চিটাৰা ডেস্ক, ২১ আগষ্ট: বিতৰ্কিত কুইন ৰাখী সাৱন্তৰ প্ৰাক্তন স্বামী আদিল খানে কাৰাগাৰৰ পৰা ওলাই অহাৰ লগে লগে ৰাখীক লৈ কেইবাটাও চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে ৷ ৰাখীৰ সন্দৰ্ভত আদিলে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতেই ৰাখীৰ পৰা যেন প্ৰতিশোধ ল’বলৈ সাজু হৈছে আদিল । শেহতীয়াকৈ হোৱা এটা সাক্ষাৎকাৰত ৰাখীৰ সন্দৰ্ভত কেইবাটাও গুৰুতৰ মন্তব্য কৰে আদিলে ৷ বিবাহ, গৰ্ভধাৰণ, গৰ্ভপাতকে ধৰি বহু দাবীৰ ওপৰত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে ৷ ৰাখী সাৱন্তৰ সন্দৰ্ভত আদিলে কি কি অভিযোগ উত্থাপন কৰিছে জানো আহক এই প্ৰতিবেদনত ৷
এটা সাক্ষাৎকাৰত কাৰাগাৰৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পাচতে আদিলে ৰাখী সাৱন্তক লৈ প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য । সেইকেইটা হৈছে -
১) আদিলে কৈছিল যে ৰাখীৰ দৰে মহিলাৰ লগত কথা পতা বিপদজনক, এনে মহিলাৰ লগত কথা পতা এৰাই চলিব লাগে আৰু এনে নাৰী অতি বিপদজনক ।
২) আদিলে ৰাখীক লৈ কয় যে, ৰাখীয়ে মোক ড্ৰাগছ সেৱন কৰিবলৈ দিছিল ।
৩) আদিলে ৰাখীক লৈ কয় যে মোৰ নগ্ন ভিডিঅ’ ভিডিঅ’ কলত শ্বুট কৰিছিল
৪) আদিলে প্ৰকাশ কৰে যে ৰাখীয়ে প্ৰথম স্বামী ৰিতেশক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷
৫) আদিলে কয়, ৰাখী মোতকৈ ১৯ বছৰৰ ডাঙৰ ।
৬) কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাখী সাৱন্তৰ মাতৃৰ বিষয়েও আদিলে এক গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে । আদিলে ক’লে, মই ৰাখীৰ মাতৃক বৰ ভাল পাইছিলোঁ আৰু মই তেওঁৰ মাতৃৰ প্ৰিয় মানুহ আছিলোঁ ।
৭) আদিলে ৰাখীৰ গোপন কথা উদঙাই দি আৰু কয়, 'মাতৃৰ কেন্সাৰ চিকিৎসাৰ নামত ৰাখীয়ে প্ৰতিজন মানুহৰ পৰা ধন লুটিছিল, প্ৰতিমাহে একৰ পৰা দুই লাখ টকাৰ চান্দা লৈছিল ।
৮) একে সময়তে আদিল খানে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানকলৈ কয় যে, ‘ছলমান ভাইয়ে আদিলক মাতিছে, ছলমান ভাইয়ে আদিলক ভাবুকি দিছে, এই সকলোবোৰৰ চিত্ৰনাট্য ৰাখীয়ে কৰিছিল ।
৯) কেৱল এয়াই নহয়, আদিলে ৰাখীক লৈ আৰু কয় যে ৰাখীয়ে তেওঁক তেওঁৰ নগ্ন ভিডিঅ’ৰ দ্বাৰা ব্লেকমেইল কৰিব বিচাৰিছিল আৰু তাৰ পিচত তেওঁক ধৰ্ষণৰ অভিযোগত জড়িত কৰিব বিচাৰিছিল ।
১০) অৱশেষত আদিলে ৰাখীৰ গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰি ক’লে, ৰাখীয়ে সকলোকে কৈছিল যে আদি আৰু মোৰ সন্তানটো আৰু নাই, গৰ্ভপাত হৈছে, কিন্তু এই সকলোবোৰ মিছা, ৰাখী কেতিয়াও গৰ্ভৱতী হ’ব নোৱাৰে কাৰণ ৰাখীৰ সমস্যা আছে।
লগতে পঢ়ক: Mika Singh Rakhi Sawant Kiss Row: চুমা বিতৰ্ক গোচৰত মিকা সিঙে পালে সকাহ