চিটাৰা ডেস্ক, 28 আগষ্ট: এবিচিডি ছবিখনত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী লৰেন গটলিবে আৰম্ভ কৰিবলৈ ওলাইছে জীৱনৰ এক নতুন অধ্যায় ৷ হয়, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে টবিয়াছ জ’নৰ সৈতে অন্তৰংগ অনুষ্ঠানত বাগদান সম্পন্ন কৰে ৷ ডান্স ৰিয়েলিটি শ্ব’ ঝলক দিখলা জাত অংশগ্ৰহণ কৰা লৰেনে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত ছবি শ্বেয়াৰ কৰি অনুৰাগীক জনালে এই ভাল খবৰটো ৷ অভিনেত্ৰীগৰাকীক ফটোসমূহত অতি সুখী যেন দেখা পোৱা গৈছে ৷
৩৫ বছৰীয়া ডিভাগৰাকীয়ে প্ৰেমিকৰ সৈতে বহু ৰোমান্টিক ছবি শ্বেয়াৰ কৰিছে, য’ত অভিনেত্ৰীগৰাকীয়ে টবিয়াছ জ’নৰ সৈতে নিজৰ প্ৰেমৰ বৰ্ণনা দিয়ে ৷ প্ৰথম ফটোখনত অভিনেত্ৰীগৰাকীক প্ৰেমিকে আঁঠু লৈ প্ৰপ’জ কৰা দেখা যায় ৷
লৰেন গটলিবে ছবিকেইখন শ্বেয়াৰ কৰি লিখিছে, ‘অফিচিয়েলভাৱে চিৰদিনৰ বাবে, লাখ বাৰ YES । টবিয়াছ, তুমিয়েই মোৰ সপোনৰ মানুহ !! মই সদায় জানিছিলোঁ যে মৰমিয়াল, দয়ালু, যত্নশীল আৰু ধৈৰ্য্যশীল তুমি এই সকলোবোৰৰ অধিকাৰী !'
লৰেনে লগতে লিখিছে, ‘লছ এঞ্জেলছৰ পৰা লণ্ডনলৈ আমাৰ প্ৰথম ফোন কলৰ পিচত মই গম পাইছিলোঁ যে আমি ইগৰাকীয়ে সিগৰাকীৰ জীৱনত থাকিব বিচাৰো । সেই ডেৰ বছৰত আমি প্ৰেম আৰু সন্মানৰ উত্তম ভেটি গঢ়ি তুলিলোঁ । মই নিজকে ইমানেই ভাগ্যৱান বুলি অনুভৱ কৰোঁ যে অৱশেষত আমাৰ বাটবোৰ পাৰ হৈ গ’ল আৰু আমি প্ৰেমত পৰিলোঁ ! মোৰ সমগ্ৰ জীৱনলৈ ইমান মৰম, সুখ আৰু বিশুদ্ধ সুখ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ । তোমাৰ জীৱনসংগী হ’বলৈ পাই মই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান বুলি অনুভৱ কৰো । ভাল অংশটো মাত্ৰ আৰম্ভ হৈছে !’
একে সময়তে প্ৰেমিকেও ক’লে, ‘ল’ৰেন, তুমি ভিতৰ আৰু বাহিৰৰ পৰা আটাইতকৈ ধুনীয়া মানুহ আৰু মই সঁচাকৈয়ে ভাগ্যৱান যে মই তোমাৰ লগত বাকী জীৱন কটাবলৈ সুযোগ পাইছোঁ । আমি একেলগে থকাৰ পৰাই তোমাৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰো আৰু একেলগে স্মৃতি সাজি পৃথিৱীখন অনুভৱ কৰিবলৈ অপেক্ষা কৰিব পৰা নাই । মোৰ জীৱন সংগী বিচাৰি পোৱাৰ বাবে মই চিৰকৃতজ্ঞ ।