ETV Bharat / entertainment

সিদ্ধাৰ্থৰ সৈতে সম্পৰ্কত আছে অদিতি ৰাও হাইদাৰী ! খোদ প্ৰকাশ কৰিলে এই কথা

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:55 PM IST

Aditi Rao Hydari Confirms Relationship: নৱবৰ্ষ উপলক্ষে অনুৰাগীক উপহাৰ দিলে অদিতি ৰাও হাইদাৰীয়ে । ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থৰ সৈতে নিশ্চিত কৰিলে সম্পৰ্ক ।

Actress Aditi Rao Hydari Confirms Relationship With Siddharth, See pic
অদিতি ৰাও হায়দাৰীৰ সম্পৰ্ক

চিটাৰা ডেস্ক, ২ জানুৱাৰী: ব্যক্তিগত জীৱনক লৈ যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হাইদাৰীয়ে । কোৱা হৈছিল যে অভিনেতা সিদ্ধাৰ্থৰ সৈতে ডেট কৰি আছে অদিতিয়ে । অৱশ্যে ইয়াৰ পূৰ্বে এই খবৰবোৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল অভিনেত্ৰীগৰাকীয়ে ৷ কিন্তু এতিয়া এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে অভিনেত্ৰীগৰাকীয়ে । অদিতিয়ে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি সিদ্ধাৰ্থৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিছে । নৱবৰ্ষ উপলক্ষে অদিতিয়ে নিজৰ অনুৰাগীক এই বিশেষ উপহাৰ দিছে ।

অদিতিয়ে সিদ্ধাৰ্থৰ সৈতে ৰোমান্টিক চেলফি শ্বেয়াৰ কৰিছে । ফটোখন শ্বেয়াৰ কৰি অদিতিয়ে লিখিছে - ‘‘যাদুকৰী সুখ, প্ৰেম, হাঁহিৰে ভৰি পৰক আপোনাৰ জীৱন । আপোনালোক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল।’’ অনুৰাগীয়ে অদিতিৰ পোষ্টত লাইক আৰু কমেন্ট কৰি অভিনন্দন জনাইছে ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

অদিতিৰ এই পোষ্টত অনুৰাগীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এজন অনুৰাগীয়ে লিখিছে- পাৰফেক্ট । আনহাতে আন এজনে লিখিছে - অৱশেষত আপোনাক সুখী হোৱা দেখি মই সুখী আৰু আপুনি সঠিক সংগী বাছি লৈছে । বৰ ভাল লাগিল । সুখী হওক । এজনে লিখিছে – বৰ ভাল ।

উল্লেখ্য যে, সিদ্ধাৰ্থ আৰু অদিতি ৰাও হায়দাৰী দুয়োৰে প্ৰথম বিবাহ বিচ্ছেদ হৈছে । অদিতি আৰু সিদ্ধাৰ্থ এতিয়া একেলগে জীৱনটোত আগবাঢ়িছে । অদিতিৰ প্ৰথম বিবাহ সত্যদীপ মিশ্ৰৰ লগত হৈছিল । দুয়োগৰাকীয়ে নিজৰ বিয়াৰ কথা লুকুৱাই ৰাখিছিল । পিচত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে । সিদ্ধাৰ্থৰ কথা ক’বলৈ গ’লে ২০০৩ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল । অৱশ্যে এই বিবাহ বেছি দিনলৈ নচলিল আৰু ২০০৭ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অদিতিক শেষবাৰৰ বাবে দেখা গৈছিল বলীউডৰ ছবি পদ্মাৱতত । ইয়াৰ পিচত তেওঁ দক্ষিণৰ বহু ছবিত কাম কৰিছে ।

লগতে পঢ়ক: আমিৰ খানৰ কন্যা ইৰা খানৰ হালধি অনুষ্ঠান, মাৰাঠী লুকত অভিনেতাগৰাকীৰ দুই প্ৰাক্তন পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.