ETV Bharat / entertainment

Deepak filed case against Mohan Gopal: প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে গোচৰ ৰুজু অভিনেতা দীপক তিজোৰীৰ - Criminal breach of trust

অভিনেতা দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে ২.৬ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি মুম্বাইৰ আম্বলি থানাত ৰুজু কৰিছে গোচৰ ৷

Actor director Deepak Tijori lodges complaint against co-producer for cheating Rs 2.6 crores
অভিনেতা তথা পৰিচালক দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে মুম্বাইৰ আম্বলি থানাত ৰুজু কৰিছে গোচ
author img

By

Published : Mar 20, 2023, 9:18 PM IST

চিটাৰা ডেস্ক, 20 মাৰ্চ: অভিনেতা তথা পৰিচালক দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে মুম্বাইৰ আম্বলি থানাত ৰুজু কৰিছে গোচৰ (Deepak Tijori filed case against Mohan Gopal Nadar) ৷ দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে । অভিনেতাগৰাকীয়ে এফআইআৰত উল্লেখ কৰে যে তেওঁক মোহন গোপালে ২.৬ কোটি টকা প্ৰৱঞ্চনা কৰিছিল । অভিনেতাগৰাকীয়ে ১৫ মাৰ্চত দাখিল কৰে এই এফ আই আৰ (Deepak Tijori files complaint) ।

মুম্বাই আৰক্ষীয়ে ইতিমধ্যে আই পি চিৰ ৪২০ (Cheating and dishonesty inducing delivery of property) আৰু ৪০৬ (Criminal breach of trust) ধাৰাত নাদৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ অভিনেতাগৰাকীয়ে কয় যে নাদৰে তেওঁৰ সৈতে যোগ দি ‘টিপ্প্চি’ (Tipppsy) নামৰ এখন থ্ৰিলাৰ ছবিৰ সহ-প্ৰযোজনা কৰিছিল, যিখন ছবি পৰিচালনা কৰিব দীপকে । দীপকে আৰক্ষীক জনোৱা মতে, ২০১৯ চনত লণ্ডনত ছবিখনৰ দৃশ্যগ্ৰহণৰ কথা আছিল । সেই কথা মনত ৰাখি দীপকে নাদৰক ২ কোটি ৬০ লাখ টকাৰ দায়িত্ব অৰ্পণ কৰিছিল ।

কিন্তু দীপকে দাবী কৰে যে ছবিখন সময়মতে সম্পূৰ্ণ হোৱা নাছিল । ছবিখন সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবেই বহুবাৰ টকাখিনি নাদৰৰ পৰা ঘূৰাই বিচাৰিছিল অভিনেতা দীপকে ৷ কিন্তু নাদৰে বিভিন্ন অজুহাত দেখুৱাই দীপকৰ টকাখিনি উভতাই দিয়া নাছিল ৷ তদুপৰি দীপকে নিজৰ এফআইআৰত দাবী কৰিছিল যে নাদৰে দিয়া চেকবোৰ বাউন্সিং হৈয়েই থাকে। সেয়াহে, দীপকে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত ল’লে । এজাহাৰৰ পিচতেই আম্বলিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে । এই পৰ্যন্ত নাদৰক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ।

উল্লেখ্য যে, ১৯৯০ চনত মুক্তি পোৱা মহেশ ভাটৰ আশিকী ছবিখনৰ জৰিয়তে অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল দীপকে । লগতে অভিনয় কৰিছে জো জীতা ৱাহি চিকন্দৰ, খিলাড়ি, বাদশ্বাহ, বাস্তৱ, কভি হান কভি না, দুলহান হম লে জায়েংগে, ৰাজা নটৱাৰলাল আৰু বহুতো হিট ছবি অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ৷ ইয়াৰ উপৰি অভিনেতাগৰাকীয়ে ফাৰেব, ফক্স, উপছ আৰু ডো লাফজন কি কাহানীকে ধৰি বলীউডৰ বহু ছবি পৰিচালনাও কৰিছে ।

বৰ্তমান ৰাষ্ট্ৰীয় বঁটা বিজয়ী বীনা বাক্ষীৰ পৰিচালনাত নিৰ্মিত ইত্তৰ ছবিখনৰ জৰিয়তে কামবেক কৰিব । ইয়াৰ উপৰিও অভিনেতা ঋতুপৰ্ণ সেনগুপ্তাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ইত্তৰ ছবিখনত । যোৱা মাহত তৰণে ইত্তৰৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু কেপচনত লিখিছিল "দীপাক টিজোৰী ৰিটাৰ্নছ টু এক্টিং উইথ ইত্তৰ... ৰাষ্ট্ৰীয় বঁটা বিজয়ী বীনাৰ পৰিচালিত পৰিপক্ক প্ৰেম কাহিনী ইত্তৰত নতুন অৱতাৰত দেখা যাব দীপক তিজোৰীক ।"(With Agency inputs)

লগতে পঢ়ক: Amitabh Bachchan: নিজৰ স্বাস্থ্যৰ বিষয়ে কি ক’লে অমিতাভ বচ্চনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.