ETV Bharat / entertainment

Parineeti Chopra: নিশ্চিত হ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ সম্পৰ্ক ! আপৰ সাংসদে জনালে শুভেচ্ছা

author img

By

Published : Mar 28, 2023, 5:11 PM IST

সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ সম্পৰ্কই (Parineeti Chopra) ৷ এই চৰ্চাৰ মাজতেই আপৰ এজন নেতাই দুয়োৰে সম্পৰ্ক নিশ্চিত কৰি ছ’চিয়েল মিডিয়াত শুভেচ্ছা জ্ঞাপন কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Aam Aadmi party leader Sanjeev Arora congratulates and wishes Parineeti Chopra and Raghav Chadha relationship
ৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ সম্পৰ্ক

চিটাৰা ডেস্ক, 28 মাৰ্চ: আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিগত কিছুদিন ধৰি সাঙোৰ খাইছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ নাম (Parineeti Chopra and Raghav Chadha relationship) ৷ শেহতীয়াকৈ দুয়োকে একেলগে এখন ৰেষ্টুৰেণ্টত দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচতে তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে ৷

একে সময়তে ৰাঘৱ চাড্ডাৰ সৈতে পৰিণীতি চোপ্ৰাৰ ভিডিঅ’ আৰু ফটো নিশাটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (Parineeti Chopra and Raghav Chadha) । এই উৰাবাতৰিৰ মাজতে আম আদমী দলৰ নেতা সঞ্জীৱ অৰোৰাই পৰিণীতি আৰু ৰাঘৱক তেওঁলোকৰ সম্পৰ্কৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় ।

কিছুদিন পূৰ্বে আপৰ নেতা সঞ্জীৱ অৰোৰাই নিজৰ অ’ফিচিয়েল টুইটাৰ হেণ্ডেলত পৰিণীতি আৰু ৰাঘৱৰ কলাজ শ্বেয়াৰ কৰিছিল (Sanjeev Arora congratulates Parineeti Raghav) ৷ কলাজ শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘মই ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাক আন্তৰিক অভিনন্দন জনাইছো (Aam Aadmi party leader Sanjeev Arora)। তেওঁলোকৰ মিলনক ​​মৰম, আনন্দ আৰু ভাতৃত্ববোধেৰে আশীৰ্বাদ দিব পাৰি । মোৰ শুভেচ্ছা থাকিল ৷’ আপৰ নেতাজনৰ এই পোষ্টৰ পিচতে লগে লগে অনুৰাগীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । এজন অনুৰাগীয়ে লিখিছে, ‘‘এইটো কেতিয়া ঘোষণা কৰা হৈছিল ?’’ আন এজন অনুৰাগীয়ে লিখিছে, ‘‘বিয়া হ’ব নেকি দুয়োৰে ?’’

শেহতীয়াকৈ পৰিণীতিক জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ঘৰৰ বাহিৰত ক’লা সাজত দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচতে অনুমান কৰা হৈছিল যে, অভিনেত্ৰীগৰাকীয়ে মনীষ মালহোত্ৰাক নিজৰ বিয়াৰ সাজ-পোছাকৰ বিষয়ে আলোচনা কৰিবলৈ লগ ধৰিছিল । ইয়াৰ পূৰ্বেও পৰিণীতি আৰু ৰাঘৱে আনুষ্ঠানিকভাৱে এই খবৰ শীঘ্ৰে ঘোষণা কৰিব পাৰে বুলি খবৰ ওলাইছিল ।

  • Looks like AAP members learn politics from Bollywood flopstars.

    No wonder their skills are so poor 🤮

    Raghav Chadha with Parineeti Chopra on a Date. pic.twitter.com/pWovgMCdJ2

    — JyotiKarma🟠 (@JyotiKarma7) March 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, পৰিণীতি চোপ্ৰাক শেষবাৰৰ বাবে দেখা গৈছিল ‘উচ্চাই’ ছবিখনত ৷ য’ত অভিনেত্ৰীগৰাকীৰ লগত আছিল অমিতাভ বচ্চন, বোমন ইৰাণী আৰু অনুপম খেৰে । শীঘ্ৰে ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ‘চামকিলা’ ছবিত পৰিণীতিক দেখা পাব দৰ্শকে । ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছে দিলজিৎ দোসাঞ্জে ।

লগতে পঢ়ক: Parineeti Raghav Roka: ৰাঘৱৰ সৈতে পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হ’ল নেকি ? চাওক প্ৰমাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.