ETV Bharat / entertainment

Matthew Perry: ‘মই কি ক’বলৈ চেষ্টা কৰিছো বুজি পাইছেনে ?’ মেথিউ পেৰীৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 3:26 PM IST

ফ্ৰেণ্ডছৰ তাৰকা মেথিউ পেৰীৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ মৃত্যুৰ পূৰ্বে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰিছিল পোষ্টটো ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

'Do you understand what I'm trying to tell you?': Matthew Perry's last Instagram posts go viral after his demise
মেথিউ পেৰীৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্ট

চিটাৰা ডেস্ক, 29 অক্টোবৰ: ২৮ অক্টোবৰত অৰ্থাৎ শনিবাৰে লছ এঞ্জেলছৰ এটা এপাৰ্টমেন্টত মৃত্যুক সাৱটি লয় ফ্ৰেণ্ডছৰ অভিনেতা মেথিউ পেৰীয়ে । প্ৰাথমিক খবৰ অনুসৰি জাকুজী টাবত ডুব যোৱাৰ বাবেই তেওঁৰ মৃত্যু হৈছে । অৱশ্যে বিষয়টোৰ ওপৰত তদন্ত চলি আছে । ইফালে মেথিউৰ মৃত্যুৰ পিচত তেওঁৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ফ্ৰেণ্ডছত চেণ্ডলাৰ বিঙৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছিল, যিটো পোষ্ট আছিল জাকুজীৰ ।

ফ্ৰেণ্ডছৰ তাৰকাগৰাকীয়ে এখন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক পানীত নিশা উপভোগ কৰা দেখা গৈছিল । ফটোখনত তেওঁক জাকুজীত মূৰত হেডফোন লগাই উপভোগ কৰা দেখা গৈছে । ফটোখনত মেথিউক শান্তিৰে সংগীত উপভোগ কৰা দেখা গৈছে, যেন সংগীতৰ মাজত হেৰাই গৈছে অভিনেতাগৰাকী । মেথিউ পেৰীয়ে পোষ্টটো শ্বেয়াৰ কৰিছিল এটা কেপচনৰ সৈতে । তেওঁ লিখিছিল,‘‘ অঃ তেন্তে গৰম পানীত আপুনি ভাল অনুভৱ কৰিছে ! মই মেটমেন ।’’

ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, ‘‘মই কি ক’বলৈ চেষ্টা কৰিছো বুজি পাইছেনে ? - মই মেটমেন ৷’’ ইফালে অনুৰাগীসকলে কমেণ্ট ছেকচনলৈ গৈ তেওঁৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰে । এজন অনুৰাগীয়ে লিখিছে, "আপুনি পৃথিৱীখনক দিয়া প্ৰতিটো হাঁহি আৰু সকলো সুখৰ বাবে ধন্যবাদ । বিশ্বাস কৰিব পৰা নাই আপুনি নাই ।’’

আন এজনে লিখিছে,‘‘ আপোনাৰ হাস্যৰসে মোক জীৱনৰ কিছুমান কঠিন সময়ৰ পৰা উলিয়াই আনিলে । আপোনাৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰিম ।’’ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘তেওঁ এজন কিংবদন্তি আছিল, কি ক’ম নাজানো, মই কান্দিছোঁ ।’’

লগতে পঢ়ক: Matthew Parry passes away: এমি বঁটাৰ বাবে মনোনীত ফ্ৰেণ্ডছৰ তাৰকা মেথিউ পেৰীৰ ৰহস্যজনক মৃত্যু

লগতে পঢ়ক: Matthew Perry: মেথিউ পেৰীৰ মৃত্যুৰ সৈতে কি সংযোগ আছে শ্ৰীদেৱীৰ মৃত্যুৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.