চিটাৰা ডেস্ক, 21 নৱেম্বৰ: বৰ্তমান আৰিয়া ৩ ত বলিষ্ঠ অভিনয়ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেতা সিকন্দৰ খেৰে । ইফালে যোৱা মাহত ৪২ বছৰীয়া হ’ল সিকন্দৰ । পুত্ৰৰ জন্মদিনত অনুপম খেৰে শ্বেয়াৰ কৰিছিল এটা সুন্দৰ পোষ্ট ৷ পোষ্টটোত অনুপম খেৰে কৈছিল যে তেওঁ আৰু কিৰণে বিচাৰে সিকন্দৰে অতি সোনকালে বিবাহপাশত আৱদ্ধ হোৱাটো ।
মনকৰিবলগীয়া বিষয় যে সিকন্দৰে ইমান বছৰে এই উদ্যোগটো থকাৰ পিচতো তেওঁৰ নাম কোনো অভিনেত্ৰীৰ সৈতে জড়িত হোৱা নাই। আনহাতে তেওঁৰ সমসাময়িক প্ৰায় সকলো বন্ধুৱেই বিবাহপাশত আৱদ্ধ হৈ পৰিয়াল গঢ়ি তুলিছে । ইফালে শেহতীয়াকৈ সিকন্দৰে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে তেওঁ বিয়াক এটা ডাঙৰ দায়িত্ব বুলি গণ্য কৰে ।
সিকন্দৰে কয়, ‘‘বিবাহক লৈ ইমানেই প্ৰশ্ন আহিছে । এতিয়া উত্তৰৰ বাবে চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰিছো । মই জানো যে মোৰ মা-দেউতাই মোক ইয়াৰ বাবে অহৰহ হেঁচা প্ৰয়োগ কৰি আছে । তেওঁলোকৰ চিন্তাও বুজি পাওঁ মই । তেওঁলোকৰ ভয় হয় যে মই হয়তো বৃদ্ধ বয়সত অকলশৰীয়া হৈ পৰিম । জীৱন, প্ৰেম বা কাৰোবাৰ লগত থকাৰ সন্দৰ্ভত মোৰ ধাৰণাটো অলপ বেলেগ । বিবাহ এটা ডাঙৰ দায়িত্ব । মই ইয়াক এটা কাম হিচাপে চাইছোঁ । বহু কামৰ দায়িত্ব ল’ব লগা হয় । কেৱল বিয়া পাতিব লাগিব বুলিয়েই মই বিয়া পাতিব নিবিচাৰো । মই কাকো এনেকৈ ঠগিব নিবিচাৰো ।’’
উল্লেখ্য যে, সিকন্দৰৰ মাতৃ কিৰণ খেৰ কৰ্কট ৰোগৰ সৈতে যুঁজি এটা নতুন জীৱন লাভ কৰিছে । সিকন্দৰে কয় যে তেওঁৰ বাবে এই সময়টো অতি ভয়ংকৰ সময় আছিল । মাতৃক কেমোথেৰাপি লোৱা দেখি মৰিবলৈ মন গৈছিল সিকন্দৰৰ ।
সিকন্দৰে কয়, ‘‘সেই দিনবোৰত মই ২০২০ চনত দেৱ পেটেলৰ ছবিখনৰ শ্বুটিং কৰি আছিলো । সেই সময়ত মাৰ অসুখৰ কথা গম পাইছিলো । সেই সময়ত মোৰ চেহেৰা বেয়া হৈ গৈছিল । সেই খবৰটোৱে মোক ভাঙি পেলাইছিল । ই এনেকুৱা এটা দাগ যাৰ দাগ কেতিয়াও মচিব নোৱাৰি । সেই গোটেই প্ৰক্ৰিয়াটো বৰ কষ্টদায়ক আছিল । যৎপৰোনাস্তি চেষ্টা কৰিও কোনো উপায় বিচাৰি পোৱা নাছিলো । কাৰণ মোৰ একমাত্ৰ প্ৰয়াস আছিল মাক যিকোনো প্ৰকাৰে সুখী কৰি ৰখা । তেওঁ যাতে কোনো অসুবিধা নাপায় । মাক ভগৱানৰ মৰ্যাদা দিছো, মোৰ পৃথিৱীত তেওঁ প্ৰথম । সেইটো আছিল অতি বেয়া পৰ্যায়, যাৰ পৰা ওলাই অহাটো কঠিন আছিল ।’’
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে কন্যাৰ সৈতে একেলগে পৰ্দাত দেখা যাব শ্বাহৰুখ খানক, জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং