় ৩ মিনিট সময় পৃথক কৰিলোঁ, তাৰ বাবে আপুনি মোৰ ফালে আঙুলিয়াবলৈ ধৰিলে । আদিপুৰুষৰ গীতবোৰো মই লিখিছিলোঁ যদিও কোনেও লক্ষ্য কৰা নাছিল ।’’

উল্লেখ্য যে, ছবিখনৰ টিজাৰ মুক্তি লাভ কৰাৰ সময়তে দৰ্শকৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল । যাৰ বাবে ছবিখনৰ গ্ৰাফিক্সত বহু পৰিৱৰ্তন কৰা হৈছিল । ইয়াৰ পিচত ছবিখনৰ বাজেটো বৃদ্ধি পায় । অৱশ্যে এতিয়া ছবিখন মুক্তি পোৱাৰ পিচত পুনৰ নিৰ্মাতাসকলে এই ডাঙৰ সিদ্ধান্ত ল’ব লগা হৈছে ।

৫০০ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে আদিপুৰুষ । ৰামায়ণৰ আধাৰত নিৰ্মিত এই ছবিখনত প্ৰভাস, কৃতি আৰু ছানী সিঙৰ উপৰিও দেৱদত্ত নাগে হনুমান আৰু ছাইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Adipurush box office day 1 worldwide collection: মুক্তিৰ প্ৰথম দিনাই আদিপুৰুষে ৰচিলে অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.