চিটাৰা ডেস্ক,৯ নৱেম্বৰ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine War)। এই সংঘৰ্ষত বিশ্বৰ বিভিন্ন দেশে ইউক্ৰেইনক সমৰ্থন কৰা দেখা গৈছে । বহু সময়ত ইউক্ৰেইনৰ প্ৰতি আৱেগিক হোৱাও দেখা গৈছে বিভিন্নজনক । ইফালে ৰাছিয়াৰ তীব্ৰ আক্ৰমণৰ পাছতো পৰাজয় স্বীকাৰ নকৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক বহুতে প্ৰশংসা কৰাও দেখা গৈছে ।
এইবাৰ ৰাষ্ট্ৰপতিগৰাকীক নিজৰ অস্কাৰ বঁটাটো উপহাৰ দিলে আমেৰিকাৰ বিশিষ্ট অভিনেতা চিন পেনে (Sean Penn gives Zelensky his Oscar)। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক প্ৰতিকী ৰূপত নিজৰ অস্কাৰ বঁটা উপহাৰ দিলে । ২০০৪ আৰু ২০০৯ চনত মিষ্টিক ৰিভাৰ এণ্ড মিল্কৰ বাবে ক্ৰমান্বয়ে শ্ৰেষ্ঠ অভিনেতাৰ একাডেমী বঁটা লাভ কৰা ৬২ বছৰীয়া অভিনেতাগৰাকীয়ে জেলেনস্কিক উপহাৰ হিচাপে বঁটাটো প্ৰদান কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ৰাষ্ট্ৰপতিৰ টেলিগ্ৰাম চেনেলত ইতিমধ্যে এটা ভিডিঅ' শ্বেয়াৰ হৈছে । অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীক উপহাৰ প্ৰদান কৰা দৃশ্য ভিডিঅ'টোত দেখা গৈছে । উপহাৰটো প্ৰদান কৰি অভিনেতাগৰাকীয়ে কৈছে যে যদি এই উপহাৰটো ইউক্ৰেইনত থাকে তেনেহ'লে তেওঁলোকে অধিক শক্তি লাভ কৰিব আৰু যুদ্ধখনত জয়ী হ'ব পাৰিব । যদি যুদ্ধত জয়ী হয় তেনেহ'লে অভিনেতাগৰাকী আনন্দিত হ'ব কিয়নো তেওঁৰ এই উপহাৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত আছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে যুদ্ধত জয়ী হ'লে এই উপহাৰটো মালিবুলৈ ঘূৰাই আনিবলৈ ৰাষ্ট্ৰপতিগৰাকীক আহ্বান জনায় অভিনেতাগৰাকীয়ে । ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ শেষলৈকে এই ট্ৰফী দেশখনত থাকিব বুলিও অভিনেতাগৰাকীয়ে উল্লেখ কৰে । ইফালে এই উপহাৰৰ বিনিময়ত অভিনেতা পেনক ইউক্ৰেইনৰ অৰ্ডাৰ অফ মেৰিটৰে সন্মানিত কৰা হয় ।
উপহাৰ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এয়া তেওঁৰ বাবে নহয় ইউক্ৰেইনৰ জনসাধাৰণৰ বাবেহে । অভিনেতা পেনে কয় যে পৃথিৱীত তিনিখন ঠাই আছে যিবোৰ তেওঁৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ । সেইবোৰ হৈছে তেওঁৰ কন্যাৰ জন্ম হোৱা ঠাই, পুত্ৰৰ জন্ম হোৱা ঠাই আৰু লগতে ইউক্ৰেইন । উল্লেখ্য যে অভিনেতাগৰাকীয়ে পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে যদি একাডেমীয়ে জেলেনস্কিক ২০২২ চনৰ অস্কাৰৰ অনুষ্ঠানত নিমন্ত্ৰণ নকৰে তেন্তে তেওঁ অস্কাৰ "smelt" কৰিব ।
লগতে পঢ়ক :Baap movie:মুকলি হ’ল জেকী, মিথুন, সঞ্জয়, ছানী দেউল অভিনীত বাপৰ ফাৰ্ষ্ট লুক