ETV Bharat / entertainment

Adah Sharma: সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা ফ্লেট ক্ৰয় কৰিলে এইগৰাকী অভিনেত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 11:27 AM IST

২০২০ চনৰ ১৪ জুনত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ পিচত তিনি বছৰ ধৰি খালী পৰি আছিল তেওঁৰ ঘৰখন ৷ খালী ঘৰখন ক্ৰেতাৰ বাবে বহু দিনৰে পৰা অপেক্ষা চলি আছিল ৷ অৱশ্যে এতিয়া সমাপ্ত হ’ল অপেক্ষা । চলিত বৰ্ষত মুক্তি পোৱা এখন ব্লকবাষ্টাৰ ছবিৰ অভিনেত্ৰীগৰাকীয়ে এই ঘৰটোক নিজৰ ঘৰ হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে ।

Adah Sharma going to buy late Sushant Singh Rajput house see what is the truth
আদা শৰ্মাই ক্ৰয় কৰিলে সুশান্ত সিং ৰাজপুতৰ ঘৰ

চিটাৰা ডেস্ক, ২৭ আগষ্ট: ২০২০ চনত সমগ্ৰ দেশত কৰ’নাৰ বাবে লকডাউন চলি আছিল । সেই একে সময়তে মুম্বাইৰ এটা এপাৰ্টমেণ্টত বলীউডৰ এজন উদীয়মান আৰু প্ৰতিভাৱান অভিনেতাই এই পৃথিৱীক বিদায় দিছিল । হয়, আমি কৈছো সুশান্ত সিং ৰাজপুতৰ কথা, যাৰ মৃত্যুৰ খবৰে জোঁকাৰি গৈছিল সকলোকে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেতাজনে আত্মহত্যা কৰিছিল । অৱশ্যে প্ৰকৃততে সুশান্তে আত্মহত্যা কৰিছিল নে নাই সেয়া আজিও ৰহস্য আৱৰ্তত ৷ একে সময়তে অভিনেতাজনে আত্মহত্যা কৰা তেওঁৰ ঘৰটো তিনি বছৰ ধৰি খালী হৈ পৰি আছিল ।

খবৰ অনুসৰি তিনিবছৰ ধৰি ঘৰটোৰ বাবে কোনো ক্ৰেতা পোৱা নাই ৷ কিন্তু এতিয়া ঘৰটোৰ সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ ৷ চলিত বৰ্ষত মুক্তি পোৱা ব্লকবাষ্টাৰ ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ অভিনেত্ৰী আদা শৰ্মাই সুশান্ত সিঙৰ খালী ঘৰটো ক্ৰয় কৰিছে । অৱশ্যে এতিয়ালৈকে এই খবৰ নিশ্চিত কৰা নাই অভিনেত্ৰীগৰাকীয়ে ।

সুশান্ত সিঙে ঘৰৰ ইমান ভাড়া দিছিল

সুশান্ত সিং ৰাজপুতৰ এই ঘৰটো তিনিবছৰ ধৰি বিক্ৰীৰ বাবে সাজু আছিল, কিন্তু কোনো ক্ৰেতা বিচাৰি পোৱা নাছিল । বহু সময়ত সুশান্তৰ ঘৰৰ ভিডিঅ’বোৰো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যিবোৰ ভিডিঅ’ বিক্ৰীৰ বাবে শ্বেয়াৰ কৰা হৈছিল ৷ কিন্তু ২০২১ চনত অভিনেতাগৰাকীৰ সাগৰমুখী মুম্বাই ঘৰটো ভাড়াত থকা বুলি দাবী কৰা হৈছিল । দুমহলীয়া এই ঘৰটোৰ প্ৰতি মাহে ৪.৫ লাখ টকা ভাড়া হিচাপে দিছিল অভিনেতাজনে ।

আদা শৰ্মাৰ ৱৰ্কফ্ৰন্ট

আনহাতে আদা শৰ্মাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ‘দ্য কেৰালা ষ্ট’ৰী’ত । ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হৈছিল ৷ ছবিখনৰ কাহিনীয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল । উল্লেখ্য যে, এতিয়া অভিনেত্ৰীগৰাকীক অতি সোনকালে ১১ আগষ্টত ডিজনী প্লাছ হটষ্টাৰত প্ৰচাৰ হ’বলগীয়া ৱেব ছিৰিজ ‘কমাণ্ডো’ত দেখা যাব । ইয়াৰ উপৰিও আদাক শ্ৰেয়াছ তালপাড়েৰ সৈতে ‘দ্য গেম অৱ চেমেলিয়ন’ ছবিতো দেখা যাব ।

লগতে পঢ়ক: Shah Rukh Khan: ‘ট্ৰেইলাৰ নেহি আয়েগা তো পিকচাৰ নেহি দেখোগে ক্যা’ ? অনুৰাগীৰ প্ৰশ্নৰ কিয় এনেদৰে উত্তৰ দিলে শ্বাহৰুখে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.