চিটাৰা ডেস্ক, 4 এপ্ৰিল: ভাৰতীয় মূলৰ আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে লাভ কৰিলে সন্মানীয় গ্ৰেমি বঁটা ৷ এ কলৰফুল ৱৰ্ল্ড শীৰ্ষক গীতটোৰ বাবে ফাল্গুনী শ্বাহক এই সন্মান জনোৱা হয় (Singers who got Grammy 2022) ৷ শিশু এলবাম শাখাত গীটতো সৰ্বশ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ৷
ফালু নামৰে জনাজাত ফাল্গুনী শ্বাহ ৷ মুম্বাইত জন্মগ্ৰহণ কৰা গায়িকা গীতিকাৰ ফাল্গুনী শ্বাহে বঁটা লাভ কৰি অভিভূত হৈ পৰে ৷ সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানত বঁটা লাভ কৰিবলৈ সক্ষম হয় তেওঁ (Grammy 2022 winners) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
গ্ৰেমি বঁটা বিতৰণী অনুষ্ঠানৰ পৰা নিজৰ ফটো শ্বেয়াৰ কৰি গায়িকা গৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰে ৷ বঁটা লাভ কৰা দিনটোৰ অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰিলে শিল্পী গৰাকীয়ে ৷
এ কলৰফুল ৱৰ্ল্ড শীৰ্ষক গীতটোত জড়িত প্ৰতিজন ব্যক্তিৰ হৈ বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল ফাল্গুনী শ্বাহ ৷