লখিমপুৰ, 6 মাৰ্চঃ দলীয় টিকট লাভ কৰি শনিবাৰে লখিমপুৰত উপস্থিত হোৱা বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাক উষ্ম আদৰণি জনায় বিজেপি কৰ্মীয়ে ৷ পহুমৰাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মানৱ ডেকাক লখিমপুৰলৈ আদৰি আনে ১০ হেজাৰোধিক দলীয় কৰ্মীয়ে । দলীয় কৰ্মীৰ আদৰণি আৰু অভিনন্দন গ্ৰহণ কৰি প্ৰাৰ্থী ডেকাই সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নত মনোনিৱেশ কৰাৰ লগতে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে দলীয় নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে ।
উল্লেখ্য যে, ডেকাৰ এই আদৰণি পৰ্বই দুঘন্টাজোৰা ব্যাপক যান-জঁটৰ সৃষ্টি কৰে । এই আদৰণি অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যান বাহন ।
লগতে পঢ়কঃ 2016 পাচত এইবাৰো বিজেপিৰ প্ৰাৰ্থী তালিকাত দাদা ব্ৰিগেডৰ আধিপত্য