নলবাৰী, 9 অক্টোবৰ : উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে এক লাখ ভূমিহীন লোকক বিতৰণ কৰে ভূমি পট্টা। ঠিক একেদৰে নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগণতো ভূমি পট্টা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । কিন্তু ভূমি পট্টা লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ধৰ্মপুৰ সমষ্টিৰ খেলুৱা গাঁৱৰ 320 টা পৰিয়াল।
ইফালে 1975 চনতে প্ৰাক্তন মন্ত্ৰী ডঃ ভূমিধৰ বৰ্মনে ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতিৰে পৰিয়াল কেইটাক আশ্ৰয় দিছিল যদিও সুদীৰ্ঘ 45টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ পৰিয়াল কেইটা বঞ্চিত হৈ থাকিব লগীয়া হৈছে ভূমি পট্টা লাভৰ পৰা। ইখনৰ পিছত সিখন চৰকাৰ আহিল যদিও পৰিয়াল কেইটাই আজিলৈকে নাপালে ভূমি পট্টা। ইফালে গাঁও খনত সামগ্ৰিক ভাৱে বিশেষ উন্নয়ন হোৱা নাই বুলিও অভিযোগ কৰিছে ৰাইজে ।
উল্লেখযোগ্য যে,পূৰ্বৰ চৰকাৰে হওঁক বা বৰ্তমান বিজেপিৰ চৰকাৰে হওঁক সমষ্টিটোৰ পৰা এগৰাকী কৈ প্ৰভাৱশালী মন্ত্ৰী থকাৰ পিছতো এইদৰেই উপেক্ষিত হৈ ৰৈছে ভূমি পট্টাৰ পৰা। কিয় এইসকল মৎস্যজীৱি পৰিয়ালে নাপায় পট্টা । ইয়াক লৈ এতিয়া লাখটকীয়া প্ৰশ্ন ৰাইজৰ ।