ETV Bharat / entertainment

Adipurush box office collection: অষ্টম দিনত আদিপুৰুষৰ সৰ্বনিম্ন ব্যৱসায়ৰ বাবে বাতিল হ’ল শ্ব’

author img

By

Published : Jun 24, 2023, 12:48 PM IST

মুক্তিৰ আঠ দিন পিচতে ছবিগৃহত ধৰাশায়ী হ’ল প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষ । শুকুৰবাৰে ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ছবিখনে কিমান উপাৰ্জন কৰিলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Adipurush box office collection: Shows cancelled as Prabhas starrer registers lowest business on day 8
আদিপুৰুষ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 24 জুন: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু কৃতি সেননৰ অভিনীত আদিপুৰুষ ছবিখন ছবিগৃহত মুক্তিৰ পিচতে দেশজুৰি সৃ্ষ্টি হৈছে চাঞ্চল্যৰ ৷ ছবিখনক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ যাৰ ফলত বিশাল বাজেটত নিৰ্মিত ছবিখন অষ্টম দিনত ছবিগৃহত ধৰাশায়ী হোৱা পৰিলক্ষিত হৈছে ৷ মুক্তিৰ অষ্টম দিনত ছবিখনে সৰ্বনিম্ন ব্যৱসায় কৰিছে বক্স অফিচত । ওম ৰাউটৰ পৰিচালনাত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনে সম্প্ৰতি দৰ্শকক ছবিগৃহত আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে ।

ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, আদিপুৰুষে ভাৰতত অষ্টম দিনটোত সকলো ভাষাকে ধৰি বক্স অফিচত ৩.২৫ কোটি টকা সংগ্ৰহ কৰে ৷ আঠ দিনৰ শেষত আদিপুৰুষৰ মুঠ ঘৰুৱা সংগ্ৰহ প্ৰায় ২৬৩.১৫ কোটি টকা হয় । শুকুৰবাৰে হিন্দী ভাষাত ১১.২০ শতাংশ দখলৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । কেৱল ইমানেই নহয়, ছবিগৃহত দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে বহু শ্ব’ ইতিমধ্যেই বাতিল কৰা বুলিও তথ্য পোৱা গৈছে ।

উল্লেখ্য যে, যোৱা বছৰ ছবিখনৰ নিৰ্মাতাসকলে ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিচতে সৃষ্টি হৈছিল বিতৰ্কৰ ৷ ধৰ্মীয় অনুভূতিক আঘাত সনা বুলিও অভিযোগ উত্থাপন হৈছে ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ বিৰুদ্ধে ৷ ছবিখনৰ কিছু অসংযত সংলাপে আৰু অধিক বিতৰ্কৰ সৃষ্টি কৰিছিল ৷

১৬ জুনত সমগ্ৰ দেশতে হিন্দী, তেলেগু, কানাড়া, মালয়ালম আৰু তামিল ভাষাত মুক্তি পোৱা আদিপুৰুষ ছবিখনে মাত্ৰ তিনিদিনতে বক্স অফিচত সংগ্ৰহ কৰিছিল ৩৪০ কোটি টকা । কিন্তু ছ’চিয়েল মিডিয়াত ছবিখনক লৈ চলি থকা ব্যাপক সমাোলচনাৰ বাবেই এতিয়া ছবিখনৰ বক্স অফিচ সংগ্ৰহত যথেষ্ট প্ৰভাৱ পৰিছে ৷ ৫০০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা বুলি কোৱা এই বৃহৎ বাজেটৰ বহুভাষিক ছবিখনে এতিয়া এই বিশাল ধন সংগ্ৰহ কৰিব পাৰিব নে নাই সেয়া এক বৃহৎ প্ৰশ্ন ৷

লগতে পঢ়ক: Adipurush: আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ল নেপালত, ইয়াৰ পিচত ক্ষুব্ধ মেয়ৰৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.