ETV Bharat / entertainment

Ex IAS Abhishek Singh: ছানী লিয়নীৰ সৈতে কি কৰিছে বিতৰ্কিত প্ৰাক্তন IAS বিষয়া অভিষেক সিঙে ?

author img

By ANI

Published : Oct 25, 2023, 1:09 PM IST

কেতিয়াবা যদি বিতৰ্কৰ বাবে, আন কেতিয়াবা আকৌ বলীউডত তেওঁৰ ষ্টাইলৰ বাবে বাতৰিৰ শিৰোনামত থাকে প্ৰাক্তন আই এ এছ বিষয়া অভিষেক সিং । এতিয়া আকৌ এবাৰ লাইমলাইটলৈ আহিছে অভিষেক । শেহতীয়াকৈ তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁক ছানি লিয়নীৰ সৈতে দেখা গৈছিল ।

Abhishek Singh to come up with rap song featuring actress Sunny Leone
ছানি লিয়নীৰ সৈতে আহি আছে অভিষেকৰ নতুন প্ৰেজক্ট

চিটাৰা ডেস্ক, 25 অক্টোবৰ: প্ৰায়ে বাতৰিৰ শিৰোনামত থকা উত্তৰ প্ৰদেশৰ কেডাৰৰ প্ৰাক্তন আই এ এছ অভিষেক সিং আকৌ এবাৰ চৰ্চালৈ আহিছে । দৰাচলতে প্ৰাক্তন আই এ এছ অভিষেক সিঙক অতি সোনকালে অভিনেত্ৰী ছানী লিয়নীৰ সৈতে কাম কৰা দেখা যাব । অৱশ্যে অভিষেকক অভিনয়ত দেখা পোৱা নাযাব বৰঞ্চ ৰেপ হে কৰা দেখা যাব । তেওঁৰ এই অনন্য শৈলী প্ৰথমবাৰৰ বাবে দেখা যাব । ইয়াৰ পূৰ্বে তেওঁ বহু গীত আৰু ৱেব ছিৰিজত অভিনয়ৰ দক্ষতা দেখুৱাইছিল যদিও তেওঁৰ ৰেপৰ ক’লা প্ৰথমবাৰৰ বাবে দেখা যাব আৰু তেওঁ নিজেই অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰিছে ।

  • To all my brothers, sisters and elders of Jaunpur. What an auspicious day! We just wrapped up the video shoot of my debut rap song, which I have sung myself.. “Meri party mein koi third party nahi” 😊
    Sunny’s presence has added glamour and life to the video. I’m sure you will… pic.twitter.com/kELDh9x1UW

    — Abhishek Singh (@Abhishek_asitis) October 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছানি লিয়নীৰ সৈতে ৰেপ কৰিব অভিষেকে

অভিষেক সিঙে নিজৰ এক্স একাউণ্টত ছানী লিয়নীৰ সৈতে তেওঁৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়েও অনুৰাগীক তেওঁৰ পোষ্টৰ জৰিয়তে অৱগত কৰে । অভিষেকে লিখিছে, ‘‘জৌনপুৰৰ সকলো ভাই-ভনী-বন্ধুসকল, কি যে শুভ দিন ! আমি মাত্ৰ আমাৰ প্ৰথম ৰেপ গীতটোৰ ভিডিঅ' শ্বুট সম্পূৰ্ণ কৰিলোঁ, যিটো গীত মই নিজেই গাইছো ৷ মেৰী পাৰ্টি মে কই থাৰ্ড পাৰ্টি নাহি'। ছানীৰ উপস্থিতিয়ে ভিডিঅ’টোত গ্লেমাৰ আৰু জীৱন সংযোজন কৰিছে । মোৰ বিশ্বাস আপোনালোকে ভাল পাব গীতটি । মোৰ প্ৰিয় বন্ধু আৰু সহ অভিনেতা ছানি লিয়নী । নৱৰাত্ৰি আৰু দশেৰাৰ বাবে সকলোলৈ শুভেচ্ছা ! সকলোকে সোনকালে দেখা পাম ।’’

আদা শৰ্মাৰ সৈতে ভিডিঅ’ ভাইৰেল হৈছিল অভিষেকৰ

উল্লেখ্য যে, চলিত মাহৰ ২১ অক্টোবৰত অভিষেক সিঙৰ আন এটা মিউজিক ভিডিঅ’ মুক্তি লাভ কৰিছিল । সেই ভিডিঅ’টোত অভিষেকৰ সৈতে দেখা গৈছিল ‘দ্য কেৰালা ষ্ট’ৰী’ৰ অভিনেত্ৰী আদা শৰ্মাক । আদা শৰ্মাইও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত অভিষেক বহি থকা ৰিক্সাখন চলাই থকা দেখা গৈছিল অভিনেত্ৰীগৰাকীক । তেওঁৰ এই ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰিছিল । ইয়াৰ পূৰ্বে অভিষেকে জৌনপুৰত গণেশ উৎসৱৰ আয়োজন কৰিছিল, য’ত বলীউডৰ বহু তাৰকা উপস্থিত হৈছিল । ইয়াৰ ভিতৰত আছিল সুনীল শ্বেট্টী আৰু হানি সিঙো ।

ৱেব ছিৰিজতো কাম কৰিছিল অভিষেকে

জুবিন নৌটিয়ালৰ মিউজিক এলবামতো অভিনয় কৰিছে অভিষেকে । ইয়াৰ উপৰিও তেওঁ বহু গীততো অভিনয় কৰিছে । মনীষ মালহোত্ৰাৰ মডেল হিচাপেও তেওঁ ৰেম্পত খোজ দিছিল । বলীউডত তেওঁৰ উপস্থিতি ভাল আৰু প্ৰতিটো কামতে তেওঁক দেখা যায় । কেৱল এয়াই নহয়, নেটফ্লিক্সত মুক্তি পোৱা ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ৰ দ্বিতীয় ছিজনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অভিষেক সিঙে । বিখ্যাত আই এ এছ দুৰ্গাশক্তি নাগপালৰ স্বামী প্ৰাক্তন আই এ এছ অভিষেক ।

এই কাৰণতে নিলম্বিত কৰা হৈছিল

উল্লেখ্য যে, অভিষেক সিং উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা । অভিষেক সিং কেৱল চৰকাৰী চাকৰিৰ বাবেই নহয়, অভিনেতা আৰু মডেল হিচাপেও জনাজাত । দৰাচলতে গুজৰাটৰ নিৰ্বাচনৰ সময়ত গাড়ীৰ সৈতে ফটো শ্বেয়াৰ কৰাৰ বাবে তেওঁক পৰ্যবেক্ষকৰ পদৰ পৰা আঁতৰাই দিয়া হৈছিল । ইয়াৰ পিচত তেওঁ ছুটী নোলোৱাকৈয়ে নিৰুদ্দেশ হৈছিল । এই সন্দৰ্ভত যোগী চৰকাৰেও তেওঁক কাৰণ দেখুৱাৰ জাননী জাৰি কৰিছিল । কিন্তু কোনো উত্তৰ নিদিয়াৰ বাবে তেওঁক নিলম্বন কৰা হয় । ইয়াৰ পিচত অভিষেকে নিজৰ পৰা পদত্যাগ কৰিছে ।

লগতে পঢ়ক: Ranbir Kapoor Movie Break: ছবিজগতৰ পৰা বিৰতি লোৱাৰ ঘোষণা ৰণবীৰ কাপুৰৰ, ইয়াৰ আঁৰৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.