ETV Bharat / entertainment

বৈবাহিক যৌন নিৰ্যাতনৰ দৃশ্যক লৈ মৌনতা ভংগ কৰিলে অভিনেত্ৰী মানসী তক্ষকে - ববি দেউল

Animal Actress Mansi Taxak:সন্দীপ ৰেড্ডী ভাংগাৰ ছবি এনিমেলৰ জ্বৰত ভুগিছে দেশবাসী ৷ এই ছবিখনে বক্স অফিচত দ্ৰুত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ছবিখনৰ কিছুমান দৃশ্য আছে যিবোৰৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল ৷ ইয়াত এটা দৃশ্য ববি দেউলৰ বিবাহৰ দৃশ্য, যাৰ ওপৰত মানুহে আপত্তি দৰ্শাইছে ৷ এই দৃশ্য আৰু ববি দেউলৰ চৰিত্ৰক লৈ নিজৰ মৌনতা ভংগ কৰিছে অভিনেত্ৰী মানসী তক্ষকে ৷

Bobby Deol's third Wife Mansi Taxas in Animal, Makes shocking statement about rape scene, says 'It Was Apt...'
বৈবাহিক যৌন নিৰ্যাতনৰ দৃশ্য’ক লৈ মৌনতা ভংগ কৰিলে অভিনেত্ৰী মানসী তক্ষকে; ক’লে ববি দেউলৰ চৰিত্ৰটোহে প্ৰকৃত এনিমেল
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:27 PM IST

Updated : Dec 21, 2023, 3:32 PM IST

চিটাৰা ডেস্ক, 9 ডিচেম্বৰ: বক্স অফিচত ঢৌ তুলিছে ছবি ‘এনিমেল’ এ ৷ কিন্তু বক্স অফিচত ভাল উপাৰ্জন কৰা এই ছবিখনক কিছুমান দৃশ্যৰ বাবে ট্ৰ’ল কৰা হৈছে ৷ চিনেমাখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ববি দেউলে মাত্ৰ কেইমিনিটমানৰ অভিনয়ৰে দৰ্শকক তেওঁৰ চৰিত্ৰ ‘এনিমেল’ৰ সৈতে তুলনা কৰিবলৈ বাধ্য কৰাইছিল ৷

ছবিখনৰ এটা দৃশ্য আছে, যেতিয়া ববীয়ে তেওঁলোকৰ বিবাহৰ দিনা সকলোৰে সন্মুখত পত্নী (মানসী তাক্সক)ৰ সৈতে অন্তৰংগ হ’বলৈ চেষ্টা কৰে ৷ ছবিখনৰ বহু দৃশ্যৰ ভিতৰত এই এটা দৃশ্যত নিৰ্মাতাসকলক সমালোচনা কৰিছে অনুৰাগীয়ে ৷ ববীৰ চৰিত্ৰটোক ন্যায্যতা প্ৰদান কৰাৰ সমান্তৰালকৈ দৃশ্যটো দেখুওৱাৰ সাৰমৰ্ম বুজাই দিয়ে মানসীয়ে ৷

'এনিমেল'ৰ এই দৃশ্য হৈ পৰিল চৰ্চাৰ বিষয়

বৈবাহিক ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ বিশ্বই হুলস্থুল সৃষ্টি কৰি থকাৰ সময়তে অভিনেত্ৰী মানসী তক্ষকে এই দৃশ্যৰ সপক্ষে মাত মাতিছে ৷ এক সাখ্যাৎকাৰত তেওঁ কয় যে, আব্ৰাৰ হকৰ চৰিত্ৰটোৱে যেতিয়ে ভাতৃৰ মৃত্যুৰ কথা গম পালে তাৰ পিছৰ দৃশ্যত কি হ’ল তাক চাবলৈ আপোনালোকে আহিব লাগিব চিনেমাগৃহলৈ ৷

অভিনেত্ৰীগৰাকীয়ে দৃশ্যটোৰ গুৰুত্বৰ কথা কয়

অভিনেত্ৰীগৰাকীয়ে কয় যে, "তেওঁলোকৰ বিবাহ এনেদৰে শেষ হ’ব বুলি কোনেও আশা নকৰে ৷ যেতিয়া বিবাহৰ ক্ৰম আৰম্ভ হয়, যদি আপুনি লাইটবোৰ দেখিছিল, সকলো কাম কৰা ধৰণেৰে, ইমান ধুনীয়া আছিল ৷ এই ছিকুৱেন্সত বজোৱা সংগীত ভাইৰেল হৈ পৰিছে ৷ বিবাহ অনুষ্ঠান এটা সুন্দৰ সমাপ্তিৰ দিশে আগবাঢ়িছিল আৰু তাৰ পিছত আপুনি দেখিছে আপোনাৰ লগত এনেকুৱা হৈছে ৷"

তেওঁ আৰু কয়, "যদি আপুনি ৰণবীৰ কাপুৰক এনেকুৱা বুলি ভাবে, তেন্তে খলনায়কজন আৰু বেয়া হ’ব বুলি আশা কৰিব পাৰি ৷ এইটোৱেই আছিল ববি দেউলৰ চৰিত্ৰটো উলিয়াই অনাৰ নিখুঁত উপায় যাতে আমি দৰ্শকক ক'ব পাৰো যে আমি কোনটো প্ৰকৃত প্ৰাণীৰ কথা কৈছো...''

মানসীয়ে কয় যে, আবৰাৰ এজন ব্যক্তি যি প্ৰকৃততে এটা জন্তু ৷ সেই দৃশ্যটোত ভাতৃৰ মৃত্যুৰ কথা জানিব পাৰি নতুন পত্নীৰ ওপৰত নিজৰ হতাশা উলিয়াই লয় ৷ ভাতৃৰ মৃত্যুৰ কথা গম পোৱাৰ লগে লগে প্ৰথমে সেই খবৰটো দিয়া লোকজনকে হত্যা কৰে আব্ৰাৰ অৰ্থাৎ ববিয়ে ৷ ইয়াৰ পিছত তেওঁ নতুন পত্নীৰ সৈতে সকলোৰে সন্মুখত অন্তৰংগ হৈ পৰে ৷

তেওঁ কয় যে, নিৰ্মাতাসকলৰ উদ্দেশ্য কোনো ধৰণৰ আক্ৰমণ দেখুৱাবৰ বাবে নাছিল যদিও আব্ৰাৰক যিদৰে দেখুওৱা হৈছে সেই দৃশ্য সঁচাকৈ অতি নৃশংশ ৷

চেটটোত এনে এক পৰিবেশৰ সৃষ্টি হৈছিল

অভিনেত্ৰীগৰাকীয়ে কয় যে, চেটত এনে কোনো পৰিৱেশ নাছিল যিয়ে আক্ৰমণ বা ভয়ৰ অনুভৱ দিছিল ৷ নতুবা চিত্ৰনাট্যত এনে কোনো কথা উল্লেখ কৰা হোৱা নাছিল ৷ মাথোঁ দুজন মানুহৰ সম্পৰ্ক আছিল, যিটো এনেদৰে দেখুওৱা হৈছিল ৷

'এনিমেল'ৰ বক্স অফিচৰ সংগ্ৰহ

কিছু দৃশ্যৰ বাবে ছবিখন নিশ্চিতভাৱে সমালোচনাৰ সন্মূখীন হৈছে যদিও বক্স অফিচত ইয়াৰ উপাৰ্জন গুলীৰ গতিবেগেৰে আগবাঢ়িছে ৷ ৮ দিনত ৩৩০ কোটিতকৈ অধিক টকা অৰ্জন কৰিছে চিনেমাখনে ৷ আনহাতে, ইয়াৰ বিশ্বব্যাপী উপাৰ্জন প্ৰায় ৬০০ কোটি টকা হৈছেগৈ ৷

লগতে পঢ়ক: বক্স অফিচত এনিমেলৰ যাদু; জানেনে এতিয়ালৈকে ছবিখনৰ সংগ্ৰহ কিমান ?

Last Updated : Dec 21, 2023, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.